নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্রই সাংস্কৃতিক–আধ্যাত্মিক জীৱন শক্তিশালী কৰিছে: মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ‘সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিকভাৱে অসমৰ সমাজ জীৱন শক্তিশালী কৰাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ বৰাক–ব্রহ্মপুত্র বসবাস কৰা ৰাজ্যৰ জনসাধাৰণৰ মাজত সমন্বয় সুদৃঢ় কৰাৰ লগতে কলাক্ষেত্রই বহু প্রতিভাসম্পন্ন শিল্পী সৃষ্টি কৰিছে৷’  শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ২৩সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে কলাক্ষেত্র চৌহদত অনুষ্ঠিত সভাত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷

উল্লেখ্য যে প্রায় এবছৰ বিৰতিৰ মূৰত কালিৰ প্রতিষ্ঠা দিৱস উদযাপনৰ কার্যসূচীৰ জৰিয়তে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র দর্শনার্থীৰ বাবে মুকলি কৰা হৈছে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে শংকৰদেৱ কলাক্ষেত্রৰ মাধ্যমেদি গুৰুজনাৰ সমন্বয় আৰু একতাৰ আদর্শ সুদৃঢ় কৰিবলৈ কাম কৰিব লাগিব৷ ৰাজ্যৰ ৩ কোটি ৩০ লাখ জনসাধাৰণৰ মাজতে কলাক্ষেত্রৰ গুৰুত্ব আৰু ভূমিকা সীমাবদ্ধ কৰি নাৰাখি বিশ্বত অসমীয়া জাতিক শক্তিশালীভাৱে প্রতিষ্ঠা কৰাত এই সাংস্কৃতিক প্রতিষ্ঠানে যাতে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে সেই লক্ষ্যৰে কাম কৰিব লাগিব৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র নির্মাণৰ বাবে মুখ্য ভূমিকা লোৱা তদানীন্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ লগতে এই অনুষ্ঠানটোৰ প্রতিষ্ঠা কালৰে পৰা জডিত বিশিষ্ট ব্যক্তিসকলৰ অৱদানৰ কথা উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ গুৰুজনাৰ অৱদানৰ বলতে অসমীয়া জাতীয়ে বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত বিশ্বত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী সোণোৱালে৷

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ২৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী সোণোৱালে কলাক্ষেত্র চৌহদত গুৱাহাটী উন্নয়ন বিভাগে সংস্থাপন কৰা ১৪টা হাইমাষ্ট লাইট উদ্বোধন কৰাৰ লগতে কলাক্ষেত্রৰ তথ্যসমৃদ্ধ এখন ‘তথ্য পুস্তিকা’ আৰু কলাক্ষেত্রৰ ৱেবছাইট, ফেচবুক পেজ আৰু টুইটাৰ একাউণ্ট মুকলি কৰে৷ অনুষ্ঠানত কলাক্ষেত্র সমাজৰ উপ–সভাপতি আংগুৰলতা ডেকাই আদৰণী ভাষণ প্রদান কৰা প্রতিষ্ঠা দিৱসৰ এই কার্যসূচীত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, সাংসদ কুইন ওজায়ো ভাষণ প্রদান কৰে৷ এই অনুষ্ঠানত বিধায়ক অতুল বৰা, সুমন হৰিপ্রিয়া, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰকে ধৰি কেইবাখনো সত্রৰ সত্রাধিকাৰ, ৰাজ্য চৰকাৰৰ নিগম–নিকায়ৰ অধ্যক্ষ–উপাধ্যক্ষৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে৷

You might also like