নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ পাঁচ প্ৰগতিশীল ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ছেপ্টেম্বৰঃ “বৰাকৰ সৰ্বাংগীণ উন্নতি অসমৰ প্ৰগতি” এই উদ্দেশ্য আগত ৰাখি তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকা ভ্ৰমণত আছে মন্ত্ৰী অতুল বৰা। মন্ত্ৰী বৰাই আজি হাইলাকান্দিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক তথা কল্যাণকামী আঁচনি সমূহৰ সফল ৰূপায়নৰ দ্বাৰা আকাংক্ষিত জিলা ৰূপে চিহ্নিত হাইলাকান্দি‌ৰ যাতে সৰ্বপ্ৰকাৰে উন্নয়ন সাধন হব পাৰে সেই সন্দৰ্ভত বৈঠকত প্ৰতিটো বিভাগে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ মন্ত্ৰী বৰাই বিশদভাৱে পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ পাঁচখন প্ৰগতিশীল ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিভিন্ন কল্যাণকামী আঁচনিৰ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ এই সপোন সাৰ্থক কৰাৰ বাবে প্ৰতিটো বিভাগৰ বিষয়া সকলে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিব লাগিব। চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে থকা সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি- শৃংখলা অতুত ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ এনাজৰী শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই। সীমান্তৱৰ্তী অঞ্চলত চৰকাৰী ভূমি বেদখল নোহোৱাৰ ওপৰতো চোকা দৃষ্টি ৰাখিবলৈ জিলা প্ৰশাসনক তেওঁ নিৰ্দেশ দিয়ে। মিজোৰামৰ সৈতে বানিজ্য তথা যাতায়াত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰী গৰাকীয়ে। বৈঠকত উপস্থিত থকা অসম চৰকাৰৰ ৩৪ টা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক অসম্পূৰ্ণ হৈ থকা আঁচনিসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়াৰ লগতে এই কল্যাণকামী আচঁনিসমূহৰ পৰা যাতে কোনো যোগ্য হিতাধিকাৰী বাদ নপৰে সেই ক্ষেত্ৰত সজাগ হ’বলৈকো আহ্বান জনায়। তেওঁ সকলোৰে বাবে সুস্বাস্হ্য আৰু গুনগত শিক্ষাৰ বিকাশৰ বাবে ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক আহ্বান জনায়। বৈঠকত হাইলাকান্দি বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, কাটলিচেৰা বিধানসভা সমষ্টিৰ বিধায়ক ছুজাম উদ্দিন লস্কৰ, জিলা আয়ুক্ত নিসৰ্গ হিৱৰেই অংশগ্ৰহণ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী বৰাই কালি কাছাৰ জিলাৰ উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰাৰ পাছত আজি হাইলাকান্দি জিলাৰ পাছত আবেলিৰ পৰা নিশালৈকে কৰিমগঞ্জ জিলাৰ উন্নয়নমূলক কাম-কাজৰ স্থিতিৰ পৰ্যালোচনা কৰে।

You might also like