নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগন্তুক ইংৰাজী নৱবর্ষ উপলক্ষে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নৱবর্ষই মানুহৰ সৃষ্টিশীল মনক সজীৱ কৰি দৃঢ়তাৰে আগুৱাই যোৱাৰ বাবে উৎসাহিত কৰে৷ বিভিন্ন ঘটনা–পৰিঘটনাৰ সাক্ষী হৈ সমগ্র বিশ্বৰ লগতে অসমবাসীয়েও ইংৰাজী নতুন বর্ষ এটাক আদৰিবলৈ সাজু হৈছে৷ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকেৰে পৰিপূর্ণ আমাৰ বর্ণাঢ়্য জীৱনধাৰাক আগুৱাই নিয়াৰ দিশত নতুন বছৰে এক নতুন চেতনা প্রদান কৰিব৷ আগন্তুক ইংৰাজী নতুন বর্ষটোৱে আমাৰ এই বর্ণাঢ়্য জীৱনধাৰাক আগুৱাই নিয়াৰ ক্ষেত্রত সকলোকে এক নতুন উদ্দীপনা প্রদান কৰিব আৰু আমাৰ সাতামপুৰুষীয়া সভ্যতা আৰু সংস্কৃতিক সমন্বয়ৰ বাটেৰে আগুৱাই নিয়াৰ ক্ষেত্রতো সকলোকে উদ্বুদ্ধ কৰিব৷ আমাৰ ৰাজ্যখনৰ এক গৰিমামণ্ডিত ঐতিহ্য আছে৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ সুপ্রাচীন পৰম্পৰা আৰু আচাৰ–নীতি আদিয়ে হৈছে আমাৰ বৈভৱ৷ এনে গৌৰৱময় ঐতিহ্য, পৰম্পৰা আৰু সম্প্রীতিৰ এনাজৰীডাল অধিক সমৃদ্ধ কৰাৰ লগতে ৰাজ্যখনৰ মহান মনীষীসকলৰ আদর্শৰে ৰাজ্যখনক উন্নতি আৰু প্রগতিৰ এক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্রত মনোনিৱেশ কৰিবলৈ নতুন বছৰটোৱে সকলোকে প্রেৰণা যোগাব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷
ইফালে ইংৰাজী নৱবর্ষ উপলক্ষে দল–সংগঠনৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রীয়ে অসমাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক শুভেচ্ছা বার্তাত পঞ্চায়ত আৰু গ্রামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰঞ্জিত কুমাৰ দাসে জাতি–ধর্ম–বর্ণ–সম্ নির্বিশেষে অসমৰ সকলো জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে আগন্তুক নতুন বছৰটোৱে সকলো জনসাধাৰণলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক৷ আনহাতে এক শুভেচ্ছা বার্তাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নতুন বর্ষত ৰাজ্যখনত সর্বত্র শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ কামনা কৰাৰ লগতে অসমৰ আর্থ–সামাজিক উন্নয়ন আৰু ৰাজনৈতিক স্থিৰতা স্থাপনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰখনে আগবঢ়োৱা বলিষ্ঠ পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ প্রদেশ কংগ্রেছেও ৰাজ্যবাসীলৈ নৱবর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক বর্ষত সম্প্রীতি অটুট ৰাখি ভাতৃত্ববোধৰ গৰিমা বিকশিত কৰি শান্তি আৰু সামাজিক স্থিৰতা বাহাল থাকিব বুলি আশা প্রকাশ কৰে৷
এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে নতুন বর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে নৱবর্ষই সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি, সম্প্রীতি আৰু ভাতৃত্ববোধ৷ অগপ সভাপতি তথা মন্ত্রী অতুল বৰা আৰু কার্যকৰী সভাপতি, মন্ত্রী কেশৱ মহন্তয়ো ৰাজ্যবাসীলৈ নৱবর্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক বার্তাত অগপৰ নেতা দুগৰাকীয়ে নৱবর্ষই সকলোৰে মাজলৈ শান্তি–সম্প্রীতি, ভাতৃত্ববোধ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰাৰ লগতে নতুন বর্ষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনলৈ অলেখ আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও আশা প্রকাশ কৰে৷ বি টি আৰপ্রধান প্রমোদ বড়োৱেও আজি নতুন বর্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এক বার্তাত বিটিচিলৈ শান্তি কঢ়িয়াই অনাৰ স্বার্থত সকলোকে সশস্ত্র সংগ্রাম এৰি মূলসুঁতিলৈ আহিবলৈ আহ্বান জনায়৷ ইউ পি পি এলৰ সভাপতিজনে শুভেচ্ছা বার্তাত ইয়াকো উল্লেখ কৰে যে বর্তমান বি টি আৰত যি শান্তি প্রতিষ্ঠা হৈছে, সেই শান্তি অহা বর্ষতো যাতে অটুট থাকে, তাৰ বাবে বি টি আৰৰ লগতে ৰাজ্যৰ সকলো জাতি–জনগোষ্ঠীক একতাৰে কাম কৰিব লাগিব৷