নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রযান-৩ৰ অৱতৰণ আজাৰাত সপত্নীক প্ৰত্যক্ষ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৩ আগষ্টঃ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰে চন্দ্ৰযান-৩ৰ অৱতৰণৰ বিৰল মুহূর্ত প্রত্যক্ষ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ নিকটৱর্তী আজাৰাৰ ৰাজধৰ বৰা হাইস্কুলত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পত্নী ৰিণিকি ভূঞা শর্মাসহ উপস্থিত হৈ চন্দ্রৰ বুকুত চন্দ্রযান-৩ অৱতৰণৰ বিৰল মুহূর্তটো বিদ্যালয়খনৰ ছাত্র–ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীৰ সৈতে প্রত্যক্ষ কৰে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষা বিভাগে তেওঁক জনোৱা অনুসৰি আজি ৰাজ্যখনৰ ৩১,৫০০খন বিদ্যালয়ত চন্দ্রযান-৩ অৱতৰণ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ১৪ লাখৰো অধিক ছাত্র–ছাত্রীয়ে সেই বিৰল মুহূর্তৰ পোনপটীয়া সম্প্রচাৰ প্রত্যক্ষ কৰিব পাৰিছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে চন্দ্রত চন্দ্রযান–৩ৰ ছফট অৱতৰণৰ বিৰল মুহূর্ত ছাত্র–ছাত্রীসকলক প্রত্যক্ষ কৰোৱাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে কালি এটা নির্দেশ দিয়ে৷ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিগৰাকী বিদ্যালয় পৰিদর্শকলৈ পত্র প্রেৰণ কৰি আজি সন্ধিয়া ৫.১৫ বজাৰ পৰা ৬.১৫ বজালৈ হ’বলগীয়া চন্দ্রযান–৩ অৱতৰণৰ পোনপটীয়া সম্প্রচাৰৰ ঐতিহাসিক মুহূর্ত ছাত্র–ছাত্রীসকলে যাতে প্রত্যক্ষ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই নির্দেশনাৰ পিছতেই চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়ত ছাত্র–ছাত্রীসকলক সেই বিৰল মুহূর্তৰ সাক্ষী হোৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰে৷ আনকি এই কার্যসূচী সফল কৰাৰ বাবে আজি সন্ধিয়া ৬ বজালৈ বিদ্যালয় খোলা ৰখাৰ বাবেও নির্দেশনা জাৰি কৰিছিল৷

You might also like