নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিন্ন কাৰ্যসূচীৰে তিনিচুকীয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ১৩ মে’ : কালি নিশা তিনিচুকীয়া বাৰেকুৰিৰ পুৰণি মটাপুং গাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পুৰণি মটাপুংস্থিত অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণৰ বাসগৃহত নিশা প্ৰায় ১০.৫০ বজাত উপস্থিত হৈ নিশাৰ আহাৰ গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীক মৰাণ জনগোষ্ঠী আৰু স্থানীয় কেইবাটাও দল-সংগঠনে সাক্ষাৎ কৰাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ শেষত অনানুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ প্ৰতিটো নামঘৰৰ মুৰব্বী ভকতসকলক একোখনকৈ মৰাণ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে আৰু কিছু মতবিনিময় কৰে। সমান্তৰালভাৱে আশাকৰ্মী, অংগনবাড়ী কৰ্মীকে আদি কৰি বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মতবিনিময় কৰে ৷ পৰৱৰ্তী সময়ত মাজনিশা প্ৰায় ১.১০ বজাত  সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোঁট বন্ধন আৰু কৰ্ণাটকৰ নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য কৰে আৰু কয় যে “মই ইমান ৰাজনীতিত এতিয়া সোমোৱা নাই, বেছিকৈ ৰাজনীতিৰ কথা চিন্তা কৰিলে কাম কৰিব নোৱাৰি৷ মই কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা স্থানসমূহত ঠিকেই আছে কিন্তু বাকীসকলত ইমান নাজানো ৷ উত্তৰ পূৰ্বাঞ্চলত হোৱা হ’লে ক’ব পাৰিলোঁ হয় ৷” তাৰ পাছতে তিনিচুকীয়াত ১৫, ১৬ আৰু ১৭ মে’ত অনুষ্ঠিত হ’ব লগা জিলা উপায়ুক্তৰ সন্মিলনৰ সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যত এক আমোল পৰিৱৰ্তন হ’বলৈ গৈ আছে বুলি উল্লেখ কৰে৷ জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ যোৱাৰ সলনি নিজৰ সমষ্টিতে যাতে এগৰাকী লোকে জিলা উপায়ুক্ত কায্যালয়ৰ সকলো কাম কৰিব পাৰে তাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, বিজেপিৰ ৰাজ্যক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰিদিৱ মৰাণৰ লগতে কেইবাগৰাকীও বিশেষ ব্যক্তি৷
প্ৰেৰক বিবেক বড়া
You might also like