নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী : বিজেপিৰ “গাঁও চলো” অভিযানৰ অংশ হিচাপে আজি সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ১৯১৯ চনতে প্ৰতিষ্ঠা হোৱা ৰজাপুখুৰী শ্যাম গাঁৱত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ মুঠ ৯৩টা বৌদ্ধ ধৰ্মাৱলম্বী পৰিয়ালৰ ৪১৮গৰাকী লোকে বসবাস কৰা শ্যাম গাঁওখনৰ বাসিন্দা ভাস্কৰ শ্যাম গোঁহাইৰ বাসগৃহত নিশা কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ আহ্বান মৰ্মে তৃণমূল পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ প্ৰসাৰৰ মূল্যায়নৰ হেতু ‘গাঁও চলো অভিযান’ৰ অংশস্বৰূপে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সৰুপথাৰৰ ৰজাপুখুৰী শ্যাম গাৱলৈ আহে মুখ্যমন্ত্রী৷ এই পদক্ষেপে গাঁওবাসীসকলৰ সৈতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে জনসাধাৰণৰ সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰাত নতুন শক্তি প্ৰদান কৰিব৷ দিনৰ প্ৰায় ২ বজাত হেলিকপ্টাৰযোগে অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰে অস্থায়ী হেলিপেডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক এবাৰ ওচৰৰ পৰা চাবলৈ হাজাৰ লোক সমবেত হয়। উপস্থিত ৰাইজৰ ওচৰলৈ গৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মাত লগায়। ইয়াৰ পিচত বিশাল বাইক ৰেলীৰে ৰজাপুখুৰী গাঁৱলৈ বিজেপি কৰ্মকৰ্তাই আদৰি আনে মুখ্যমন্ত্ৰীগৰাকীক ৷ মুখ্যমন্ত্রী ড০ শৰ্মাই বৌদ্ধ বিহাৰ প্ৰাংগনত এক সভাত অংশগ্রহণ কৰে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মুখ্যমন্ত্রী ড০ শৰ্মাক সম্বৰ্দ্ধনা জনায়। ইয়াৰ লগতে স্থানীয় গাওঁবাসীয়ে মুখ্যমন্ত্রী আৰু বিধায়ক বিশ্বজিৎ ফুকনক সম্বৰ্দ্ধনা জনায়। সভাত আদৰণি ভাষণ দিয়ে বিধায়ক বিশ্বজিৎ ফুকনে। ইয়াৰ পিচত মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাইজক সম্বোধন কৰি ভাষণ দিয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই ৰজাপুখুৰী শ্যাম গাওঁ আৰু তুৰুং গাৱৰ ইতিহাস সম্পর্কে বৰ্ণনা কৰে লগতে গাওঁ খনত উপস্থিত হৈ আপ্লুত হোৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰজাপুখুৰী বৌদ্ধবিহাৰ প্ৰাংগণত সমবেত হোৱা গাঁওবাসী, জ্যেষ্ঠ নাগৰিক, চৰকাৰৰ বিভিণ্ণ জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ লগতে আহোম, চুতীয়া, বড়ো, গোৰ্খা আৰু আদিবাসী ছাত্ৰ সংগঠন স্থানীয় নেতৃত্বৰ সৈতে মত বিনিময় কৰে৷ বৌদ্ধ বিহাৰত এক প্ৰাৰ্থনা সভাত অংশগ্রহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে। গাঁওবাসীয়ে ফুংফাই নিৰ্মাণ কৰিছে। টাই জনগোষ্ঠীৰ একক সংস্কৃতি ফুংফাই অৰ্থাৎ আকাশ বন্তি। এক উৎসৱমুখৰ পৰিবেশত এই ফুংফাই উৰুৱা হয়। মুখ্যমন্ত্রী ড০ শৰ্মাৰ আগমনক কেন্দ্র কৰি ৰজাপুখুৰী শ্যাম গাৱত এক উৎসৱমুখৰ পৰিবেশ। সেয়েহে মুখ্যমন্ত্রী ড০ শৰ্মা আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ আগমনত উৎসাহিত হৈ মুখ্যমন্ত্রীৰ উপস্থিতিত সন্ধীয়া আকাশ লৈ ফুংফাই উৰুৱা হয়। ইয়াৰোপৰি গাওঁ বাসীয়ে মুখ্যমন্ত্রী ড০ শৰ্মা আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰি ১০০০ গছি মম প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰে। বৌদ্ধ বিহাৰৰ প্ৰসংগনৰ পৰা পদব্ৰজে উপস্থিত হয় গাঁওখনৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা হিতাধিকাৰী জ্যোতি শ্যামৰ বাসগৃহত। জ্যোতি শ্যামৰ ঘৰ পৰিদৰ্শন কৰি পৰিয়ালৰ আন সদস্যসকলৰ লগত মতবিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ জ্যোতি শ্যামৰ গৃহত চাহৰ জুতি লয় মুখ্যমন্ত্রী ড০ শৰ্মাই। ইয়াৰ পিচত মুখ্যমন্ত্রী ড০ শৰ্মা নিশা প্ৰবাস কৰিবলৈ গাঁওখনৰ ভাস্কৰ শ্যামৰ চাংঘৰত উপস্থিত হয়। কাইলৈ যাত্ৰ পথত গাঁওখনৰ অংচা জিলদৈ হাইস্কুলৰ ছাত্র ছাত্ৰীৰ সৈতে মতবিনিময় কৰিব মুখ্যমন্ত্রীয়ে। ইয়াৰ পিচত বৰপথাৰ অস্থায়ী হেলিপেডত যাত্রা পথত বৰপথাত নৱ নিৰ্মিত বিজেপিৰ কাৰ্যালয় গৃহ উদ্বোধন কৰিব।
প্ৰেৰক মাখমুদ আলী