নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ বাৰ্তাৰে বৰাকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : পৃথক বৰাকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ আপত্তি নাই। কোনো ধৰণৰ যুক্তি তৰ্কত নোযোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কয়, বৰাকৰ সকলোৱে যদি বিচাৰে তেন্তে পৃথক বৰাক হ’ব। এই ক্ষেত্ৰত ব্যক্তিগতভাবে পৃথক বৰাকৰ প্ৰতি তেওঁৰ কোনো আপত্তি নাই। কিন্তু বৰাকবাসীয়ে একেলগে সকলোৱে ক’ব লাগিব। কিন্তু মুখ্যমন্ত্ৰী হিচাপে মই সকলোৰে লগত থাকিব বিচাৰো। কিন্তু বৰাকৰ ৰাইজ একেলগে পৃথক হ’ব বিচাৰিলে পৃথক বৰাক হ’ব। আজি শিলচৰত এখন জনসভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ মুখামুখি হৈ এনেদৰে কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনঃৰ্নিদ্ধাৰণ লৈ বৰাক উপত্যকাৰ ৰাইজ ক্ষুব্ধ বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ক’ত ক্ষুব্ধ দেখা পোৱা গৈছে ! বৰাক উপত্যকাৰ দুখন আসন হ্ৰাস কৰা হৈছে যদিও অসমত আসনৰ সংখ্যা একেই থাকিল। তেন্তে সমস্যা ক’ত? তেওঁৰ মতে, যিমানেই আসন নাথাকক কিয়, টকাৰ কোনো সমস্যা নহয়।  উন্নয়ন একেই হ’ব।তেওঁৰ মতে, বৰাকৰ সকলোৱে এই সীমা নিৰ্ধাৰণক লৈ সুখী।মাত্ৰ কিছুমান বাওঁপন্থীহে সুখী নাছিল। বাওঁপন্থী আৰু কংগ্ৰেছীসকল সুখী নহ’ব, সেয়া স্বাভাৱিক বুলি উল্লেখ কৰে তেওঁ। এইদিনা  শিলচৰ ডি এছ এ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজহুৱা সভাত ক্ষুব্ধ ৰাইজৰ দাবী মানি দুটা স্থানত আৰু দুখন দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি শিলচৰবাসীৰ দাবী অনুযায়ী উৰণ সেতুৰ দাবী তেওঁৰ চৰকাৰেও চেষ্টা কৰি আছে বুলি কয়। এটা বা দুটা নহয় তিনিটা উৰণ সেতুৰ কাৰিকৰী সম্ভাৱনীয়তা অন্বেষণ কৰা হৈছে বুলি ঘোষণা কৰে তেওঁ। ৰামনগৰ-ট্ৰাংক ৰোড ২ কিলোমিটাৰ ৮০০ মি উৰণ সেতু নিৰ্মাণৰ কাম কৰা হ’ব।  তাৰ বাবে খৰচ হ’ব ২৮৫ কোটি।  দ্বিতীয়টো হ’ব কেপিটেল পইণ্টৰ পৰা ৰাঙ্গিৰখাৰী। ইয়াৰ বাহিৰেও শিলচৰ-কালাইন পথত ছিংকিং জ’ন নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়। তেওঁ কয়,বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদানেৰে তিনিখনকৈ দলং আনুষ্ঠানিকভাৱে মুকলি কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গিত কৰা হৈছে। বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হ’ব। আজি কাছাৰত ৩খনকৈ দলং উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। বৰাক নৈৰ ওপৰত ২খন আৰু সোণাই নৈৰ ওপৰত ১খন দলং কৰিব উদ্বোধন কৰে। সোণাইত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে। শিলচৰত বীৰ লাচিতৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। পিছত শিলচৰ ডি এছ এত অনুষ্ঠিত পঞ্চম জল জীৱন মিছন সম্মিলনীৰ জনসভাত  অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, প্ৰায় ৫৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বাদ্ৰীঘাট দলং, প্ৰায় ১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ডুংৰিপাৰ দলং আৰু প্ৰায় ৮৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ইটখলাঘাট দলং বৰাক উপত্যকাৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ। বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হ’ব। শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই প্রথমে পুৱা বাদ্রিপাৰ দলং উদ্বোধন কৰে৷  শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা মুখ্যমন্ত্ৰীয়ে পোনে পোনে শিলচৰ-ফুলেৰতল পথেৰে বাদ্ৰীঘাটলৈ যায়।  য’ত ২০১৩ চনৰ মুখ্যমন্ত্ৰীৰ বৰাক উপত্যকা বিশেষ পেকেজৰ অধীনত বৰাক নদীৰ ওপৰত ৭/৪ নং দলঙৰ বাবে এপ্ৰ’চ আৰু প্ৰটেকচন কামকে ধৰি দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। তাৰ পিছত ড° শৰ্মাই পুনৰ ডুংৰিপাৰ  দলং উদ্বোধন কৰে। সোণাই নদীৰ ওপৰেৰে  এই সঠিক দলং নিৰ্মাণৰ বাবে ১৪ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ পিছত তেওঁ ভৰাখাইলৈ গৈ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। পিছত শিলকুৰিত কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ইটখলাঘাটত ৮৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এখন নতুন  দলং উদ্বোধন কৰি পুনৰ চাৰ্কিট হাউচলৈ উভতি আহে। ইয়াৰ পিছত শিলচৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ অন্তিম কাৰ্যসূচী সম্পন্ন কৰে। তাৰ পিছত মুখ্যমন্ত্ৰী শিলচৰ ডি এছ এ খেলপথাৰত জল জীৱন সন্মিলনৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। এই ৰাজহুৱা সভাত মুখ্যমন্ত্রীয়ে কেইবাটাও প্রকল্পৰ কথা ঘোষণা কৰি কয় যে, কাছাৰ জিলাত আৰু তিনিখন দলং আৰু তিনিখন উৰণীয়া সেতু নির্মাণ কৰা হ’ব, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আৰু ৫০০খন বিচনা বৃদ্ধি কৰা হ’ব আৰু চিকিৎসা মহাবিদ্যালয়খনত কেন্সাৰ চিকিৎসালয় এখনো নির্মাণ কৰা হ’ব৷  অহা এসপ্তাহৰ ভিতৰত গুৰুচৰণ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব।  এইচ এছ জিৰ অধীনত মহিলাসকলক ১০ হাজাৰ টকা দিয়া হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে ৭৫ টা জলজীৱন মিছনৰ প্রকল্প উদ্বোধন কৰে আৰু পাছত মুখ্যমন্ত্রীয়ে হাইলাকান্দিলৈ ৰাওনা হয়৷ ইপিনে, হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন ঘটে। মুখ্যমন্ত্ৰীক চাবলৈ হেতাওপৰা লাগে ৰাইজৰ। আৰক্ষীৰ বেৰিকেড ভাংগি ওলাই আহে ৰাইজ। ৰাইজক নিয়ন্ত্ৰণ কৰাৰ বাবে বল প্ৰয়োগ কৰে আৰক্ষীয়ে। ৰাইজৰ হেতা–ওপৰাত ৫গৰাকী মহিলাসহ কেইবাগৰাকী লোক আহত হৈছে বুলি জানিব পৰা যায়। এইদিনা  হাইলাকান্দিত মুখ্যমন্ত্ৰী হাইলাকান্দিৰ এছ এছ কলেজত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে এক জনসভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কৃষ্ণেন্দু পাল প্ৰমুখ্যে উপস্থিত আছিল।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like