🎯জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১ মে’ : কোকৰাঝাৰ জিলাৰ অধিন থুলুংগাপুৰিত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু দিবস পালন এবছুৰ উদ্যোগত। উক্ত অনুষ্ঠানত উপস্থিত হৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচিয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ভাৰত ৰত্ন সন্মানৰ প্ৰস্তাৱ প্ৰেৰণ কৰিলে দিল্লীলৈ প্ৰেৰণ কৰা হব বুলি মন্তব্য আগবঢ়ায় । ইপিনে দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰতো আজি ১নং কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি অৰুণোদয় আঁচনি,লাখপতি বাইদেউ আদিৰ লগতে আগন্তুক ৩ মাহৰ ভিতৰত ৰেচন কাৰ্ড থকা সকলো হিতাধীকাৰিকে অৰুণোদয় আঁচনি প্ৰদান কৰিব । নিৰ্বাচন শেষ হোৱাৰ লগে লগে আকৌ ৫০ হেজাৰ চাকৰি দিব আৰু নিবুনুৱা যুবক যুবতি সকলোৰ বাবে ২ লাখ টকাকৈ আৰ্থিক ঋণ প্ৰদান কৰিব যদিও এক লাখ টকাহে ঋণ পৰিশোধ কৰিব লাগিব বুলি মন্তব্য আগ বঢ়ায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাস,ইউ জি ব্ৰহ্ম, অশোক সিংহল, বিটিআৰ চীফ প্ৰমোদ বড়ো, কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি কবিতা বসুমতাৰী, বিটিআৰৰ ই এম অৰূপ কুমাৰ দেৰ লগতে অইন অইন বিশিষ্ট ব্যক্তিসকল আৰু ৰাইজসকল।
প্ৰেৰক কৃষ্ণ বৰ্মন