নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বিকাশৰ জয়যাত্রা-কর্মযজ্ঞ আৰম্ভ হৈছে : মুখ্যমন্ত্ৰী

🟢ৰংঘৰৰ সৌন্দর্যবৰ্ধন প্রকল্পৰ ভূমিপূজন

🟢আহোম ৰাজত্ব অসমৰ গৌৰৱোজ্জ্বল ইতিহাস

🟢কোনেও কল্পনা নকৰা কাম আজি অসমত সম্ভৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আহোম সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্যকলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্দ্ধন প্রকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্রহণ কৰে৷ উল্লেখ্য যে ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই প্রকল্পটিৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৬০০ বছৰীয়া আহোম ৰাজত্বকাল আছিল অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এক অনন্য অধ্যায়৷ এই অধ্যায়ৰ এক বিশিষ্ট স্থান ৰংপুৰে অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বর্গদেউ ৰুদ্রসিংহই গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰিত কৰি ৰংপুৰ নগৰত প্রতিষ্ঠা কৰিছিল আৰু স্বর্গদেউ ৰুদ্রসিংহৰ পিছত স্বর্গদেউ শিৱসিংহ, স্বর্গদেউ প্রমত্ত সিংহ, স্বর্গদেউ ৰাজেশ্বৰ সিংহ, স্বর্গদেউ লক্ষ্মীসিংহ আৰু স্বর্গদেউ গৌৰীনাথ সিংহই ৰংপুৰৰ পৰাই ৰাজ্য শাসন কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰংপুৰত আহোম ৰাজ্যত ৰাজধানী স্থাপন কৰা স্বর্গদেউ ৰুদ্রসিংহৰ দিনত অসমীয়া স্থাপত্য শিল্পই নতুন ৰূপ লাভ কৰিছিল৷ ড০ শর্মাই লগতে কয় যে স্বর্গদেউ ৰুদ্রসিংহই ৰাজপ্রাসাদ আৰু মন্দিৰ নির্মাণ কৰিবলৈ কোচবিহাৰ আৰু বংগৰ পৰা কাৰিকৰ অনাইছিল৷ স্বর্গদেউ ৰুদ্রসিংহই নির্মাণ কৰা দৌল-পুখুৰী-আলিসমূহ ৰংপুৰ নগৰৰ ঐতিহ্যত এক নতুন মাত্রা সংযোজন কৰিছিল৷ স্বর্গদেউ ৰুদ্রসিংহই ৰংঘৰ সাজি কেৱল স্থাপত্যই নহয়, অসমীয়া শিল্প কলা, ক্রীড়াৰ দিশত নতুন আয়তন সংযোজন কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰংপুৰত ৰাজধানী থকাৰ সময়ত স্বর্গদেউ ৰুদ্রসিংহৰ দিনৰে পৰা ৰূপহী পথাৰত হাতী যুঁজ, মহ যুঁজ, কুকুৰা যুঁজ আদি নানান খেল ধেমালি হৈ আহিছে৷ এনে ঐতিহ্যমণ্ডিত ৰংপুৰক আধুনিক যুগৰ লগত সংমিশ্রণ কৰি এক সৌন্দর্যবর্দ্ধন, পর্যটকৰ আকর্ষণৰ কেন্দ্র স্থল হিচাপে পৰিগণিত কৰাৰ প্রয়োজনীয়তা আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিৱসাগৰৰ নির্বাচিত প্রতিনিধি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰামর্শৰে এই ৰংঘৰ প্রকল্পটোক নতুন ৰূপ দিয়া হৈছে৷ প্রধানমন্ত্রী মোদীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত কম সময়ৰ ভিতৰত ইয়াক ভূমি তললৈ অনাটো সম্ভৱ হৈছে বুলিও ড০ শর্মাই কয়৷ এই ১৪০ কোটি টকাৰ প্রকল্প ২০২৬ চনৰ আগতেই সম্পূর্ণ কৰি শিৱসাগৰৰ ৰাইজক উপহাৰ দিয়া হব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ শিৱসাগৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে আৰু খুব কম সময়ৰ ভিতৰত এই বিশ্ববিদ্যালয়খনৰ পূর্ণ পর্যায়ত কাম আৰম্ভ হব৷ ড০ শর্মাই কয় যে শিৱসাগৰৰ আর্থসামাজিক তথা সমগ্র জিলাখনৰে বিকাশৰ বাবে প্রয়াস চলোৱাৰ সময় আহি পৰিছে৷ ডিব্রগড়, তিনিচুকীয়া, যোৰহাট, চৰাইদেউত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পিছত অহা মাহৰ পৰা শিৱসাগৰতো চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম আৰম্ভ কৰা হব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ ড০ শর্মাই লগতে কয় যে শিৱসাগৰৰ পৰিবহণ, বাটপথৰ উন্নয়ন সাধনৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ লৈ আহিছে আৰু অহা কেইদিনমানৰ ভিতৰতে ১৮৭ কোটি টকা ব্যয়সাপেক্ষে শিৱসাগৰৰ ফেৰী ঘাট, দিখৌমুখৰ পৰা নাজিৰা টাউন তিনিআলিলৈকে এই পথটো নতুন ৰূপত নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ শিৱসাগৰ জিলাৰ প্রাকৃতিক সৌন্দর্যৰ লগত খাপ খোৱাকৈ আন কেইবাটাও পদক্ষেপ হাতত লোৱা হৈছে বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে শিৱসাগৰৰ চহৰত থকা কাৰাগাৰখন স্থানান্তৰিত কৰি এক আধুনিক উদ্যান আৰু ঐতিহ্যৰ ক্ষেত্রলৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি শিৱসাগৰত বিকাশৰ এক জয়যাত্রা, বিকাশৰ এক নতুন কর্মযজ্ঞ আৰম্ভ হৈছে৷ শিৱসাগৰ পর্যটনৰ এক কেন্দ্রবিন্দু বুলিও মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ ড০ শর্মাই লগতে কয় যে শিৱসাগৰৰ আৱর্ত্ত ভৱন পর্যটকক আকর্ষণ কৰিব পৰাকৈ গঢ়ি তোলাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্রলৈ ৰূপান্তৰ হোৱাৰ লগে লগে ঐতিহ্যমণ্ডিত অবিভক্ত শিৱসাগৰ জিলাই এক নতুন গতিত আগবাঢ়িব বুলিও তেওঁ কয়৷ যি ঠাইত বিকাশৰ আন্দোলন চলে সেই ঠাইতে বিকাশৰ গংগা প্রবাহিত হয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা তিনিটা বছৰত ৰাজ্যখনে অভূতপূর্ব উন্নয়নৰ পথ দেখিছে৷ ড০ শর্মাই কয় যে অসমৰ প্রতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় হব, সেয়া কোনেও কল্পনা কৰা নাছিল৷ যোৰহাটৰ পৰা মাজুলীলৈকে, মাজুলীৰ পৰা লখিমপুৰলৈ দলং নির্মাণ, এটা বছৰতে ধলা-শদিয়া, বগীনদীৰ ওপৰত দলঙৰ কামো সম্পূর্ণ হব, সেই কথাও কোনেও কল্পনা কৰা নাছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ তেওঁ কয় যে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈর্ঘ্যৰ উৰণ সেতু হব তেনে দিশতো কল্পনা কৰিব পৰা নাছিল৷ ভাষণ প্রসঙ্গত মুখ্যমন্ত্রী ড০ শর্মাই নুমলীগড়ৰ পৰা গহপুৰলৈ ব্রহ্মপুত্ৰৰ মাজেৰে নির্মাণ কৰিবলগীয়া সুৰংগ, কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং নির্মাণ আদিৰ বিষয়েও ভাষণ প্রসঙ্গত উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ মাজত এচাম ব্যক্তি আছিল যি সকলে এই কথা বিশ্বাস কৰোৱাইছিল যে অসমক শোষণ কৰি অহা হৈছে৷ কিন্তু এই কথা কোনেও বিশ্বাস কৰোৱা নাছিল যে অসমে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হব পাৰে৷ ড০ শর্মাই লগতে কয় যে এখন আত্মবিশ্বাসী অসমক সমগ্র ভাৰতবর্ষই সমর্থন কৰিব সেই কথাও কোনেও ভাবিব পৰা নাছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে প্রধানমন্ত্রী মোদীয়ে চৰাইদেউক ভাৰতৰ পৰা বিশ্বঐতিহ্যৰ ক্ষেত্রৰ বাবে একমাত্র মনোনয়ন হিচাপে প্রেৰণ কৰাৰ সিদ্ধান্ত লৈছিল৷ অসমৰ শৌর্য-বীর্যৰ প্রতীক লাচিত বৰফুকনৰ গ্রন্থ ভাৰতবর্ষৰ ২৬টা ভাষাতো ৰূপান্তৰ হব পাৰে সেই কথাও কোনেও কল্পনা কৰা নাছিল৷ যোৱা তিনিটা বছৰত আন্দোলন বিবর্জিত পৰিৱেশে অসমক এক নতুন দিগন্তলৈ লৈ গল বুলিও ড০ শর্মাই মন্তব্য কৰে৷ প্রতিখন কেবিনেট বৈঠকৰ পিছতে ৩০০-৪০০ কোটি টকাৰ প্রকল্পৰ কথা ঘোষণা কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এটা বছৰতে ৰংঘৰৰ প্রকল্প হব, তাই-আহোম মিউজিয়ামৰ কাম হব সেই কথাও কোনেও কল্পনা কৰা নাছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে লোকসভা নির্বাচনৰ পিছত শিৱসাগৰত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হব৷ অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেগু, যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্রশান্ত ফুকন, প্রদীপ হাজৰিকা, সুশান্ত বৰগোহাঁই, ধর্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈ, অখিল গগৈ, ভুবন গাম, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like