👉বিশ্ববিদ্যালয় ৰাজ্যৰ উত্থানত বৰঙণি যোগাব পৰা জ্ঞান মন্দিৰলৈ ৰূপান্তৰিত হব লাগিব
👉ভৱিষ্যতৰ ২৫ বছৰৰ পৃথিৱীখনৰ কল্পনা কৰি বিশ্ববিদ্যালয়ে পাঠ্যক্রম প্রস্তুত কৰিব লাগিব
বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ দেশৰ উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ উপস্থিতিত আজি কটন বিশ্ববিদ্যালয়ত শিক্ষাগুৰু আৰু ছাত্র–ছাত্রীসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশ গ্রহণ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বে কটন কলেজ আৰু বর্তমানে কটন বিশ্ববিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠানখন অসমৰ শিক্ষাজগতৰ বাটকটীয়া তথা ৰাজ্যৰ উচ্চ শিক্ষাৰ নৱ জাগৰণৰ কেন্দ্র হিচাপে পৰিগণিত হৈছে৷ কটন বিশ্ববিদ্যলয়ত মত–বিনিময় অনুষ্ঠানত উপস্থিত থকাৰ বাবে উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ এই ভ্রমণে যুৱক–যুৱতী আৰু ৰাজ্যৰ শৈক্ষিক সৱলীকৰণৰ দিশত উপ–ৰাষ্ট্রপতিগৰাকী থকা দায়বদ্ধতাকে সুচাইছে৷ মুখ্যমন্ত্রীয়ে কয় যে এই শিক্ষানুষ্ঠানখনে এশ বছৰতকৈয়ো অধিক সময় ধৰি অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্রসাৰৰ দিশত গুৰুত্বপূর্ণ অৰিহণা আগববাই আহিছে৷ শিক্ষা প্রতিষ্ঠানখনৰ বহু স্নাতকে অর্থনীতি, বিজ্ঞান আৰু প্রযুক্তি, সাহিত্য, সামাজিক কর্ম আৰু ৰাজহুৱা জীৱনত উল্লেখযোগ্য অৰিহণা যোগাইছে বুলিও তেওঁ কয়৷ এই শিক্ষা প্রতিষ্ঠানখনৰ সৈতে নিজেও জডিত থকাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁ নিজে অধ্যয়ন কৰি থকাৰ সময়ত তদানীন্তন ৰাষ্ট্রপতি শংকৰ দয়াল শর্মাক এই শিক্ষা প্রতিষ্ঠানখনলৈ নিমন্ত্রণ কৰাৰ সৌভাগ্য হৈছিল৷ কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু বিভিন্ন সাংসৃক্তিক, বৌদ্ধিক, ক্রীড়াৰ বিকাশে এই শিক্ষানুষ্ঠানখনক এক নতুন দিগন্তলৈ লৈ যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ অমৃত কালৰ পোষকতা কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়সমূহ লাহে লাহে শৈক্ষিক উত্থানৰ এক জীৱন্ত সাক্ষী আৰু এই উত্থানক বৰঙণি যোগাব পৰা জ্ঞান মন্দিৰলৈ ৰূপান্তৰিত কৰিব লাগিব৷ অসমৰ বিশ্ববিদ্যালয়সমূহ নতুন দিনৰ যি পাঠ্যক্রম আছে সেই পাঠ্যক্রমৰ চর্চা হব লাগিব৷ কেনেকৈ ভাৰতৰ আন উন্নত ৰাজ্যসমূহৰ বিশ্ববিদ্যালয়সমূহ লগত প্রতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তাৰ বিষয়ে চিন্তা–চর্চা হব লাগে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্রমৰ লগত বর্তমানৰ পৃথিৱীৰ জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰসমূহ কেনেকৈ শ্রেণীকোঠাৰ এক অংশ হিচাপে লব পৰা যায় তাৰ বিষয়েও চিন্তা–চর্চা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ কেবল যদি পৰম্পৰাগত শিক্ষাতে আৱদ্ধ হৈ থাকিবলগীয়া হয়, তেতিয়া নিৱনুৱা হৈ থাকিবলগীয়া হয় বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ভাৰতবর্ষৰ অগ্রণী ৰাজ্যৰ আধুনিক বিশ্ববিদ্যালয়ত আধুনিক শিক্ষা আৰম্ভ হৈছে৷ সেই বিশ্ববিদ্যালয়সমূহ কোৱাণ্ঢাম কম্পিউটিং, বিগডাটা এনালাইচিছ, ৰবটিকছ আদি বিষয়সমূহৰ আলোচনা আৰম্ভ হৈছে৷ উদ্যোগ–4.0 যি আলোচনা হৈছে, তাৰ লগত খাপখোৱাকৈ আমাৰ শৈক্ষিক পাঠ্যক্রমসমূহ প্রস্তুত কৰিব নোৱাৰিলে বিশ্ববিদ্যালয়সমূহ জ্ঞানৰ সীমাবদ্ধতা থাকিব বুলিও তেওঁ কয়৷ পৰম্পৰাগত শিক্ষাত আৱদ্ধ হৈ থাকিলে উদ্যোগখণ্ডত যি বিপ্লৱ আৰম্ভ হৈছে তাৰ পৰা আঁাঁতৰি থাকিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে তথ্য প্রয়ুক্তি জগতখনত নিজকে চহকী মানৱ সম্পদ হিচাপে নির্মাণ কৰিব নোৱাৰিলে জ্ঞানৰ সীমাবদ্ধতা থাকি যাব৷ মুখ্যমন্ত্রীয়ে কয় যে কর্ণাটক আৰু তামিলনাডুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ লগত অসমে ২০ বছৰ পিছুৱাই আছে৷ মুখ্যমন্ত্রীয়ে কয় যে অহা ২৫ বছৰৰ কাৰণে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক আধুনিক শিক্ষাৰে আগুৱাই নিয়াৰ বাবে এক বাতাৱৰণৰ সুচনা কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়ক কেন্দ্র কৰি সভ্যতাৰ বিকাশ হয়৷ তক্ষশীলা, নালন্দা বিশ্ববিদ্যালয় থকাৰ সময়ত ভাৰতবর্ষ সভ্যতাৰ উচ্চতম শিখৰত আছিল৷ আমাৰ ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহে সভ্যতাৰ শিখৰলৈ যাবলৈ হলে আজিৰ পাঠ্যক্রমৰ পৰিৱর্তে ভৱিষ্যতৰ ২৫ বছৰৰ পৃথিৱীখনৰ কল্পনা কৰি পাঠ্যক্রমসমূহ প্রস্তুত কৰিব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়সমূহ পৰম্পৰাগত শিক্ষা পাঠ্যক্রম সলনি হব লাগিব৷ চন্দ্রযানৰ বৃহৎ সফলতাৰ পিছতো অসমৰ কোনো বিশ্ববিদ্যালয়ত কর্মশালাৰ আয়োজন কৰা হোৱা নাই বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে উচ্চ শিক্ষাৰ দিশত অধিক আগুৱাই যাব লাগিলে শৈক্ষিক ক্ষেত্রত বিশেষ পাৰদর্শিতা দেখুওৱা বিশ্ববিদ্যালয়সমূহ সৈতে শৈক্ষিক সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ উন্নত শিক্ষা ব্যৱস্থা তথা আধুনিক পাঠ্যক্রম থকা বিশ্ববিদ্যালয়ৰ সৈতে মত–বিনিময় কৰা উচিত বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে শৈক্ষিক ব্যৱস্থাত স্থিতাৱস্থাৰ দিশটো অব্যাহত থাকিলে আগুৱাই যোৱাটো সম্ভৱ নহয়৷ শিক্ষানুষ্ঠানসমূহে নতুন ধাৰণা, প্রযুক্তিৰ বীজ অংকুৰিত কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে অমৃত কালত এনে এক মানসপটৰ সৃষ্টি কৰিছে যত ২০৪৭ চনৰ ভাৰতবর্ষখন থাকিব লাগে৷ কটন বিশ্ববিদ্যালয়ে উদ্ভাৱনীমূলক চিন্তাৰে ৰাজ্যখনৰ নতুন প্রজন্মক আকর্ষিত কৰাৰ বাবে প্রয়াস চলাৱ লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ লগতে কয় যে বিশ্ববিদ্যালয়সমূহ কেৱল ডিগ্রী প্রদানৰ মাজতে সীমাবদ্ধ থাকিব নালাগিব৷ মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে কটন বিশ্ববিদ্যালয়ে প্রত্যাহ্বান অতিক্রম কৰিব পৰাকৈ নিজকে প্রস্তুত কৰাৰ লগতে ভৱিষ্যত প্রজন্মৰ প্রয়োজনীয়তা পুৰণ কৰাৰ দিশটো এক শক্তিশালী শৈক্ষিক বাতাবৰণ গগাৰ দিশত মনোনিৱেশ কৰিব লাগিব৷ কটন বিশ্ববিদ্যালয় উৎকৃষ্টতাৰ কেন্দ্রলৈ পৰিৱর্তন হোৱাৰ বাবে কাম কৰিব লাগিব বুলিও তেওঁ কয়৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ৰমেশ চন্দ্র ডেকা, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং প্রমুখ্যে শিক্ষাগুৰু আৰু ছাত্র–ছাত্রীসকল উপস্থিত থাকে৷