নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ছিনিয়ৰ টাইকোৱানডোৰ সামৰণী অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ সদৌ অসম টাইকোৱানডো সন্থাৰ উদ্যোগত আৰু ভাৰতীয় টাইকোৱানডো ফেডাৰেচনৰ তত্ত্বাৱধানত সৰুসজাই ক্রীডা প্রকল্পত নবীন চন্দ্র বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত ৰাষ্ট্রীয় ছিনিয়ৰ টাইকোৱানডো প্রতিযোগিতাৰ আজিৰ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ উল্লেখ্য যে দেশৰ প্রায় ১৩০০ খেলুৱৈ আৰু কর্মকর্তাই ৩৯সংখ্যক ৰাষ্ট্রীয় ছিনিয়ৰ কিউৰোগী আৰু ১২সংখ্যক ৰাষ্ট্রীয় ছিনিয়ৰ পুমছে টাইকোৱানডো প্রতিযোগিতাখনত অংশগ্রহণ কৰিছিল৷ আজি কেৰেলা আৰু মহাৰাষ্ট্রৰ মাজত অনুষ্ঠিত চূড়ান্ত খেল মুখ্যমন্ত্রীয়ে উপভোগ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে সম্প্রতি দেশে ক্রীড়াৰ ক্ষেত্রখনত যথেষ্ট উজলি উঠিছে৷ বিভিন্ন আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত দেশৰ খেলুৱৈসকলে অনন্য প্রতিভা দেখুৱাবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে এনেধৰণৰ ৰাষ্ট্রীয় প্রতিযোগিতাসমূহ অসমত অনুষ্ঠিত হলে ৰাজ্য চৰকাৰে সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব৷ তেওঁ খেলুৱৈসকলক অধিক পৰিশ্রমেৰে নিজৰ প্রতিভা বিকশাই তোলাৰ বাবেও আহ্বান জনায়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে প্রতিযোগিতা উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ এখনো উন্মোচন কৰে৷ অনুষ্ঠানত সাংসদ পৱিত্র মার্ঘেৰিটা, টাইকোৱানডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সম্পাদক প্রধান আৰ ডি মঙ্গেশকাৰ, উপ–সভাপতি সন্তোষ মহান্তি, যুটীয়া সম্পাদক সতীশ গৌড়, সদৌ অসম টাইকোৱানডো এছচিশ্যেনৰ সভাপতি তথা বিধায়ক বলিন চেতিয়া, সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া, ক্রীড়া বিভাগৰ সঞ্চালক প্রদীপ তিমুং প্রমুখ্যে বিষয়–ববীয়াসকল উপস্থিত থাকে৷
You might also like