নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্য্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ : জোনমণিৰ পৰিয়াললৈ সমবেদনা

বিশেষ বাৰ্তা, ১৭ মে’ : বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ তিনিচুকীয়া বৰগুৰিত নিৰ্মাণ কৰা কাৰ্য্যালয় অৰ্থাৎ অটল বিহাৰী বাজপেয়ী ভৱনৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ লগেলগে ভকতবৃন্দই গায়নবায়নে আদৰি নিয়ে আৰু নাৰিকল ভাঙি ফিটা কাটি শুভ উদ্বোধন কৰে সু-উচ্চ কাৰ্য্যালয়টো৷ কাৰ্য্যালয়টো উদ্বোধন কৰিয়েই সমগ্ৰ কাৰ্য্যালয়টো পৰিদৰ্শন কৰি এখনি উদ্বোধনী সভাত অংশগ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনসমূহত বিজেপিৰ কৰ্মকৰ্তাসকলৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ লগতে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত কাৰ্য্যালয়টোৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে তাৎপৰ্য বহন কৰিব বুলি উল্লেখ কৰে ৷ লগতে তিনিচুকীয়া তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্য্যালয়টো ২০ নম্বৰ কায্যালয় বুলি উল্লেখ কৰি প্ৰতিখন জিলাত একোটাকৈ দলীয় কাৰ্য্যালয় নিৰ্মাণ কৰাৰ লগতে ৰাজ্যত প্ৰায় ৪০০ টা মণ্ডল সমিতিৰ কায্যালয় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব দিয়ে ৷ ইফালে, আৰক্ষী বিষয়া জোনমণি ৰাভাই পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ চাঞ্চল্যৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীক সংবাদকৰ্মীয়ে এই সন্দৰ্ভত কৰা প্ৰশ্নত এইটো বিষয় চাবলৈ আৰক্ষী বিষয়াসকল আছে তেওঁলোকে চাব এইবোৰ, মই ক’ব লগীয়া একো নাই ৷ কিন্তু মই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ বুলি মন্তব্য কৰে ৷ সমান্তৰালভাৱে, ৩০০ মাদ্ৰাছা স্কুল বন্ধৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু অতিসোনকালে এইসমূহ বন্ধ কৰা হ’ব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্য্যালয়টো উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ স’তে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষান, ৰঞ্জিত দাস, ৰনোজ পেগু, জয়ন্ত মল্ল বৰুৱা, অশোক সিংঘাল, বিমল বৰাৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু দলীয় কৰ্মকৰ্তাসকল ৷
You might also like