নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাক শান্তি আলোচনালৈ আহ্বান মুখ্যমন্ত্ৰীৰ

🔴৮ আদিবাসী সংগঠনৰ সদস্যৰ অস্ত্রসম্বৰণ
🔴১৬ জনীয়া আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ শপত গ্রহণ
🔴কেডাৰসকলক আদৰণি জনাই পুনর্বাসনৰ পেকেজ ঘোষণা
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ শান্তি প্রতিষ্ঠাৰ দিশত এক বিশাল পদক্ষেপেৰে আজি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সন্মুখত ৫টা আদিবাসী উগ্রপন্থী সংগঠন আৰু ইয়াৰ তিনিটা বিভাজিত গোটে অস্ত্র সম্বৰণ কৰে৷ অস্ত্র সম্বৰণ কৰা এই পাঁচটা আদিবাসী সংগঠন হল ক্রমে আদিবাসী কোব্রা মিলিটেৰী অৱ অসম আকমা আৰু আকমাৰ বিভাজিত গোট, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আর্মী আনলা আৰু আনলাৰ বিভাজিত গোট, বিৰচা কামাণ্ডো ফোর্চ বি চি এফ আৰু বি চি এফৰ বিভাজিত গোট, আদিবাসী পিপুলচ আর্মী আপা, সান্থাল টাইগাৰ ফোর্চ এছ টি এফ৷ এই আঠটা গোটৰ মুঠ ১১৮২জন কেডাৰে ৩০৪ টা অত্যাধুনিক মাৰণাস্ত্র আৰু ১৪৬০ ৰাউণ্ড গুলী–বাৰুদ জমা দিয়ে৷ উল্লেখ্য যে ২০১২ চনৰ ২৪ জানুৱাৰীত এই আদিবাসী উগ্রপন্থী সংগঠনসমূহে চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰিছিল আৰু পৰৱর্তী সময়ত ২০১৬ চনৰ ৪ অক্টোবৰত যুদ্ধবিৰতিৰ এক চুক্তি স্বাক্ষৰিত কৰিছিল৷ যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত চৰকাৰ আৰু এই সংগঠনসমূহৰ মাজত কেইবালানীও আলোচনা অব্যাহত আছিল৷ সমান্তৰালভাৱে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰত চৰকাৰ তথা অসম চৰকাৰ আৰু এই উগ্রপন্থী সংগঠনসমূহৰ মাজত আদিবাসী চুক্তি স্বাক্ষৰিত হৈছিল৷ আদিবাসী চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত চুক্তিৰ তিনি নম্বৰ দফা অনুসৰি ২০২৩ চনৰ ২২ মেত ৰাজ্য চৰকাৰে ১৬ জনীয়া আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰে৷ আজি অস্ত্র সম্বৰণৰ কার্যসূচীৰ সৈতে অধ্যক্ষ অসীম হাসদাৰ নেতৃত্বত পৰিষদৰ সদস্যসকলে শপত গ্রহণ কৰে৷ জনজাতি পৰিক্রমা ভৈয়াম, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব বিনীতা পেগুৱে মুখ্যমন্ত্রীৰ সন্মুখত এই শপতবাক্য পাঠ কৰোৱায়৷ এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এক গুৰুত্বপূর্ণ দিন৷ নতুন দিল্লীত পাঁচটা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ক্ষেত্রত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল বুলি উল্লেখ কৰি কয় যে কেন্দ্রীয় গৃহমন্ত্রীৰ প্রচেষ্টাৰ বাবে চুক্তি বাস্তৱত পৰিগণিত হল৷ ইয়াৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহতো শান্তি আৰু উন্নয়নৰ প্রক্রিয়াটোত কেন্দ্রীয় গৃহমন্ত্রীয়ে লোৱা ভূমিকাৰ বাবে বিকাশে এক নতুন পর্যায় লাভ কৰিছে৷ তেওঁ কয় যে অসমৰ পিছপৰা আদিবাসী সমাজৰ উত্থান আৰু অসমৰ সামগ্রিক কল্যাণ সাধনৰ বাবে পাঁচটা সংগঠনৰ সদস্যসকলে নিজকে নিয়োজিত কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ শান্তি প্রক্রিয়া অধিক ত্বৰান্বিত কৰাৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবে আঠটা আদিবাসী সংগঠনৰ সদস্যসকলে অস্ত্র ত্যাগ কৰি সমাজৰ মূল ধাৰালৈ ওভতি আহিছে৷ অসমত শান্তিৰ এক শক্তিশালী বাতাবৰণ সৃষ্টি কৰা আৰু সকলোকে লগত লৈ ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে লোৱা পদক্ষেপত আজিৰ এই অস্ত্র সম্বৰণে এক ইতিবাচক পৰিৱেশ নির্মাণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে আলফা স্বাধীনক আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়৷ তেওঁ কয় যে সকলো উগ্রপন্থী গোটে মূল সুঁতিলৈ উভতি আহিছে৷ ৰাজ্যৰ সকলো শ্রেণীৰ জনসাধাৰণৰ স্বার্থত আলোচনাৰ বাবে আলফা স্বাধীন আগুৱাই আহিব লাগে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে সকলো সদস্যকে ৪ লাখ টকাকৈ পুনর্বাসনৰ বাবে দিয়া হব বুলিও ঘোষণা কৰে৷ এইধনৰাশি স্থায়ী জমা হিচাপে ৰখা হব যাতে এই জমা ধনৰ বিপৰীতে  ৩ লাখ টকাকৈ ঋণ লাভ কৰিব পাৰে৷ তেওঁ কয় যে আত্ম সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে সদস্যসকলক তিনি বছৰৰ বাবে মাহিলী ৬ হাজাৰ টকাকৈ আগববাব৷ তেওঁ কয় যে এচাম লোকে ৰাজ্যখনত শান্তি নিবিচাৰে৷ জাতিৰ কল্যাণ সাধন হোৱাটো নিবিচাৰে৷ এইসকল লোকৰ প্রৰোচনাক আওকাণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে গণতান্ত্রিক চৰকাৰৰ লগত গণতান্ত্রিকভাৱে কথা–বতৰা পাতিব লাগে৷ আলোচনাৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰাটো সম্ভৱ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে সদস্যসকলক ভৱিষ্যতে অস্ত্র লোৱাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে আদিবাসীসকলৰ সশস্ত্র সংগ্রামত প্রাণ আহুতি দিয়া ব্যক্তিসকললৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অসমে আজি শান্তি আৰু উন্নয়নৰ বাটেৰে আগবািিছে৷ ইয়াৰ বাবে ৰাজ্যখনৰ সকলো শ্রেণীৰ জনসাধাৰণে উন্নয়নৰ ফল ভোগ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু আদিবাসীসকলৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে ১১৯ খন আদর্শ বিদ্যালয় স্থাপন কৰিছে৷ তেওঁ লগতে কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ বাবে এম বি বি এছ পাঠ্যক্রমৰ বাবে আসন সংৰক্ষণ কৰা হৈছে৷ বি এছ চি নার্ছিং, এ এন এম আৰু জি এন এম পাঠ্যক্রমৰ বাবেও আসন সংৰক্ষণ কৰা হব৷ চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ বাবে তিনি শতাংশ আসন সংৰক্ষণ কৰা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আদিবাসীসকলৰ সংসৃক্তি, ভাষা আৰু সাহিত্য ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে ১৬ জনীয়া আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্রদায়ৰ আর্থ–সামাজিক, অর্থনৈতিক, সাংসৃক্তিক আৰু শৈক্ষিক সৱলীকৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ তেওঁ আশা প্রকাশ কৰি কয় যে ৰাষ্ট্র নির্মাণ, অসম নির্মাণ আৰু আদিবাসী কল্যাণৰ বাবে এই পৰিষদে উৎসর্গিত মনোভাৱেৰে কাম কৰিব৷ তেওঁ গঠনমূলক দৃষ্টিভংগীৰে আগবািি যোৱাৰ বাবেও আহ্বান জনায়৷ আদিবাসী সমাজৰ যুৱক–যুৱতীসকলক্ দক্ষতা বৃদ্ধিৰ জৰিয়তে সৱলীকৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে তেনে দিশেৰে আগুৱাই নিয়াৰ বাবে সর্বাত্মক পদক্ষেপ লাগিব বুলিও ভাষণ প্রসংগত উল্লেখ কৰে৷ অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰীকা, সঞ্জয় কিষাণ, সাংসদ পল্লৱলোচন দাস, কামাখ্যা প্রসাদ তাছা, বিধায়ক ক্রমে ৰূপজ্যোতি কুর্মী, কৃষ্ণকমল তাঁতী, ৰূপেশ গোৱালা, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বার্মা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্রধান সচিব মুকেশ চন্দ্র চাহু, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন নাথ আৰু অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷
You might also like