নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেওঁৰ সৈতে সম্পর্ক বহুদিনীয়া আমি ৰাজনীতিৰ কথা নাপাতো

দুলীয়াজানত মুখ্যমন্ত্রীৰে নৈশভোজ ঘাটোৱাৰৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ  কংগ্রেছ শিবিৰ এৰি এজনৰ পিছত আনজন বিধায়কে বিজেপিলৈ গমন কৰাৰ সময়তে জ্যেষ্ঠ কংগ্রেছী নেতা পৱনসিং ঘাটোৱাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কালি নৈশ আহাৰ গ্রহণ কৰা ঘটনাই কংগ্রেছ দলৰ ভিতৰচ’ৰাত তীব্র জোকাৰণি সৃষ্টি কৰিছে৷ ডল্লেখ্য যে দুলীয়াজানৰ জালনি ক্লাবত কালিৰে পৰা অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ অধিৱেশনৰ প্রথম দিনা বৈঠকৰ অন্তত নিশালৈ প্রায় ৯.৩০ বজাত ডপস্থিত হয় প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা কংগ্রেছী নেতা পৱনসিং ঘাটোৱাৰ৷ জানিব পৰা মতে, বর্ষীয়ান কংগ্রেছ নেতা তথা চাহ মজদুৰ সংঘৰ সভাপতি পৱনসিং ঘাটোৱাৰ, কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ তথা শ্রম দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ চাহ কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাহ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে চাহ বাগিচাৰ শ্রমিকৰ প্রাসংগিকতাৰ সন্দর্ভত কিছু সময় আলোচনাত মিলিত হয়৷ হয়াৰ উপৰি কংগ্রেছী নেতাগৰাকীয়ে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি একেলগে নৈশ আহাৰ গ্রহণ কৰে মুখ্যমন্ত্রীৰ সৈতে৷ জ্যেষ্ঠ কংগ্রেছ নেতাগৰাকীৰ মুখ্যমন্ত্রীক সাক্ষাতৰ সময়ত ডিব্রুগড় জিলাৰ অভিভাৱক মন্ত্রী অতুল বৰা, শক্তিমন্ত্রী বিমল বৰা, শদিয়াৰ বিধায়ক বলীন চেতিয়া, মার্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মা আদি উপস্থিত থাকে৷

আনহাতে মুখ্যমন্ত্রীৰ সৈতে নৈশ অনুষ্ঠানত অংশগ্রহণ কৰে আমন্ত্রিত অতিথি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্রাধ্যাপিকা কৰৱী ডেকা হাজৰিকা, বিশিষ্ট ব্যৱসায়ী মনোজ জালান, বিশিষ্ট চিকিৎসক তথা লেখক নির্মল চাহেৱালা, অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত ডীন সৃষ্টিধৰ দত্ত, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষা ডঃ কল্পনা খাডণ্ড, অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ উপাচার্য আদি কেইবাগৰাকী ডিব্রুগড়ৰ জ্যেষ্ঠ নাগৰিকে৷ ইফালে, জ্যেষ্ঠ কংগ্রেছী ঘাটোৱাৰৰ ভূমিকাক লৈ সর্বত্র তীব্র চর্চা হৈ থকাৰ মাজতেহ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ আজি সংবাদ মাধ্যমৰ আগত কয়– তেওঁৰ সৈতে মোৰ ব্যক্তিগত সম্পর্ক অতি পুৰণি৷ ডিব্রুগড জিলাৰ জ্যেষ্ঠ নাগৰিক হিচাপে তেওঁক নৈশ আহাৰ গ্রহণৰ বাবে নিমন্ত্রণ জনাহছিলোঁ আৰু চৰকাৰী কার্যসূচীলৈ তেওঁ আগতেও আহিছে৷ তেওঁৰ লগত ৰাজনীতিৰ কথা নাপাতো৷ এই বয়সত ঘাটোৱাৰক বিজেপিত যোগদানৰো অনুৰোধ কৰা নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে সকলো কথাতে ৰাজনীতি নচলে বুলি মন্তব্য কৰে৷
ঘাটোৱাৰে মুখ্যমন্ত্রীক সাক্ষাৎ কৰাটো অনুশাসন ভংগ নহয়– ভূপেন বৰা
প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱনসিং ঘাটোৱাৰে কালি মুখ্যমন্ত্রীক সাক্ষাৎ কৰি একেলগে নৈশ আহাৰ গ্রহণ কৰাটো দলীয় অনুশাসন ভংগ নহয়৷ –এই মন্তব্য প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ৷ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি সভাপতি বৰাই কয় যে এজন বিধায়ক, সাংসদে মুখ্যমন্ত্রী–মন্ত্রীৰ লগত কথা–বতৰা পতাটো দলীয় অনুশাসন ভংগ নহয়৷ তদুপৰি অসম চাহ মজদুৰ সংঘৰ সভাপতি হিচাপে ঘাটোৱাৰে সাংগঠনিক কার্যসূচী লৈ মুখ্যমন্ত্রীৰ লগত কথা–বতৰা পাতিব পাৰে৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো মুখ্যমন্ত্রীৰ ওচৰলৈ যাব পাৰে বুলি উল্লেখ কৰি কয় যে ৰাজনৈতিক জীৱন আৰু ব্যক্তিগত জীৱন দুটা বেলেগ বিষয়৷ আদর্শগত আৰু ব্যক্তিগত সম্পর্ক সুকীয়া কথা৷

You might also like