নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ বক্তব্য সন্নিৱিষ্ট কৰা হ’ব ৰাজ্যিক বাজেটত

মোদীৰ ভার্চুৱেল সভাৰ পাছতে ড০ শর্মাৰ মন্তব্য

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ভাৰতক এখন আত্মনির্ভৰ দেশ হিচাপে গঢ় দিয়াৰ সংকল্প আগত ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে সমগ্র দেশবাসীক ভার্চুৱেল পদ্ধতিৰে সম্বোধন কৰিলে৷ মঙলবাৰে দাখিল কৰা কেন্দ্রীয় বাজেটৰ ওপৰত কেইবাটাও গুৰুত্বপূর্ণ দিশ উত্থাপনেৰে প্রধানমন্ত্রীয়ে প্রদান কৰা সেই ভাষণ আজি প্রত্যক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ ৪০খন সাংগঠনিক জিলা আৰু ৮টা মর্চাৰ কার্যকর্তাসকলে৷ এই ভার্চুৱেল বৈঠকত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– কেন্দ্রীয় বাজেটৰ তত্ত্ব, আদর্শ আৰু ভৱিষ্যৎ দর্শনৰ বিষয়ে প্রধামন্ত্রীগৰাকীয়ে যি বক্তব্য প্রদান কৰিলে, সেই বিষয়বোৰ অহা মার্চ মাহত উত্থাপন হ’ব লগা ৰাজ্যিক বাজেটত সন্নিৱিষ্ট কৰা হ’ব৷

উল্লেখ্য যে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত প্রধানমন্ত্রী মোদীৰ ভার্চুৱেল সভা প্রত্যক্ষ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, ৰাজ্যিক বিজেপিৰ সম্পাদকদ্বয় পুলক গোহাঁই আৰু দিপ্লুৰঞ্জন শর্মাৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা আৰু কার্যকর্তাই৷ প্রায় ডেৰ ঘণ্টাজুৰি প্রদান কৰা এই ভাষণৰ পাছতেই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি উত্থাপন কৰা বাজেটত আদর্শ, তত্ত্ব আৰু ভৱিষ্যৎ দর্শনৰ বিষয়ে এক সুন্দৰ ব্যাখ্যা আগবঢ়াইছে৷ তেওঁৰ এই ভাষণৰ জৰিয়তে বাজেটৰ ওপৰত যি ধাৰণা প্রতিষ্ঠিত হৈছিল, সেই ধাৰণাৰ গভীৰতালৈ সোমাই যোৱাৰ বাবে আমি সমর্থ হ’লোঁ৷ অসমেও এই বাজেটখনৰ পৰা আৰু এই বাজেটত সন্নিৱিষ্ট বিভিন্ন ব্যৱস্থাৰ দ্বাৰা শিকনি লৈছে৷ এই তত্ত্ব আৰু আদর্শসমূহ আমি ৰাজ্যিক বাজেটত সন্নিৱিষ্ট কৰি আমাৰ ৰাজ্যখনক এটা নতুন ৰূপ দিবলৈ সক্ষম হ’ম৷ ইয়াৰ পূর্বে বুধবাৰে ভার্চুৱেল পদ্ধতিৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি উত্থাপন কৰা বাজেট সন্দর্ভত ভাষণ প্রদান কৰি কয়– আত্মনির্ভৰশীল ভাৰত গঢ় দিয়াৰ ক্ষেত্রত আত্মনির্ভৰ অর্থব্যৱস্থা হৈছে মূল ভেটি৷ ক’ৰোনা মহামাৰীৰ প্রত্যাহ্বান সত্ত্বেও ভাৰতে সকলো ক্ষেত্রতে দেখুওৱা পাৰদর্শিতাৰ বাবে বিশ্বৰ দৰবাৰত দেশৰ ভাবমূর্তি যথেষ্ট সলনি হৈছে৷ সমগ্র বিশ্বই এতিয়া ভাৰতক এখন শক্তিশালী দেশ ৰূপে চাব বিচাৰে৷ ইয়াৰ বাবে আমি দেশৰ বিকাশৰ গতি অধিক ক্ষিপ্রতৰ কৰি তুলিব লাগিব৷

ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে কয় যে ৮ বছৰ পূর্বৰ ভাৰতৰ জি ডি পি এক লাখ ১০ হাজাৰ কোটি টকাৰ তুলনাত এই পৰিমাণ বর্তমান ২ লাখ কোটিলৈ বৃদ্ধি পাইছে৷ একেদৰে ২০১৩ চনৰ প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ ৩৬ বিলিয়ন ডলাৰৰ তুলনাত বর্তমান ৮০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে৷ দৰিদ্র, মধ্যবিত্ত আৰু যুৱ প্রজন্মক গুৰুত্ব আৰোপ কৰা বাজেটখনে এইক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত ইয়াকো উল্লেখ কৰে যে দেশৰ প্রায় ৯ কোটি গ্রামাঞ্চলৰ বাসগৃহত নলযোগে পানী যোগান ধৰা হৈছে৷ ইয়াৰে ৫ কোটি বাসগৃহক জল জীৱন অভিযানৰ অধীনত সামৰি লোৱা হৈছে৷ এই বছৰ প্রায় ৪ কোটি গ্রামাঞ্চলৰ পৰিয়ালক এই ব্যৱস্থাৰে পানী যোগান ধৰা হ’ব৷ তদুপৰি বাজেটত নৈসমূহক সংযোগ কৰাৰ লগতে ৮০ লাখ দৰিদ্র লোকৰ বাবে পকীঘৰ নির্মাণত প্রস্তাৱ দিয়া হৈছে৷ প্রধানমন্ত্রীয়ে দলৰ কার্যকর্তাসকলক বাজেটৰ লগত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কার্যালয়ত আজি প্রধানমন্ত্রীৰ এই ভার্চুৱেল সভাত মুখ্যমন্ত্রীৰ লগতে অংশ লয় দলৰ জ্যেষ্ঠ নেত্রী বিজয়া চক্রৱর্তী, বিধানসভাৰ প্রাক্তন অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, প্রাক্তন মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ লগতে আন কেইবাজনো জ্যেষ্ঠ নেতাই৷ আনহাতে, দলৰ যুৱ মর্চাৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মন্ত্রী যোগেন মহন, মন্ত্রী অজন্তা নেওগ, ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্রভা বৰঠাকুৰ উপস্থিত থাকে৷ বিজেপিৰ ৪০খন সাংগঠনিক জিলাত আয়োজিত এই ভার্চুৱেল সভাত মন্ত্রী, সাংসদ, বিধায়ক, নিগম–নিকায়ৰ অধ্যক্ষ–উপাধ্যক্ষ, মর্চাৰ বিষয়ববীয়া আদি কৰি দলৰ কার্যকর্তাসকল উপস্থিত থাকে৷

You might also like