নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ঘোষণা ভোগালী বিহু সুচাৰুৰূপেই হ’ব, থাকিব কিছু বাধ্যবাধকতা

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ৰাজ্যত অমিক্রনৰ সংক্রমণ আৰু শেহতীয়া ক’ভিড পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে নিশা স্বাস্থ্য বিভাগৰ সৈতে এখন বৈঠকত মিলিত হয়৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবর্গৰ সৈতে প্রায় দুঘণ্টাজুৰি চলা বৈঠকত শেহতীয়া পৰিস্থিতি সম্পর্কত পুংখানুপুংখভাৱে পর্যালোচনা কৰে৷ অৱশ্যে বৈঠকৰ পূর্বে মুখ্যমন্ত্রী ড০ শৰ্মা জানিবলৈ দিয়া মতে কাইলৈ ক’ভিড সম্পর্কত নতুন এছ’পি জাৰি কৰা হ’ব৷ নতুন এছ’পিত কিছু নিষেধাজ্ঞা আহিব যদিও লকডাউন দিয়া নহয় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নতুন এছ’পিত পুনৰ মাস্ক পৰিধান কৰা, বজাৰ–সমাৰ কৰোঁতে কিছু সজাগ হোৱা, সকলোৱে ভেকচিনৰ দ্বিতীয় ড’জ লোৱা আদি বিষয়বোৰ থাকিব৷ চৰকাৰে কোনো কাৰণতে লকডাউনৰ ফালে যাব বিচৰা নাই৷

অমিক্রনৰ ভয়াৱহতাৰ ওপৰত অসমত এতিয়াও পর্যালোচনা হ’বলৈ বাকী আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কিছু কিছু ক্ষেত্রত কঠোৰতা থাকিলেও জীৱন আৰু জীৱিকা চলি থাকিব৷ পৰিস্থিতি ৰাইজৰ ওপৰত নির্ভৰ কৰিব বুজি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১০ জানুৱাৰীৰ পৰা বয়োজ্যেষ্ঠসকলক বুষ্টাৰ ড’জ দিয়া আৰম্ভ হ’ব৷ যিসকলে দ্বিতীয় ড’জ ভেকচিন লোৱা নাই, তেওঁলোকক সময়মতে ভেকচিন ল’বলৈ আহ্বান জনাই তেওঁ কয় যে ভেকচিন লোৱাসকলৰ বাবে বিশেষ সমস্যা নাই৷ তেওঁলোকক লৈ বিশেষ বাধ্য–বাধকতা নাথাকে৷ ভেকচিন নোলোৱাসকলৰ ক্ষেত্রতহে বাধ্য–বাধকতা থাকিব৷ ইপিনে সমাগত ভোগালী বিহু সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভোগালী বিহু ঘৰতহে হয়, মঞ্চত নহয়৷ ঘৰত সকলোৱে বিহু পাতিব পাৰিব৷ মেজিও জ্বলাব পাৰিব৷ বিহুৰ বজাৰ–সমাৰ কৰোঁতে নিয়ম মানি চলিলেই হ’ল৷ অৱশ্যে মেজি প্রতিযোগিতা আদিত কিবা আছে নেকি সেয়া চৰকাৰে চাব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১২ জানুৱাৰীলৈ ৰাজ্যত সংক্রমণ ২,০০০ হয় নে ১,০০০ হয় তাৰ ওপৰতহে চৰকাৰে ধাৰণা কৰিব পাৰিব৷

You might also like