নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য লক্ষ : কলাক্ষেত্ৰত ৮৩৯জনক নিয়োগপত্র প্রদান মুখ্যমন্ত্রীৰ

✅অসম বিকাশৰ পথত দ্রুতগতিত আগবাঢ়িছে
✅আত্মসহায়ক গোটৰ আন্দোলনে অসমৰ সামাজিক প্রেক্ষাপটলৈ উল্লেখনীয় পৰিৱর্তন আনিছে
✅ৰাজ্য চৰকাৰে কেইবাটাও বৃহৎ-দৃষ্টিনন্দন প্রকল্প ৰূপায়ণৰ দিশত আগবাঢ়িছেঃ মুখ্যমন্ত্রী

🔴এক লাখ চৰকাৰী পদত নিযুক্তিৰ প্রতিশ্রুতি পূৰণৰ দিশত সবল পদক্ষেপ
🔴লোকনির্মাণত ২৪০ সহকাৰী অভিযন্তা আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ৫৯৯ প্রার্থীক নিযুক্তি

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চৰকাৰী পদত নিযুক্তি প্রদানৰ প্রতিশ্রুতি বাস্তৱায়িতকৰণৰ দিশত আন এক সবল পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত লোকনির্মাণ বিভাগৰ অধীনত ২৪০গৰাকী প্রার্থীক সহকাৰী অভিযন্তা হিচাপে নিযুক্তিপত্র প্রদান কৰাৰ উপৰি অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ৫৯৯গৰাকী প্রার্থীলৈও নিয়োগপত্র প্রদান কৰে৷ আজি লোকনির্মাণ বিভাগৰ অধীনত ২৪০গৰাকী প্রার্থীয়ে আনুষ্ঠানিকভাৱে নিযুক্তিপত্র লাভ কৰাৰ ফলত বর্তমানৰ ৰাজ্য চৰকাৰখনে নিয়মীয়া চৰকাৰী পদত যুৱক–যুৱতীসকলক প্রদান কৰা নিযুক্তিৰ সংখ্যা ৮৮,০৮০টালৈ বৃদ্ধি পালে৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই নিযুক্তিপত্র লাভ কৰা যুৱক-যুৱতীসকলৰ বাবে আজিৰ দিনটো জীৱনৰ এক গুৰুত্বপূর্ণ দিন বুলি অভিহিত কৰি কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে ২০২১ চনৰ মে মাহৰ পৰা নিযুক্তি প্রক্রিয়াসমূহ তৰান্বিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰে ফলস্বৰূপে আজি পর্যন্ত ৮৮,০৮০টা নিয়মীয়া পদত যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, সর্বশিক্ষা অভিযান, ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আদিৰ বিভিন্ন পদতো যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে যে ৰাজ্য চৰকাৰে লোকনির্মাণ বিভাগকে ধৰি আন আন কাৰিকৰী বিভাগসমূহত অভিযন্তাৰ নিযুক্তি প্রক্রিয়া বছৰি চলাই যাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত অভিযন্তাসকলৰ নিয়োগৰ পথো মুকলি হৈছে৷ সম্প্রতি ৰাজ্যখন বিকাশৰ পথত দ্রুতগতিত আগবাঢ়িছে বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে ২০১৬ চনত ৰাজ্যত ৰাজহুৱা খণ্ডত হোৱা ব্যয়ৰ পৰিমাণ আছিল ৪২ হাজাৰ কোটি টকা৷ সম্প্রতি এই ব্যয় ১ লাখ ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ বিকাশৰ গতি বৃদ্ধি পোৱাৰ আঁৰত মূলধনী বিনিয়োগ বৃদ্ধিয়ে ক্রিয়া কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এসময়ত ৰাজ্যত মূলধনী বিনিয়োগ সীমিত আছিল৷ ৰাজ্য চৰকাৰে কর্মচাৰীক দৰমহা আদায় দিয়াৰ পাছত আন কাম কৰাৰ অৱকাশ নাছিল৷ কিন্তু বিগত প্রায় তিনি বছৰত বর্তমানৰ চৰকাৰখনে মূলধনী বিনিয়োগ বৃদ্ধি কৰি আহিছে৷ তেওঁ মন্তব্য কৰে যে এইদৰে ৰাজ্যত মূলধনী বিনিয়োগ বৃদ্ধি হোৱাৰ ফলত লোকনির্মাণ বিভাগৰ দায়িত্বও বহুগুণে বৃদ্ধি পাইছে৷ এসময়ত ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সহায় লব লগা হৈছিল৷ এতিয়া ৰাজ্যৰ লোকনির্মাণ বিভাগে এনে কেইবাখনো নতুন দলং নির্মাণৰ পদক্ষেপ হাতত লৈছে৷ প্রসংগক্রমে মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে যে ৰাজ্য চৰকাৰে কেইবাটাও বৃহৎ আৰু দৃষ্টিনন্দন প্রকল্প ৰূপায়ণৰ দিশত আগবাঢ়িছে আৰু ইয়াৰে ভিতৰত নেহৰু ষ্টেডিয়ামৰ পুনৰ নির্মাণ, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় পর্যন্ত পথচোৱা ছয় লেনযুক্তকৰণ আৰু কামাখ্যা মন্দিৰ কৰিডৰ অন্যতম৷ তেওঁ লগতে কয় যে সাম্প্রতিক সময়ত এগৰাকী চিকিৎসকৰ দৰে এখন আধুনিক তথা বিকশিত অসমৰ বাবে অভিযন্তা এজনৰো গুৰুত্ব বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিততে তেওঁ লোকনির্মাণ বিভাগৰ অধীনত আজি সহকাৰী অভিযন্তা হিচাপে নিযুক্তিপ্রাপ্তসকলক্ নিজ কর্তব্য দায়িত্বপূর্ণভাৱে সম্পাদন কৰিবলৈ আহ্বান জনায়৷ সকলোৱে মিলি বিকশিত অসমৰ এখন নতুন প্রতিচ্ছৱি দাঙি ধৰিব লাগিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ ভাষণ প্রসংগত ড০ শর্মাই কয় যে অসমত বিগত দহ-পোন্ধৰ বছৰৰ ভিতৰত মহিলা সমাজৰ মাজলৈ এটা ডাঙৰ পৰিৱর্তন আহি পৰিছে আৰু এই পৰিৱর্তন সম্ভৱ হৈছে আত্মসহায়ক গোটৰ জৰিয়তে৷ আত্মসহায়ক গোটৰ আন্দোলনে সমগ্র অসমৰে সামাজিক প্রেক্ষাপতলৈ উল্লেখনীয় পৰিৱর্তন আনিবলৈ সমর্থ হৈছে আৰু সমাজত মহিলাসকলে নেতৃত্ব লবলৈ আৰম্ভ কৰিছে৷ তেওঁ মন্তব্য কৰে যে সমগ্র অসমতে নাৰী শক্তিৰ ব্যাপক অভ্যুত্থান হৈছে আৰু এই অভ্যুত্থানৰ নেতৃত্ব লৈছে আত্মসহায়ক গোটৰ আন্দোলনে৷ সম্প্রতি ৰাজ্যত প্রায় ৪০ লাখ মহিলা আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই গোটসমূহৰ ৯৯ শতাংশই বেংকৰ পৰা গ্রহণ কৰা ঋণ ওভতাই দি এক নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ আত্মসহায়ক গোটৰ সৈতে জড়িত এই মহিলাসকলে উদ্যোগী হোৱাৰ বাবে প্রয়োজনীয়তাখিনি আহৰণ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে এনে প্রতিগৰাকী মহিলালৈ ১০ হাজাৰ টকাকৈ আগবঢ়াই তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰিছে৷ আজি ৫৯৯গৰাকী প্রার্থীয়ে নিয়োগপত্র লাভ কৰাৰ পিছত ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কাম-কাজ অধিক ত্বৰান্বিত হৈ পৰিব আৰু সমৃদ্ধি তথা বিকাশৰ পথত ৰাজ্যখন দ্রুততাৰে অগ্রসৰ হব বুলিও তেওঁ আশা প্রকাশ কৰে৷ অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যিক গ্রামীণ জীৱিক অভিযানৰ অধীনত সম্পাদিত হোৱা উল্লেখনীয় কাম-কাজসমূহৰ তথ্যসম্বলিত এখন সংকলনো উন্মোচন কৰে৷ অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব ড০ জে বি এক্কা, লোকনির্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্রৱর্তী, চন্দন শর্মাকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

#বাৰ্তা ডেস্ক

You might also like