নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত মুখ্যমন্ত্রীৰ ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানত উৎপল বৰা-ৰঞ্জিত ভট্টাচার্য

✅আকাংক্ষা, ৰংমন কৃষি গোটলৈ মুখ্যমন্ত্রীৰ ট্ৰেক্টৰ বিতৰণ

নিয়মীয়া বার্তা, ২ নৱেম্বৰঃ জনস্বাস্থ্যৰ প্রতি তীব্র ভাবুকি স্বৰূপ কীট নাশক ঔষধৰ বিপৰীতে সম্পূর্ণ জৈৱিক কৃষি পদ্ধতিৰে বছৰত তিনিটাকৈ খেতি কৰি স্বাৱলম্বনৰ পথ প্রশস্ত কৰা আকাংক্ষা আৰু ৰংমন নামৰ কৃষি গোট দুটাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখনকৈ ট্ৰেক্টৰ প্রদান কৰে৷ নিজৰ গৃহ সমষ্টিৰ ধোপাতাৰী গাঁও পঞ্চায়তৰ অন্তর্গত তথা চাংসাৰিৰ নিকটতম আঠিয়াবৈ গাঁৱৰ আকাংক্ষা কৃষি গোটৰ লগতে ৰংমন গোটৰ যুৱ সদস্য সকলৰ কৃষি বিপ্লৱৰ যি সূচনাৰপ্রতি আকর্ষিত হৈ অনুপ্রেৰণাৰ উৎস হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই ট্ৰেক্টৰ দুখন তেওঁলোকৰ হাতত অর্পণ কৰে৷ অৱশ্যে সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ কিষাণ মর্চাৰ অসম ৰাজ্যিক সমিতিৰ জৰিয়তে ট্ৰেক্টৰ দুখন গোট দুটাক অর্প

ণ কৰে৷ কিষাণ মর্চাৰ নৱ–নির্বাচিত সভাপতি উৎপল বৰা আৰু উপ–সভাপতি ৰঞ্জিত ভট্টাচার্য, নিবাৰণ লহকৰে মুখ্যমন্ত্রীৰ হৈ আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ অনুদানৰ পিছতে যথেষ্ট উৎসাহী হৈ পৰে আকাংক্ষা, ৰংমন কৃষি পামৰ যুৱ–কৃষকসকল৷তেওঁলোকে সমষ্টিৰ জনপ্রতিনিধি তথা মুখ্যমন্ত্রীক তেওঁলোকৰ কৃষি কর্মৰাজীত ড্রেক্টৰ দি অনুপ্রাণিত কৰাৰ বাবে ধন্যবাদ জনায়৷ তদুপৰি কৃষি কার্যৰ ক্ষেত্রত প্রতিটো মুহূর্ততে সাৰথি হৈ হাতে–কামে লাগি অভিভাৱকৰ দৰে দিহা–পৰামর্শ আগবঢ়াই অহা মুখ্যমন্ত্রীৰ ব্যক্তিগত সচিব তথা কৃষক মর্চাৰ উপ–সভাপতি ৰঞ্জিত ভট্টাচার্যকো আকাংক্ষা আৰু ৰংমনৰ তৰফৰ পৰা ধন্যবাদ জনোৱা হয়৷ আনহাতে কিষাণ মর্চাৰ সভাপতি উৎপল বৰা, উপ–সভাপতি ৰঞ্জিত ভট্টাচার্যই আঠিয়াবৈত উপস্থিত হৈ প্রথমে আকাংক্ষা কৃষি গোটৰ খেতিপথাৰ পৰিদর্শন কৰে৷ পথাৰতে কৃষক বন্ধুসকলৰ লগত অনুষ্ঠিত সভাত মিলিত হৈ কৃষি কার্যৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ ওপৰত পর্যালোচনা কৰা হয়৷ সভাত বিজেপি কিষাণ মর্চাৰ সভাপতি তথা গহপুৰৰ বিধায়ক উৎপল বৰাই আকাংক্ষা কৃষি গোটক ভূয়সী প্রশংসা কৰি কৃষিখণ্ডত চৰকাৰে লোৱা আঁচনিসমূহৰ উপকাৰিতাৰ সন্দর্ভত বিস্তৃত বাখ্যা কৰে৷ তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জৈৱিক কৃষি ক্ষেত্রত লোৱা ভূমিকাই অনাগত দিনত কৃষিখণ্ডই নতুন দিগন্তৰ সূচনা কৰিব বুলিও আশা প্রকাশ কৰে৷ সমান্তৰালকৈ ৰঞ্জিত ভট্টাচার্যই ৰাজ্যৰ কৃষিখণ্ডকলৈ মুখ্যমন্ত্রীৰ ড০ হিমন্ত বিশ্ব শর্মাৰ যি সপোন তাক সফল ৰূপ দিবলৈ বিজেপি কিষাণ মর্চাই ইতিমধ্যে প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ মুখ্যমন্ত্রীৰ গৃহ সমষ্টিৰ পৰাই যাতে কৃষি বিপ্লৱৰ এক বার্তা যায় তাৰবাবে সমষ্টিটোত আকাংক্ষা, ৰংমনকে ধৰি পাঁচটাকৈ কৃষি উদ্যোগ পামে সুন্দৰভাৱে কৃষি কার্য চলাই আছে৷ ইতিমধ্যে তেওঁলোকৰ কৃষি কার্যত আকর্ষণৰ কেন্দ্র বিন্দু হৈ পৰিছে হতাশগ্রস্ত আন বহু খেতিয়কৰ ক্ষেত্রত৷ তেওঁ কৃষকসকলৰ লগত সদায় সাৰথি হৈ থাকিব বুলিও কয়৷ ইয়াৰ পিছতে কিষাণ মর্চাৰ লোকসকলে আকাংক্ষা কৃষিগোটৰ খেতিপথাৰত আলু, বিন, মূলা, কবি ইত্যাদি ৰবিশস্যৰ বীজ ৰোপণ কৰাৰ লগতে ধান কটা উৎসৱ কার্যসূচী মুকলি কৰে৷ ইয়াৰ পিছতে কিষাণ মর্চাৰ দলটোৱে ৰংমন কৃষি পামত উপস্থিত হৈ একে কার্যসূচী ৰূপায়ণ কৰে৷ আজিৰ অনুষ্ঠানত নিবাৰণ লহকৰ, মাধৱ বৰাকে ধৰি জলসিঞ্চন বিভাগৰ কার্যবাহী অভিযন্তা মনেশ্বৰ ডেকা, কৃষি বিভাগৰ সংশ্লিষ্ট বিষয়া–কর্মচাৰীও উপস্থিত থাকে৷

You might also like