নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচি -ত নাম থাকক-নাথাকক, বাংলাদেশী বিতাড়ন হ’বই

🔹 এনআৰচি -ত নাম থাকক-নাথাকক, বাংলাদেশী বিতাড়ন হ’বই

🔹 প্রথমে মই অসমীয়া, তাৰ পাছতহে মুখ্যমন্ত্রী

🔹 অনুপ্রৱেশকাৰী বহিষ্কাৰক লৈ সদনত কঠোৰ মুখ্যমন্ত্রী ড০ শৰ্মা

বিশেষ বাৰ্তা, ১০ জুন : ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ত নাম থাকক বা নাথাকক, বাংলাদেশী বুলি চিনাক্ত হ’লে বিতাড়ন হ’বই৷ অবৈধ বাংলাদেশী বিতাড়নক লৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা কঠোৰ স্থিতিৰ সময়তে বিষয়টোক লৈ বিৰোধীয়ে সৃষ্টি কৰা ৰাজনৈতিক পৰিৱেশৰ সময়তে কালি বিধানসভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট ঘোষণা– এনআৰচিত নাম থাকিলেই এজন লোক স্বদেশী হৈ নাযায়৷ এনআৰচিত নাম থাকক বা নাথাকক, বাংলাদেশী বিতাড়ন হ’বই৷

মুখ্যমন্ত্রীয়ে কয়– বিদেশী ন্যায়াধিকৰণ নিজৰ পথত যাব, এনআৰচি নিজৰ পথত যাব৷ এনআৰচিত নাম থকাৰ পাছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে বিদেশী বিতাড়ন কৰি থাকিব পাৰিব৷ কোনোবা চক্র বিষয়া এজনে এনআৰচি এখন প্রস্তুত কৰি দিয়া মানে ৰাজ্য চৰকাৰৰ হাত–ভৰি বন্ধ হৈ যোৱা বুলি নুবুজায়৷ চৰকাৰে এনআৰচিত নাম থকাৰ পাছতো বিদেশী চিনাক্তকৰণৰ কাম অব্যাহত ৰাখিব পাৰিব৷ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়ত এই কথা স্পষ্ট আছে৷ উল্লেখ্য যে কালি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত বিৰোধী দলপতি দেৱব্রত শইকীয়াই বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনা নিয়মাৱলী ৩০১নং নিয়মৰ অধীনত এনআৰচিৰ কাম সোনকালে শেষ কৰা সম্পর্কত এক বক্তব্য উত্থাপন কৰে৷ বিৰোধী দলপতিগৰাকীয়ে বিষয়টো সন্দর্ভত সদনত উল্লেখ কৰে যে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নয়ন এক বিশেষ প্রাসংগিক বিষয়৷ শেহতীয়াকৈ চৰকাৰে বহু লোকক বাংলাদেশলৈ পঠিয়াই দি আকৌ তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাইজক দেখুৱালে৷

বিৰোধী দলপতিগৰাকীয়ে উত্থাপন কৰা বিষয়টো সন্দর্ভত উত্তৰ প্রদান কৰি মুখ্যমন্ত্রীৰ মন্তব্য– চৰকাৰে কোনো অস্পষ্ট স্থিতিত নাই৷ চৰকাৰৰ স্থিতি স্পষ্ট, চিনাক্ত হোৱা বিদেশী বিতাড়ন হ’বই৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি বাংলাদেশী বিতাড়ন প্রক্রিয়া আৰম্ভ হৈছে৷ এইক্ষেত্রত এনআৰচি হেঙাৰ হ’ব নোৱাৰে৷ বিধানসভাত মুখ্যমন্ত্রীৰ সদম্ভে ঘোষণা– মই মুখ্যমন্ত্রী পিছত, অসমীয়া আগত৷ গতিকে মই যি ক’ম গৌৰৱী অসমীয়াৰ দৰে ক’ম৷ প্রয়াত প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাৰ পাছত মই অসমৰ এজনেই মুখ্যমন্ত্রী, যিয়ে কিছু হ’লেও বাংলাদেশীক বিতাড়ন কৰিব পাৰিছোঁ৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই উচ্চতম ন্যায়ালয়ৰ এক ৰায় উল্লেখ কৰি কয়– উচ্চতম ন্যায়ালয়ৰ এই ৰায়টোত এটা কথা স্পষ্ট কৰিছে যে বিদেশী বিতাড়নৰ লগত এনআৰচিৰ কোনো সম্পর্ক নাই৷ উচ্চতম ন্যায়ালয়ৰ চাৰিজনীয়া বিচাৰপীঠে প্রদান কৰা ৰায়ৰ পাছত অসম চুক্তিক ন্যায্যতা প্রদান কৰি ১৯৭১ চনক ভিত্তিবর্ষ হিচাপে লৈ বিদেশী বিতাড়নৰ দিন স্থিৰ কৰিছে৷ ৰায়টোত ইয়াকো স্পষ্ট কৰা হৈছে যে ’৭১ৰ পাছত অহা কোনো অবৈধ লোকক ক্ষমা কৰা নহ’ব৷ চৰকাৰে তেওঁলোকক বিতাড়ন কৰিব লাগিব৷ কার্যতঃ ইয়াৰ জৰিয়তে সর্বোচ্চ ন্যায়ালয়খনে ৰাজ্য চৰকাৰখনক এক বিশেষ ক্ষমতা প্রদান কৰিলে৷ অর্থাৎ বিদেশী বহিষ্কাৰৰ বাবে এতিয়াৰে পৰা চৰকাৰে বিদেশী ট্রিবুনেলত যোৱাৰ প্রয়োজন নাই৷ কাৰণ অসমৰ কাৰণে ১৯৫১ চনৰ পটভূমিত অনা হৈছে এক বিশেষ আইন৷

দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইনৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই আইনৰ জৰিয়তে জিলা আয়ুক্তক বিদেশী বিতাড়নৰ বাবে ক্ষমতা অর্পণ কৰা হৈছে৷ অর্থাৎ জিলা আয়ুক্তই কোনো লোকক বিদেশী বুলি সন্দেহ কৰিলে বা লোকজনৰ বিৰুদ্ধে বিদেশী প্রমাণ লাভ কৰিলে তেওঁক তৎকালে বিতাড়ন কৰিব পাৰিব৷

উল্লেখ্য যে কালি বিধানসভাত মুখ্যমন্ত্রীয়ে এনআৰচিৰ জৰিয়তে বিদেশীক কোনোধৰণৰ ৰক্ষণাবেক্ষণ দিয়া নহ’ব বুলি কৰা ঘোষণাক লৈ বিৰোধী কংগ্রেছ আৰু এইউডিএফৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাংলাদেশী বুলি ভাৰতীয় লোকক হাৰাশাস্তি কৰা বুলি অভিযোগ তোলে৷ আনকি যিসকল লোকক সীমান্তৰে ঠেলি পঠিওৱা হৈছে, তেনে লোকৰ পৰিয়াল বিশেষকৈ পিতৃ–ককাক ভাৰতীয় নাগৰিক বুলিও চিহ্ণিত হৈছে৷ চৰকাৰে এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ তোলে এআইইউডিএফৰ বিধায়কজনে৷

ইয়াৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয়– চৰকাৰে প্রচলিত আইনক সন্মান জনাই বিতাড়ন প্রক্রিয়াত আগবাঢ়িছে৷ দুজন ব্যক্তিৰ ওপৰত ন্যায়ালয়ে দিয়া নির্দেশৰ পাছত তেওঁলোকক সীমান্তৰ পৰা ঘূৰাই অনা হৈছে৷ ইয়াৰ বাহিৰে আন যিসকলক বহিষ্কাৰ কৰা হৈছে, সেয়া দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইনৰ অধীনত বহিষ্কাৰ কৰা হৈছে৷

মুখ্যমন্ত্রীয়ে কয়– এতিয়াৰে পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্রত চৰকাৰে দুটা পথ ল’ব৷ ইয়াৰে প্রথমটো হ’ল বিদেশী ন্যায়াধিকৰণ আৰু আনটো হ’ল দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইন, ১৯৫০৷ এই আইনত পুছ–বেক শব্দটো নাই, কিন্তু ৰিমোভ শব্দটো আছে৷ ইতিমধ্যে চৰকাৰে ৩০৩ অবৈধ বাংলাদেশীক পুছ–বেক কৰিবলৈ সক্ষম হৈছে আৰু এজনো উভতি অহা নাই৷ এই পুছ–বেক প্রক্রিয়া অহা সময়ছোৱাত অধিক জটিল হ’ব৷ কাৰণ আমাৰ ৰাজ্যত যিধৰণে পাকিস্তানী চোৰাংচোৱা, বাংলাদেশী মৌলবাদী সোমাইছে, ৰাজ্যখনে নিজক বচোৱাৰ কাৰণে চৰকাৰে আগতকৈ বেছি সক্রিয় হ’ব লাগিব৷ সেই কাৰণে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে দ্য ইমিগ্রেন (এক্সপালছন ফ্রম আছাম) আইনৰ জৰিয়তে কার্যব্যৱস্থা গ্রহণ কৰা হ’ব৷ ইয়াৰ লগতে জিলা আয়ুক্তসকলে কাৰোবাক যদি বিদেশী বুলি চিনাক্ত কৰে, তেওঁক বিদেশী ন্যায়াধিকৰণলৈ নিয়াৰ পৰিৱর্তে পুছ–বেক কৰা হ’ব৷

সদনত মুখ্যমন্ত্রীয়ে আন এক তথ্য দাঙি ধৰি কয় যে অসমত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা ৩০ হাজাৰ লোক আছে৷ এই লোকসকলে এতিয়াও ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনোৱা নাই৷ পৰিতাপৰ বিষয় যে কংগ্রেছ চৰকাৰৰ কার্যকালতেই এই লোকসকলক বিদেশী বুলি ঘোষণা কৰা হৈছে৷ এটা কথা স্পষ্ট– বিদেশী বহিষ্কৰণৰ ক্ষেত্রত এই চৰকাৰ সম্পূর্ণৰূপে দায়বদ্ধ৷ সংবিধানপ্রদত্ত আইনৰ জৰিয়তে বিদেশী বহিষ্কৰণৰ প্রক্রিয়া আগবঢ়াই নিয়া হ’ব৷ এইক্ষেত্রত চৰকাৰে তিনিটা দিশত গুৰুত্ব দিছে৷ এয়া হ’ল উচ্চতম ন্যায়ালয়ৰ মতে বিদেশী বহিষ্কৰণৰ ক্ষেত্রত এনআৰচিৰ কোনো সম্পর্ক নাই৷ দ্বিতীয়টো হ’ল, বিদেশী বিতাড়নৰ বাবে জিলা আয়ুক্তই নির্দেশ দিব পাৰে আৰু তৃতীয়টো হ’ল চৰকাৰে বিদেশী বহিষ্কৰণৰ প্রক্রিয়া অধিক ত্বৰান্বিত কৰিব৷

You might also like