📌 বিজেপিৰ বহুচৰ্চিত জাতি-মাটি-ভেটিৰ শ্ল’গানৰ সাৰ্থকতা প্ৰতিপন্ন
বিশেষ বার্তা, ২৩ জুনঃ বিজেপিৰ বহুচর্চিত জাতি-মাটি-ভেটিৰ শ্লোগানৰ সার্থকতা প্রতিপন্ন কৰি আজি বিশ্বনাথত সমষ্টি পুনৰ নির্ধাৰণৰ খচৰাৰে ৰাজ্যৰ ১২৬ সমষ্টিৰ ভিতৰত ১০২ সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য প্রতিষ্ঠা হোৱা বুলি দ্ব্যর্থহীনভাৱে ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ আজি বিজেপিৰ এখন জনাকীর্ণ সভাত অংশ লৈ মুখ্যমন্ত্রী ড০ শর্মাৰ উদাত্ত ঘোষণা– অসম আন্দোলন, অসম চুক্তি আদিৰ লগতে এন আৰ চিৰ নামত গোচৰ আদিয়ে খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰিব নোৱাৰিলেও সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াই এইবাৰ নিশ্চিত কৰিলে খিলঞ্জীয়াৰ সুৰক্ষা ৷ এই ব্যৱস্থাৰ দ্বাৰা আগন্তুক ৫০বছৰলৈ সুৰক্ষিত হ’ব খিলঞ্জীয়াৰ ভৱিষ্যৎ৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আনকি নাওবৈচা সমষ্টিৰ কথা উল্লেখ কৰি ড০ ভূপেন হাজৰিকাৰ পিছত কোনো অসমীয়া লোকে এই সমষ্টিত প্রতিনিধিত্বৰ সুযোগ পোৱা নাই বুলিও দোহাৰে ৷ প্রকাশিত খচৰাৰ পিছত নাওবৈচাত অসমীয়াৰ স্বার্থ সুৰক্ষিত হোৱা বুলি দাবী কৰি মুখ্যমন্ত্রীয়ে এই সমষ্টিত বিজেপি অথবা কংগ্রেছ কিম্বা এজিপিৰ জাতি-মাটি আৰু ভেটিৰ ব্যক্তি জিকিব বুলি প্রকাশ কৰে ৷ ৰাজ্যৰ দৰিদ্র, মহিলা, যুৱপ্রজন্মৰ উন্নয়ন আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে ৰাজনীতি কৰা বুলি দাবী কৰি এই ব্যৱস্থাৰ ফলত আজমলৰ সেনানী কিম্বা চামচাও দিছপুৰৰ অন্তেষপুৰত প্রৱেশ কৰিব নোৱাৰিব বুলি তাৎপর্যপূর্ণ বক্তব্য প্রকাশ কৰে ৷ আজি বিশ্বনাথৰ বিজেপিৰ মহাজনসম্পর্ক অভিযানৰ মুকলি সভাতে মুখ্যমন্ত্রীয়ে ৰাজ্যৰ ২ লাখ যুৱক–যুৱতীক বেংক অবিহনেই ২ লাখ টকাৰ সাহায্যৰ বিষয়ে বৃহৎ ঘোষণা কৰে ৷ চাকৰিৰ পৰিৱর্তে এহ সাহায্যত সফল হোৱা যুৱক–যুৱতীক ২০ লাখ টকা পর্যন্ত ব্যৱসায়ৰ সুবিধা বেংকৰ জৰিয়তে কৰাৰ কথাও প্রকাশ কৰে ৷ ভাষণত মুখ্যমন্ত্রীয়ে ৰাজ্যৰ ৩ লাখ ৮৭ হাজাৰ আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যক স্বাৱলম্বী কৰাৰ স্বার্থত ইচ্ছানুসৰি কৰিব খোজা ব্যৱসায়ৰ বাবে প্রত্যেকৰে একাউণ্টত ১০ হাজাৰকৈ ধন আবণ্টন দিব বুলি উল্লেখ কৰে ৷ এই ধন লাভ কৰা সফল মহিলাৰ বেংকৰ সুত ৰাজ্য চৰকাৰে আদায় দিব বুলিও অৱগত কৰে ৷ ৰাজ্যৰ মহিলা আত্মসহায়ক গোটক প্রশংসা কৰি ৰাজনৈতিকভাৱে মহিলাসকল সচেতন বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে ৷ ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৯ বছৰীয়া শাসন কালৰ উন্নয়নৰ কথা দোহাৰি মুখ্যমন্ত্রীয়ে ধলা–শদিয়া, বগীবিল, মাজুলী– যোৰহাট, মিছন চাৰিআলি ফ্লাই অভাৰ, চকীঘাট দলং আদিৰ কথা উল্লেখ কৰে ৷ মুখ্যমন্ত্রীয়ে কয়– সূর্যৰ পৰা পোহৰ নাপালে চন্দ্রই পোহৰ দিব নোৱাৰে, ঠিক তেনেদৰে ময়ো নৰেন্দ্র মোদীৰ পৰা পোহৰ পাই আছোঁ বাবেহ ৰাজ্যত নিৰৱচ্ছিন্ন উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ শক্তি অর্জন কৰিছোঁ ৷ সভাতে উন্নয়নৰ সপোন দিঠকত পৰিণত কৰি গহপুৰ আৰু নুমলীগড় কমাৰগাঁও সংযোগী ব্রহ্মপুত্রৰ বুকুয়েদি গাড়ী আৰু ৰে’ল চলাচল কৰিব পৰা এটা সুৰংগৰ কাম আৰম্ভ হ’ব বুলি মন্তব্য কৰাৰ লগতে এহ সন্দর্ভত চলিত মাহৰ ৪ তাৰিখে ডি পি আৰ প্রস্তুতৰ কাৰণে চৰকাৰে আহ্বান জনোৱা নিবিদা খুলিব বুলি উল্লেখ কৰে আৰু অতি কম সময়ৰ ভিতৰতে নির্মাণকার্য আগবাঢ়ি যাব বুলি আশা প্রকাশ কৰে ৷ আনহাতে, গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কথাও ভাষণত উল্লেখ কৰি বিধায়কসকলক ভাল কামৰ কথা ভাবি ভাল কাম কৰিব লাগে বুলিও পৰামর্শ দিয়ে৷ ইফালে, নির্বাচনৰ পূর্বে ১ লাখ চাকৰি দিম বুলি ঘোষণা কৰি সফল কৰাত সন্দিহান হৈও এই লক্ষ্য পূৰণত সফল হোৱাৰ পিছত বছৰি ২০/২৫ হাজাৰ চাকৰি দিব বুলিও আজি ঘোষণা কৰে মুখ্যমন্ত্রী ড০ শর্মাই ৷
মুখ্যমন্ত্রী ড০ শর্মাই আনকি আজিৰ সভাতে বিশ্বনাথ মেডিকেল কলেজৰ কথা উত্থাপন কৰি এই কলেজত অধ্যয়নৰ বাবে অবিভক্ত শোণিতপুৰত ছুপাৰ থার্টীৰ দৰে মেধাসম্পন্ন শিক্ষার্থী গঢ়িব পৰা শিক্ষানুষ্ঠানৰ পোষকতা কৰি স্থানীয় শিক্ষার্থীয়ে এই কলেজত স্থান লাভ কৰাৰো আশা প্রকাশ কৰে ৷ ইফালে, বিজেপিৰ মহাজনসম্পর্ক অভিযানৰ জনসভাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিশ্বনাথ জিলাবাসীক উদ্দেশ্যি কয়– বিশ্বনাথৰ ৰাইজৰ ওচৰত মোৰ এটা ধাৰ আছে, সেইটো হৈছে সমষ্টি পুনৰ নির্ধাৰণৰ সময়ত জিলাখন কর্তন কৰা হৈছিল ৷ সেই ধাৰ মই সুদে–মূলে পৰিশোধ কৰিবলৈ চেষ্টা কৰিম ৷ আনহাতে, ৰাজ্যৰ প্রতিটো সমষ্টিতে একোখনকৈ উপ–জিলা গঠন কৰাৰ বাবে চৰকাৰৰ প্রস্তাৱ আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উন্নয়নৰ স্রোতৰ অবিৰাম গতি ব্রতী থকাৰ স্বার্থত প্রধানমন্ত্রী নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে দিল্লীত অধিষ্ঠিত কৰিবলৈ তেজপুৰ সমষ্টিটো বিপুল ভোটেৰে উপহাৰ দিবলৈও মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায় ৷ ৰাইজৰ আশিসপ্রার্থী ৰূপত অতি বিনয়েৰে আজি ভাষণ দি অসমীয়াৰ স্বার্থ সুৰক্ষিত কৰা বুলি দাবী তোলা বিশ্বনাথৰ আৱর্ত ভৱন ক্ষেত্রত অনুষ্ঠিত বিজেপিৰ মহাজনসম্পর্ক অভিযানৰ জনসভাত মুখ্যমন্ত্রীৰ সহিতে উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, মন্ত্রী অশোক সিংহল, প্রাক্তন মন্ত্রী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, গহপুৰৰ বিধায়ক উৎপল বৰা, ৰঙাপৰাৰ বিধায়ক কৃষকমল তাঁতী, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, বৰচলাৰ বিধায়ক গণেশ লিম্বু, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, জিলা সভাপতি পংকজ বৰা আদি বিজেপি নেতৃবৃন্দ৷
প্ৰেৰক জয়ন্ত বৰা