নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপত আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মিঠানল ৰপ্তানিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা,  ১ জুলাইঃ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনস্থ অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ  দৈনিক ৫০০ টন উৎপাদনক্ষম সম্প্ৰসাৰিত মিঠানল প্ৰকল্পৰ উৎপাদিত সামগ্ৰী আজি প্ৰতিৱেশী ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি কৰা কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা ভাৰ্চুৱেলী নামৰূপৰ অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ উক্ত সম্প্ৰসাৰিত মিঠানল  প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিল। আজি এই ঐতিহাসিক ক্ষণত এ পি এল প্ৰাংগণত অনুষ্ঠিত বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিদেশলৈ পঠোৱা সাতখন  মিঠানলভৰ্তি টেংকাৰৰ ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰীৰ  কাৰ্যকালৰ আন এক বাণিজ্যিক সফলতাৰ সাক্ষ্য বহন কৰে। আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি  মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে নামৰূপবাসী ৰাইজে  নামৰূপ চহৰখন এখন মৃত নগৰীলৈ ৰূপান্তৰ হোৱাৰ যি ভয় পুহি ৰাখিছিল, আজি আৰু তেনে চিন্তা কৰাৰ প্ৰয়োজন নাই । অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ উন্নতিৰ সমান্তৰালভাৱে নামৰূপ সাৰ কাৰখানা আৰু নামৰূপ তাপবিদ্যুৎ প্ৰকল্পয়ো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে  অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ পৰা  সংগ্ৰহ কৰা  ভেট ৰেহাই দিয়াৰ ক্ষেত্ৰত  এক আঁচনি প্ৰস্তুত কৰা হৈছে।  ইয়াৰ দ্বাৰা উদ্যোগটো অধিক লাভৱান হব  বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে মিঠানলৰ উৎপাদনৰ সমান্তৰালভাৱে চাহিদা বৃদ্ধিৰ কল্পে  বাহনসমূহত মিঠানল ব্যৱহাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে অলপতে  বাংগালোৰত থকা  গাড়ী নিৰ্মাণ গোষ্ঠী অশোক লিলেন কোম্পানীৰ লগতো অসম চৰকাৰে চুক্তি সম্পন্ন কৰিছে। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উক্ত মঞ্চৰ পৰাই  ২০২২-২৩ বৰ্ষৰ প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত নাহৰকটীয়া সমষ্টিৰ জয়পুৰ চাৰিআলি-দিল্লীঘাট সংযোগী  ঔদ্যোগিক পথৰ ভাৰ্চুৱেলী শিলান্যাস কৰে । আজিৰ এই সভাত ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্ৰেটাংগ্ মিশ্ৰ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজন সমষ্টিৰ বিধায়ক তেৰশ গোৱালা, সুভাষ দত্ত, অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, উপাধ্যক্ষ হেমন্ত গগৈ আদি উপস্থিত থাকে ।

প্ৰেৰক স্মৃতি ৰেখা কলিতা

You might also like