নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত ভ্রাম্যমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ মুখ্যমন্ত্রীৰ

🟢ৰাজ্যৰ সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ ভ্রাম্যমাণ ৰক্তদান বাহন প্রদানৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ
🟢চলিত বর্ষতে পুনৰ ৫ খন ভ্রাম্যমাণ ৰক্তদান বাহন ক্রয় কৰা হব মুখ্যমন্ত্রী
বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ ৰাজ্যত স্বেচ্ছামূলক ৰক্তদান অভিযান অধিক তীব্র কৰি তুলিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দিছপুৰস্থিত জনতা ভৱনৰ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ৫ খন ভ্রাম্যমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ কৰে৷ উল্লেখ্য যে, ২০২২-২৩ বর্ষত অসম ৰাজ্যিক ৰক্ত সংচৰণ পৰিষদে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান আৰু অসম চৰকাৰৰ পৰা লাভ কৰা ৪.৩৪ কোটি টকাৰে এহ ৫ খন বাহন ক্রয় কৰিছে৷ এহ পুঁজিৰ ২.২৭ কোটি টকা ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে আৰু ২.০৭ কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াইছে৷ নতুনকৈ ক্রয় কৰা এহ বাহন কেইখন বি টি এ ডিৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, কাছাৰ জিলাৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়, দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু শিৱসাগৰ জিলাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰখা হব৷ এই বাহনসমূহৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ দূৰ–দূৰণিৰ অঞ্চললৈ গৈ স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা যাতে দুর্গম অঞ্চলৰ ৰাইজে ৰক্তদান কৰিব পাৰে আৰু ৰাজ্যখনে ১০০ শতাংশ স্বেচ্ছামূলক ৰক্তদানৰ লক্ষ্যত উপনীত হব পাৰে৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে ২০১৯ আৰু ২০২০ বর্ষত ১১খন ভ্রাম্যমাণ ৰক্তদান বাহন ক্রয় কৰিছে৷ এই বাহনসমূহে স্বেচ্ছামূলক ৰক্তদানক উদগনি যোগাইছে৷ আজি নতুনকৈ সংযোজিত হোৱা বাহনকেইখনে স্বেচ্ছামূলক ৰক্তদানক অধিক উদগণি যোগাব বুলি আশা প্রকাশ কৰি তেওঁ কয় যে ইয়াৰ ফলত চিকিৎসালয়সমূহলৈ অহা দুখীয়া ৰোগীসকললৈ জৰুৰী প্রয়োজনত ৰক্ত প্রদানত যথেষ্ট সহায়ক হব৷ ৰাজ্যৰ ব্লাড বেংকসমূহে এই বাহনসমূহৰ জৰিয়তে কভিড মহামাৰীৰ সময়ছোৱাত ১০৮৮৬ ইউনিট ৰক্ত সংগ্রহ কৰিবলৈ সক্ষম হৈছিল বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে চলিত বর্ষতে পুনৰ এইধৰণৰ ৫খন ভ্রাম্যমাণ ৰক্তদান বাহন ক্রয় কৰা হব বুলি ঘোষণা কৰে৷ তদুপৰি ৰাজ্যৰ সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ এনে বাহন প্রদানৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷  অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা, স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, স্বাস্থ্য বিভাগৰ সচিব বর্ণালী শর্মা, আয়ুষৰ সঞ্চালক ইন্দ্রানুসী দাসকে ধৰি কেইবাগৰাকী গণ্য–মান্য ব্যক্তি তথা শীর্ষ বিষয়া উপস্থিত থাকে৷
You might also like