নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত বিকাশৰ দিশত নতুন মাত্ৰা সংযোজন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৭ জুলাইঃ বঙাইগাঁও জিলাৰ বিকাশৰ দিশত নতুন মাত্রা সংযোজনৰে বিকাশ উৎসৱ কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ৫৫৫কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্রকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে৷ মুখ্যমন্ত্রীয়ে ৬৯.৩৮ কোটি টকা ব্যয় সাপেক্ষে বৰঘোলা–কীর্তনপাৰা পথত আই নদীৰ ওপৰত পকী দলং আৰু ওখ আলিৰ বেষ্টনীৰে সংযোগী পথ, ১৫.৬৯ কোটি টকা ব্যয় সাপেক্ষে ইক পার্ক আৰু সংলগ্ন জলাশয়ৰ উন্নয়ন পর্যায়–১, ১৪ লাখ টকা ব্যয় সাপেক্ষে জিলা পুথিভঁৰাল চৌহদত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্রতিমূর্ত্তি, ৮ লাখ টকা ব্যয় সাপেক্ষে জিলা পুথিভঁৰাল চৌহদত মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্ত্তি, ১৭.৯৪ কোটি  টকা ব্যয় সাপেক্ষে নৱনির্মিত আলোচনা ভৱন তথা সন্মিলন কেন্দ্র, ২৫ লাখ টকা ব্যয় সাপেক্ষে ৰাষ্ট্রীয় পতাকা উত্তোলনৰ স্থায়ী ভেটি আৰু স্তম্ভ আৰু ৫০ লাখ টকা ব্যয় সাপেক্ষে থীম পার্কৰ শুভ উদ্বোধন কৰে৷ আনহাতে অসম মালাৰ অধীনত ৪১৭.১৩ কোটি টকা ব্যয় সাপেক্ষে যোগীঘোপাৰ পৰা শ্বহীদ বেদী পথৰ উন্নয়ন আৰু উন্নীতকৰণ, ৬.২০ কোটি টকা ব্যয় সাপেক্ষে সৃজনগ্রামত শ্রীৰঘুনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন, ৯.০২ কোটি টকা ব্যয় সাপেক্ষে তালগুৰি–বাসুগাঁও পথ আৰু ধর্মপুৰ–বৰঘোলা পথৰ উন্নয়ন, ৫.৪০ কোটি টকা ব্যয় সাপেক্ষে নোৱাগাঁৱৰ পৰা দক্ষিণ নম্বৰপাৰা, পূব জাপিয়া হৈ ৰঙাপানী গাঁও পথৰ নির্মাণ, ১.১১ কোটি টকা ব্যয় সাপেক্ষে আঠুগাঁৱৰ পৰা ডাংতল হৈ চুঙাপোতা পথৰ উন্নীতকৰণ আৰু ১১.৯৯ কোটি টকা ব্যয় সাপেক্ষে বর্ষণগাঁও মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রীয়ে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ প্রতিখন জিলাৰে সম উন্নয়নৰে দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিষ্চিত কৰিবলৈ যোৱা দুটা বছৰে অসম চৰকাৰে দিনে–নিশাই প্রচেষ্টা চলাই আহিছে৷ এই সংকল্প সন্মুখত ৰাখি অসমৰ বিভিন্ন জিলাত বিকাশৰ বাবে কার্যসূচী ৰূপায়িত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্রায় ১৫ হাজাৰ কোটি টকাকৈ অধিক পুঁজিৰে এই কার্যসূচী আৰম্ভ কৰা হৈছিল৷ তেওঁ কয় যে বঙাইগাঁও জিলাতো ৬৯৩কোটি টকা ব্যয় সাপেক্ষে বিকাশৰ কার্যসূচী লোৱা হৈছিল৷ সেই সময়ছোৱাত আধাৰশিলা স্থাপন কৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম অব্যাহত আছে আৰু অহা ওঠৰ মাহৰ ভিতৰত এই কাম সম্পূর্ণ কৰি ৰাইজৰ সেৱাত উৎসর্গিত কৰিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰে৷ অভিযান্ত্রিক মহাবিদ্যালয়, উপাযুক্তৰ কার্যালয়, বঙাইগাওঁ পলিটেকনিক, আৰক্ষী প্রশিক্ষণ প্রতিষ্ঠান আদি সমূহেও নির্দিষ্ট গতি লাভ কৰিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বঙাইগাওঁ জিলাৰ ঐতিহাসিক, সাংসৃক্তিক আদি সকলো দিশতে এক গৌৰবোজ্জ্বল ইতিহাস, ভৌগোলিক বৈশিষ্ট্য আছে৷ সাংসৃক্তিক আৰু আধ্যাত্মিক জীৱনশৈলীয়ে জিলাখনক বিশেষ মাত্রা প্রদান কৰিছে৷ প্রাকৃতিকভাৱে চহকী জিলাখনৰ পর্যটন খণ্ডৰ বিকাশৰ যথেষ্ট সম্ভাৱনীয়তা লুকাই আছে বুলিও তেওঁ কয়৷ জিলাখনৰ বিকাশৰ গতি খৰতকীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে৷ থিম পার্কৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পুনৰ এক কোটি টকা আগববাব বুলিও তেওঁ ঘোষণা কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে যোৱা বছৰ লাচিত বৰফুকন ৪০০ সংখ্যক জন্ম জয়ন্তী গাম্ভীর্যপূর্ণ পৰিৱেশত পালন কৰা হৈছিল৷ ৰাজ্য চৰকাৰে যোৱা বছৰ বঙাইগাওঁত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বঙাইগাঁৱত নতুনকৈ স্থাপন কৰা সন্মিলন কেন্দ্রৰ জৰিয়তে সভা–সমিতি অনুষ্ঠিত কৰাৰ দিশত সহায়ক হৈ উঠিব৷ তেওঁ কয় যে বঙাইগাঁৱত এক শক্তিশালী ক্রীড়াৰ পৰিৱেশ গঢা়ৰ বাবে ৰাজ্য চৰকাৰে মিনি ষ্টডিয়ামক জিলা ষ্টেডিয়ামলৈ ৰূপান্তৰ সাধনৰ বাবে অতিৰিক্তভাবে ৪০ কোটি টকা আগবঢ়াব৷ মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সহযোগত যোগীঘোপাত মাচ্টি মডেল লজিষ্টিক পার্ক নির্মাণৰ কাম অব্যাহত আছে৷ বাণিজ্যিক দৃষ্টিভংগীৰ প্রতি লক্ষ্য ৰাখি যোগীঘোপা আৰু বঙাইগাঁৱৰ মাজত বিকল্প পথৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ এই পথটোৱে অর্থনৈতিক গতিক অধিক খৰস্রোতা কৰি তুলিব বুলিও তেওঁ কয়৷ ১৬ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হব বলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই অধিৱেশনতে বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হব৷ আজি বঙাইগাঁও জিলালৈ বিকাশৰ যি গংগা নামি আহিছে, সেয়া তিনি বছৰ আগতে কোনেও কল্পনা কৰিব পৰা নাছিল বুলি তেওঁ কয়৷ বঙাইগাঁৱক লৈ নতুন অমৃত মন্থন আৰম্ভ হৈছে৷ মুখ্যমন্ত্রীয়ে কয় অসমৰ অর্থনৈতিক উন্নয়নত বঙাইগাওঁ জিলাই বিশেষ ভূমিকা গ্রহণ কৰি আহিছে৷ অহা ছেপ্ঢেম্বৰ মাহত অসমৰ উন্নয়নক নতুন পর্যায়লৈ লৈ যোৱা হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আঁাঁচনিসমূহৰ সুবিধা জনসাধাৰণে লাভ কৰিছে নে নাই সেই কথাৰ বুজ লবলৈ মুখ্যমন্ত্রী, মন্ত্রী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়াই গাঁৱৰ ৰাইজৰ মাজত থাকিব৷  অনুষ্ঠানত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফণীভূষণ চৌধুৰী, অজয় কুমাৰ ৰায়, প্রদীপ সৰকাৰ, আব্দুল বাতিন খন্দকাৰ, কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্যকার্যবাহী সদস্য গকুল বর্মন, বিজেপিৰ জিলা সভাপতি হিমানী অধিকাৰী প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷
You might also like