বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ স্বাধীন ভাৰতৰ অন্যতম কলা আইন হিচাপে পৰিচিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) অসমৰ পৰা প্ৰত্যাহাৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰে। দুপৰীয়া গৃহমন্ত্ৰীৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত হোৱা প্ৰায় আধা ঘন্টাৰ সাক্ষাতকালত মুখ্যমন্ত্ৰীজনে অসমৰ পৰা আফস্পাক সম্পূৰ্ণৰূপে কেনেদৰে প্ৰত্যাহাৰ কৰিব পাৰি তাক লৈ এখন ৰূপৰেখা প্ৰস্তুত কৰে। এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে ডঃ শৰ্মাক কেইবাটাও পৰামৰ্শ প্ৰদান কৰা বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। পাছত সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি অসম চৰকাৰে ৰাজ্যখনৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰী প্ৰেছ বিজ্ঞপ্তিখনত প্ৰকাশ পোৱা মতে, মুখ্যমন্ত্ৰীজনে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ ওচৰত ৰাজ্যৰ শেহতীয়া উন্নত আইন-শৃংখলা পৰিস্থিতিৰ কথা সবিস্তাৰে দাঙি ধৰিছে। অধিকাংশ সশস্ত্ৰ সংগঠনে অস্ত্ৰ সম্বৰণ কৰাৰ লগতে কেবাটাও শান্তি চুক্তি সম্পাদিত হৈছে। এই পৰিপ্ৰেক্ষিতত অসমত আফস্পাৰ আৰু কোনো প্ৰয়োজন নাই বুলিহে ড০ শৰ্মাই গৃহমন্ত্ৰীজনৰ সমুখত যুক্তি আগবঢ়াই। মন কৰিব লগীয়া যে স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী ড০ শৰ্মাই চলিত বছৰতেই অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হব বুলি ঘোষণা কৰিছিল। উল্লেখ্য, ১৯৯০ চনত প্ৰথমবাৰৰ বাবে বলবত কৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন ২০২২ চনৰ ১ এপ্ৰিলত ৰাজ্যৰ ৯ খন জিলাক বাদ দি আন সকলো প্ৰান্তৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল। ইয়াৰ পিছত চলিত বছৰৰ ১ এপ্ৰিলত আন এখন জিলাকো আফস্পাৰ পৰা মুক্ত কৰা হয়। এতিয়া কেতিয়া সমগ্ৰ আসমৰ পৰা কলা আইনখন প্ৰত্যাহাৰ কৰা হয় সেয়া লক্ষ্যনীয় হব।
প্ৰেৰক কল্লোল ভৌমিক