১৬৮ কোটি টকা ব্যয় সাপেক্ষে ১৩টা প্রকল্প উদ্বোধন
কার্বি সংহাৰি আর্মু চিংৰুম সভাত অংশগ্রহণ
কার্বি সমাজ যুগ-যুগান্তৰৰ ধর্মীয় বিশ্বাস আৰু লোক- পৰম্পৰাৰে সমৃদ্ধঃ মুখ্যমন্ত্রী
বাৰ্তা ডিজিটেল ডেস্ক, ৮ জানুৱাৰীঃ কার্বি আংলঙত বিকাশৰ নৱ তৰংগ সূচনাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ১৬৮ কোটি টকা ব্যয় সাপেক্ষে ১৩টা প্রকল্প উদ্বোধন কৰে৷ এই প্রকল্পসমূহ হৈছে ৫৫৭ লাখ টকা ব্যয় সাপেক্ষে তাৰালাংচত কাজিৰ ৰংহাংপি ভি আই পি অতিথিশালাৰ সম্প্রসাৰণ, ৩৫০০ লাখ টকাৰে তাৰালাংচত নির্মাণ কৰা ৩০০০ আসনযুক্ত ছার্টেলিন প্রেক্ষাগৃহ, ২৫৫ লাখ টকা ব্যয়েৰে তাৰালাংচত লাংকোঙ ফাঙ পুখুৰীৰ সৌন্দর্যবর্ধন, ৫৫০ লাখ টকাৰে তাৰালাংচত এক স্থায়ী মুকলি মঞ্চ ৰংছিনা চার্প আহংজাই, ২০০ লাখ টকাৰে তাৰালাংচত কুলেং আবি পুখুৰীৰ সৌন্দর্যবর্ধন, ৬৮৬ লাখ টকা ব্যয় সাপেক্ষে তাৰালাংচত কার্বি ৰাজধানী চৌহদ ৰংবঙ আৰতুৰ নির্মাণ, ৩৭৮ লাখ টকা ব্যয়ৰে কার্বি পিপুলচ প্রেক্ষাগৃহ, তাৰালাংচৰ সৌন্দর্যবর্ধন, ৪২২ লাখ টকাৰে জিৰলঙ এৰিচৰ সোঁৱৰণত চেলেঙ আথেপাইৰ নির্মাণ, ৯৯ লাখ টকা ব্যয় সাপেক্ষে তাৰালাংচত ছিঙ মিৰজেঙ ভি আই পি গেলাৰী, ১০০০ লাখ টকা ব্যয়ৰে ৰংখেলনত নতুন বজাৰগৃহ নির্মাণ, ৭৫০০ লাখ টকা ব্যয় সাপেক্ষে কে এ এছ এ ষ্টেডিয়ামত চৰসিং টেৰণ লাংকোঙ হাবে বহুমুখী ক্রীড়া প্রকল্প, ১২০০ লাখ টকা ব্যয় সাপেক্ষে ডি এম ৰোডত ছং বে আন্তঃৰাজ্যিক বাছ আস্থানৰ নির্মাণ আৰু ৫০০ লাখ টকা ব্যয় সাপেক্ষে ডিফু, শ্মশান ভূমিৰ সমীপত ড্রাক আস্থানৰ নির্মাণ৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কার্বি সমাজ যুগ-যুগান্তৰৰ ধর্মীয় বিশ্বাস আৰু লোক-পৰম্পৰাৰে সমৃদ্ধ৷ অসমৰ আটাইতকৈ পুৰণি আদিম জাতি হিচাপে কার্বি সমাজৰ পৰিচয় আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে ইয়াৰ আধ্যাত্মিক জনজীৱনে কার্বিসকলৰ পৰম্পৰাগত লোকজীৱন আৰু লোকসংস্কৃতি অধিক চহকী কৰিছে৷ কার্বিসকলৰ খিলঞ্জীয়া ধর্ম বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা আৰনবাৰিমে মূল্যবোধ আৰু মানৱতাবোধৰ আদর্শৰে আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগাই আহিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অসমৰ অন্যতম আদিম খিলঞ্জীয়া জনগোষ্ঠী আৰু বহু ধর্মীয় পৰম্পৰাৰ গৰাকী কার্বিসকলৰ চহকী সভ্যতা গঢ় লৈ উঠিছিল ৰংখাং অঞ্চলত৷ ৰংখাং ৰাজ্যতেহ কার্বিসকলে ছচেং, মুখিম, পিডং, তামু আৰু ৰংহাং-ৰংবং আদি বাৰখন ঠাহত ৰাজধানী পাতি সেহবিলাক ঠাহত কার্বি নীতি-নিয়ম, পৰম্পৰা আৰু কলা-সংস্কৃতিৰ নিয়মীয়া চর্চা কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ৰংখাং অঞ্চলতেহ ৰাংছিনা ছাৰপ, ৰূকাছেন, থংনকবে, ছিৰ ৱমু আদি বিখ্যাত সমাজ সংস্কাৰক তথা বীৰৰ জন্ম হৈছিল আৰু ৰাংছিনা ছাৰপৰ কার্বি সমাজলৈ সংগীতৰ ক্ষেত্রত যি বৰঙণি, তাৰ বাবে তেওঁ সংগীতৰ আদিগুৰুৰ স্বীকৃতি লাভ কৰিছে৷ তেওঁ লগতে কয় যে বিখ্যাত জিৰকেদাম অনুষ্ঠানৰ যোগেদিও ৰাংছিনাহ কার্বি ডেকা-গাভৰুসকলক সমাজৰ বিভিন্ন কাম-কাজৰ নিয়মীয়া প্রশিক্ষণ দিছিল৷ ছচেঙত ছত ৰেচহ কার্বি সামাজিক আৰু প্রশাসনিক অনেক বিধি–বিধান সৃষ্টি কৰিছিল৷ থংনকবেৰ নিচিনা শক্তিশালী আৰু জনপ্রিয় বীৰে কেৱল কার্বি ৰজাৰেই নহয়, জয়ন্তীয়া ৰজাৰো মুখ্য সেনাধিনায়ক পদত অধিষ্ঠিত হৈছিল বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ ষোড়শ শতাব্দীত কন্দলী ৰামায়ণৰ যোগে কার্বি সমাজলৈকো ৰামায়ণ তথা ৰামৰ কাহিনী কার্বি গীতৰ মাধ্যমেৰে সোমাহ পৰিছিল, যাক ছাবিন আলুন বুলি সমাদৰ কৰা হয় বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই উল্লেখ কৰি ৰংখাঙৰ যোগেদিয়েহ ভৈয়ামৰ সমাজ আৰু সংস্কৃতিৰ লগত কার্বিসকলৰ চিনাকি হৈছিল৷ কার্বিসকলে সকলো এলেকাতে কোনো নহয় কোনো অতিন্দ্রীয় শক্তি বা অধিপতি থকা বুলি বিশ্বাস কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে এই অতিন্দ্রীয় শক্তিসমূহক সন্তুষ্ট কৰি পাৰস্পৰিক একধৰণৰ বুজাবুজিৰ মাজেৰে সহাৱস্থান কৰিব পাৰি বুলি থকা লোকবিশ্বাসৰ আধাৰতেই কার্বি সমাজৰ পৰম্পৰাগত ধর্ম আৰনবাৰিমৰ সৃষ্টি হৈছিল৷ তেওঁ কয় যে আৰনবাৰিমৰ সৈতে জডিত ধর্মীয় বিশ্বাস অনুসৰিয়েই কার্বিসকলে পূর্বপুৰুষসকলৰ আত্মাৰ লগতে ক্ষেত্র ভেদে বাঘ, হাতী আদি বনৰীয়া জীৱ-জন্তুৰ আত্মাকো পূজা কৰে৷ কার্বি লোকবিশ্বাস অনুসৰি প্রতিটো ক্ষেত্রই পৱিত্র আৰু সকলো ক্ষেত্রৰেই একো একোজন নির্দিষ্ট অধিপতি থাকে৷ আত্মাক সন্তুষ্ট কৰা ৯ সংখ্যাটোক অতি গুৰুত্বপূর্ণ সংখ্যা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে প্রমাণিত হয় যে আধুনিক সংখ্যাতত্ব আৱিষ্কাৰৰ আগতে কার্বি সমাজে সংখ্যাতত্বৰ আবিস্কাৰ কৰিছিল৷ মুখ্যমন্ত্রীয়ে কয় যে কার্বিসকলৰ বিভিন্ন পূজাৰ ভিতৰত চজুন, ৰংকেৰ আৰু ৱলকেতেৰ এই তিনিটাই মুখ্য পূজা৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে কার্বি জাতিৰ ইতিহাস পাঁচ হাজাৰ বছৰীয়া৷ মুখ্যমন্ত্রীয়ে কয় যে সংহাৰি ধর্ম পালন কৰি সমাজখন আগুৱাই আহিছে৷ যি মানুহে নিজৰ আদিম পুৰুষৰ ধর্ম, সংসৃক্তি এৰে সেই সমাজৰ ভৱিষ্যতত কোনো পৰিচয় নাথাকে বুলি মন্তব্য কৰি তেওঁ কয় যে কার্বি সমাজে পৰম্পৰাগতভাৱে চলি অহা ধর্মৰ মাজেৰে নিজৰ পৰিচয় শক্তিশালী কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে জনজাতীয় লোকৰ আর্থ-সামাজিক উন্নয়ন পৰম্পৰাগত বিশ্বাস, লোক-সংস্কৃতিৰ মাজেৰে৷ তেওঁ লগতে কয় যে কার্বি সমাজৰ যুৱ প্রজন্মই নিজৰ শিপাৰ সৈতে সংপৃক্ত হৈ সংহাৰি ধর্ম অধিক বিকশাই তুলিব লাগিব৷ কার্বি ধর্মীয় বিশ্বাসে প্রকৃতিৰ প্রতিও একাত্ম হবলৈ শিকায়৷ বেদ উপনিষদে যিদৰে পুনৰ জন্মৰ ওপৰত বাখ্যা আগববাইছে, ঠিক একেদৰে কার্বি সংহাৰি ধর্ময়ো পুনৰ জন্মৰ বিষয়ে দার্শনিকতত্ত্ব আগবঢ়াইছে৷ কার্বি বৌদ্ধিক সমাজে যদি গৱেষণালব্ধ দৃষ্টিভংগীৰে সংহাৰি ধর্মৰ বিষয়ে অধ্যয়ন কৰে তেতিয়া এই সংহাৰি ধর্ময়ো পৃথিৱীৰ আটাইতকৈ সন্মানীয় ধর্মৰ ভিতৰত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে সংহাৰি ধর্মৰ লগত বিজ্ঞান আৰু অলৌকিক শক্তি জডিত হৈ আছে৷ সংহাৰি ধর্মক বিজ্ঞান, পৰিৱেশ আৰু পৰম্পৰাগত বিশ্বাসৰ ভিত্তিত এই ধর্ম সম্পর্কত গৱেষণা কৰি ইয়াত নিহিত হৈ থকা সম্পদসমূহ উলিয়াই আনি ইয়াক জগতসভালৈ লৈ যাবলৈ মুখ্যমন্ত্রীয়ে যুৱ প্রজন্মক আহ্বান জনায়৷ শ্রুতি আৰু স্মৃতিৰ ওপৰত ভিত্তি কৰি ধর্মসমূহৰ ভেটি নির্মাণ কৰা হৈছিল বুলিও তেওঁ কয়৷ সংহাৰি ধর্মৰ গৱেষণা আৰু উপাসনা সমভাৱে আগবঢ়াই লৈ যাবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে জনজাতীয় লোকসকলৰ ভাষা, ধর্ম আৰু লোক বিশ্বাস যাতে হেৰাই নাযায় তাৰ বাবে বিভিন্ন পদক্ষেপ ৰাজ্য চৰকাৰে লৈছে৷ সংহাৰি ধর্মৰ বিকাশ সাধনৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগববাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত কার্বি সমাজৰ ৰজা ৰিছ লংছিং ৰংহাং, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী যোগেন মহন, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, অধ্যক্ষ ৰাজজ্যোতি টিছ, সাংসদ হৰেণসিং বে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়কসকল ক্রমে বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, দৰছিং ৰংহাং আদিকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷