নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যান-বাহন আইন কঠোৰভাৱে বলৱতৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৭ জুনঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা ভিডি কনফাৰেন্সিঙৰ জৰিয়তে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনত সংঘটিত হোৱা পথ দুর্ঘটনাৰ সন্দর্ভত পৰিবহন বিভাগ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্রীয় ঘাইপথ আন্তগাঁথনি উন্নয়ন নিগম, লোকনির্মাণ এন এইছ, লোকনির্মাণ পথ বিভাগৰ সৈতে পর্যালোচনা কৰে৷ যোৱা বছৰৰ তুলনাত এই বছৰ ৰাজ্যখনত পথ দুর্ঘটনা জনিত ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত মুখ্যমন্ত্রীয়ে উদ্বেগ প্রকাশ কৰে আৰু কি কাৰণত এই পথ দুর্ঘটনাসমূহ সংঘটিত হৈছে তাক বিশ্লেষণ কৰি প্রয়োজনীয় পদক্ষেপ লবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে৷ বৈঠকত ৰাজ্যখনত ইতিমধ্যে চিনাক্ত কৰা ১৩২টা সঘন দুর্ঘটনাপ্রৱণ অঞ্চলত ব্লেকস্পটসমূহত যান–বাহন সুৰক্ষিতভাৱে চলাচলৰ বাবে সংশ্লিষ্ট বিভাগসমূহে লোৱা স্থায়ী সমাধানৰ ব্যৱস্থাৰ পর্যালোচনা কৰে৷ মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক জিলাসমূহত থকা ব্লেকস্পটসমূহত সংশ্লিষ্ট বিভাগসমূহে লোৱা পদক্ষেপসমূহ চৰজমিন পর্যবেক্ষণ কৰি যথোপযুক্ত পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ তেওঁ লগতে সুৰা সেৱন কৰি গাডী চলোৱা, হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা, ভুল দিশত গাডী চলোৱা লোকসকলৰ বিৰুদ্ধে যান–বাহন আইনৰ অধীনত কঠোৰ পদক্ষেপ গ্রহণ কৰা আৰু তেনে লোকৰ বাহন চালনৰ অনুজ্ঞাপত্রসমূহ বাতিল কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে গ্রামাঞ্চলত হেলমেট পৰিধান বাধ্যতামূলক কৰাৰ বাবে পৰিবহণ আৰু আৰক্ষী বিভাগক কঠোৰ ব্যৱস্থা লবলৈ নির্দেশ দিয়ে৷ তেওঁ লগতে শ্রীৰামপুৰ গেটেৰে বহিঃৰাজ্যৰ পৰা প্রৱেশ কৰা প্রতিখন বাহনৰ লগতে অহা ১ ছেপ্টে ম্বৰ ভিতৰত ৰাজ্যখনত থকা প্রতিখন যান–বাহনে যাতে পিছফালে ৰিফ্লেক্টৰ সংলগ্ন কৰে সেই দিশত যাৱতীয় পদক্ষেপ লৈ তাক সুনিশ্চিত কৰাৰ বাবেও কয়৷ গ্রাম্যপথৰ পৰা ৰাষ্ট্রীয় ঘাইপথ সংযোগী পথত পথ দূর্ঘটনা ৰোধ কৰিবলৈ স্পীড ব্রেকাৰ স্থাপন কৰাৰ লগতে উক্ত স্থানত সকলোৰে চকুত পৰাকৈ পর্যাপ্ত পথচিহ্ণৰ  ব্যৱস্থা কৰিবলৈ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে পথ সুৰক্ষাৰ সন্দর্ভত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বিশেষকৈ যুৱ চামক এইক্ষেত্রত অধিক সজাগ কৰিবলৈ মহাবিদ্যালয়সমূহত্ বাটৰ নাট অনুষ্ঠিত কৰাৰ লগতে পথ সুৰক্ষাৰ সন্দর্ভত সৰু সৰু ভিডি প্রস্তুত কৰি সামাজিক মাধ্যমত প্রচাৰ কৰিবলৈ পৰিবহন বিভাগক কয়৷ এই ভিডি সমূহ প্রতিটো চৰকাৰী অনুষ্ঠান আৰম্ভ হোৱাৰ আগত প্রদর্শন কৰাটো সুনিষ্চিত কৰাৰ বাবে যাৱতীয় নির্দেশাৱলী প্রদান কৰিবলৈও তেওঁ মুখ্য সচিবক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে পথ নির্মাণৰ প্রকল্প লোৱাৰ সময়ত পথ সুৰক্ষাৰ দিশটো সন্মুখত ৰাখি পথৰ নক্সা প্রস্তুত কৰা আৰু এইক্ষেত্রত অভিযন্তাসকলক লৈ কর্মশালা আয়োজন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ জনসাধাৰণে যাতে পথ দুর্ঘটনাৰ ভয়াৱহতা অনুভৱ কৰিব পাৰে তাৰ বাবে প্রতি মাহে সংবাদ মাধ্যমৰ জৰিয়তে দুর্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰিবলৈও পৰিবহণ আৰু আৰক্ষী বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রতি তিনিমাহৰ অন্তৰে অন্তৰে পৰিবহন মন্ত্রী আৰু আৰক্ষী সঞ্চালক প্রধানে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বিষয়সমূহ পর্যালোচনা কৰিব৷ মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক নির্মাণকার্য চলি থকাৰ সময়ত শ্রমিকসকলে যাতে সুৰক্ষা মূলক ব্যৱস্থা গ্রহণ কৰে সেইটো সুনিষ্চিত কৰিবলৈ নির্দেশ দিয়ে৷  বৈঠকত পৰিবহন মন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকৰ প্রধান জি পি সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা প্রমুখ্যে আৰক্ষী বিভাগ, পৰিবহন বিভাগ আৰু লোকনির্মাণ বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷
You might also like