নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুল হুছেইনে কাক কাক চাকৰি দিলে আৰক্ষীক তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

📌 বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
📌 দীপ্তিময়ী চৌধুৰী ৪১ হাজাৰ ভোটত জিকিব
বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনে গৃহ ৰাজ্য মন্ত্ৰী হৈ থকা সময়ত কাক কাক চাকৰি দিছিল সেই বিষয়ে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি বঙাইগাঁৱৰ গান্ধী ময়দানত আয়োজিত মিত্ৰজোটৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ তেঁও কয় যে বহু দিনৰ পৰা সন্দেহ আছিল যে ৰকিবুল হুছেইনে গৃহৰাজ্য মন্ত্ৰী হৈ থকাৰ সময়ত বহু লোকক পিছ দুৱাৰে দি চাকৰি দিছিল। এই বিষয় লৈ সেই সময়ত বিতৰ্কও হৈছিল  কিন্তু যোৱা দুটা দিন আগত ৰকিবুল হুছেইনে এক সাক্ষাৎকাৰত লৰা এজনক চাকৰি দিয়াৰ কথা নিজে স্বীকাৰ কৰিছে। ৰকিবুল হুছেইনে চাকৰি দিয়াৰ পিছতো লৰাজনে নিৰ্বাচনত বিৰোধীতা কৰা প্ৰসংগ সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল৷ কিন্তু ৰৰিবুল হুছেইনে নিজে কোনো লোকক চাকৰি দিব নোৱাৰে৷ আনহাতে ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছে সেই কথা জনাৰ বাবে আৰক্ষীক  তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব দি তেঁও কয় ‘ ৰাকেশ পালে অবৈধভাৱে চাকৰি দিয়াটো আমি সকলোৱে জানে৷ যাৰ বাবে ৰাকেশ পালে জেলও খাবলগীয়া হৈছিল। কিন্তু ৰকিবুল হুছেইনে চাকৰি দিয়াটো আমি জনা নাছিলো৷ যিহেতু তেঁও বিষয়টো নিজে কৈছে গতিকে বিষয়টো চৰকাৰে তদন্ত কৰি চাব লাগিব৷’ ইফালে বঙাইগাঁও আৰু ধলাইত মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি উল্লেখ কৰি তেঁও কয়, সমষ্টিত গ’লে তাৰে পৰিৱেশ উপলব্ধি কৰিব পাৰি ৷ সমষ্টিত থিয় হৈ ৰাইজৰ মনৰ ভাৱসমুহ সহজতে জানিব পাৰি৷ ইতিমধ্যে মই ধলাই আৰু বঙাইগাঁৱত গৈছো। দুয়োটা সমষ্টিতে আমি জয়লাভ কৰিব।’ আনহাতে পৰৱৰ্তী সমষ্টিমুহত গৈ নিৰ্বাচনৰ পৰিৱেশ অৱগত হ’ব বুলিও তেঁও কয়৷ ইফালে বিগত বিধানসভা নিৰ্বাচনত ফণীভূষণ চৌধুৰীয়ে ৪০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছিল যদিও এইবাৰ দিপ্তীময়ী চৌধুৰীয়ে ৪১ হাজাৰ ভোটত জয়ী হ’ব বুলি তেঁও কয়৷ আনহাতে গড়ভঙা অভয়াৰণ্য পূৰ্ৱৰ দৰেই আছে বুলি উল্লেখ কৰি  মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে গড়ভঙা অভয়াৰণ্যক ‘ৱাইল্ড লাইফ’ হিচাপে গঢ়ি তুলিব বিচৰা হৈছিল৷ কিন্তু ইয়াকে কৰিব গ’লে মহানগৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। গড়ভঙা ফৰেষ্ট হিচাপেই আছে আৰু ইয়াক ‘ৱাইল্ড লাইফ’হে প্ৰত্যাহাৰ কৰা হৈছে।
প্ৰেৰক উপানন্দ শৰ্মা
You might also like