নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত জিলা আয়ুক্তৰে ভিডিঅ কনফাৰেঞ্চ মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৪ আগষ্টঃ খেল মহাৰণ, আধাৰ উন্নীতকৰণ, মেৰী মাটি মেৰা দেশ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ভিডিঅ’ কনফাৰেন্সিংঙৰ জৰিয়তে জিলা আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাই সেই ভিডিঅ’ কনফাৰেন্সিঙত খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা আয়ুক্তসকলক নির্দেশ দিয়ে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ প্রস্তাৱিত এই খেল মহাৰণ তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব৷ অহা ১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত পঞ্চায়ত, পৌৰসভা এলেকাত, স্বায়ত্তশাসিত পৰিষদৰ ভিচিডিচি, এমএছচি (বিটিআৰ, কার্বি আংলং আৰু ডিমা হাচাও) পর্যায়ত অনুষ্ঠিত হ’ব৷ জিলা পর্যায়ৰ খেল সমূহ ১৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷ ৰাজ্যিক পর্যায়ৰ খেল সমূহ অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ এই সন্দর্ভত ভিডিঅ’ কনফাৰেন্সিঙত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গ্রামাঞ্চলৰ নতুন প্রতিভাসমূহ যাতে বিকশাই তুলিব পৰা যায় সেই উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে তৃণমূল পর্যায়ৰ পৰা খেল মহাৰণৰ আয়োজন কৰিছে৷ প্রতিটো পর্যায়ৰ খেল সমূহ যাতে নিয়াৰিকৈ অনুষ্ঠিত হয় তাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে৷ প্রাক্তন খেলুৱৈ আৰু সংগঠন সমূহৰ সক্রিয় সহযোগিতাৰে এই খেল অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই প্রতিটো সমষ্টিৰপৰা দুজনকৈ প্রাক্তন খেলুৱৈ আৰু ক্রীড়া সংগঠনৰ সভাপতি, সম্পাদক সকলক লৈ এটা সহযোগী দল (ছার্পোট টীম) গঠন কৰি খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে নির্দেশ দিয়ে৷ এই প্রতিযোগিতা এথলেটিকছ, ফুটবল, ভলীফল, কাবাডী আৰু খো–খো এই চাৰিটা ইভেণ্টত অনুষ্ঠিত হ’ব৷ ইপিনে জিলা সমূহত চলি থকা আধাৰ অন্তর্ভুক্তি সম্পর্কতো মুখ্যমন্ত্রী ড০ শর্মাই জিলা আয়ুক্তসকলৰ পৰা বিশদভাৱে বুজ লয়৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশেষকৈ চাহ বাগিচা অধ্যুষিত অঞ্চল সমূহত বহু লোক এতিয়াও আধাৰ অন্তর্ভুক্ত নোহোৱাৰ বাবে উক্ত অঞ্চলৰ লোকসকলে ৰেচন কার্ডকে আদি কৰি বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ এই বিষয়ত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সংশ্লিষ্ট জিলা সমূহৰ আধাৰ অন্তর্ভুক্তিকৰণৰ কাম খৰতকীয়া কৰি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবেও জিলা আয়ুক্তসকলক নির্দেশ দিয়ে৷ ইফালে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূর্ণ কৰা উপলক্ষে ভাৰত চৰকাৰে পাঁচটা বিষয় সন্নিৱিষ্ট কৰি ‘মেৰী মাটি, মেৰা দেশ’ শীর্ষক এখ কার্যসূচী মুকলি কৰিছে৷ এই কার্যসূচীত অন্তর্গত দেশৰ স্বাধীনতা তথা সংহতিৰ হকে প্রাণ আহুতি দিয়া বীৰ সকলৰ নামত প্রতিটো পঞ্চায়তত শিলা ফলকম নির্মাণ কৰা হ’ব৷ অহা ৮ আগষ্টৰ পৰা ১৪ আগষ্টৰ ভিতৰত প্রতিখন পঞ্চায়তত অমৃত সৰোবৰ অথবা মুখ্য স্থানত এই শিলাফলকম নির্মাণ কৰা, পঞ্চপ্রাণ শপতবাক্য পাঠ কৰা, ছেলভি আপলোড কৰা, বহুধা বন্দনৰ অধীনত প্রতিটো পঞ্চায়তত ৭৫ জোপা গছপুলি ৰোপণ, বীৰ কা বন্দনৰ অধীনত সামৰিক বাহিনী আৰু অর্ধ সামৰিক বাহিনীৰ শ্বহীদ আৰু অৱসৰপ্রাপ্ত বিষয়াসকলৰ তথা তেওঁলোকৰ পৰিয়ালক সন্মান প্রদান কার্যসূচীসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই জিলা আয়ুক্তসকলক নির্দেশ দিয়ে৷ মেৰী মাটি মেৰা দেশ কার্যসূচীৰ অধীনত অহা ২৩ আগষ্টত প্রতিখন গাঁৱৰ পৰা মাটি সংগ্রহ কৰি শোভা যাত্রাৰে পঞ্চায়ত কার্যালয়লৈ নি তাত সংমিশ্রণ কৰি ৰাখিব৷ ২৪ আগষ্টত প্রতিখন পঞ্চায়তৰ মাটি ব্লক কার্যালয়লৈ নি সংমিশ্রণ ঘটাই ২৫ আগষ্টত গুৱাহাটীলৈ আনিব আৰু ২৬ আগষ্টত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্রতিটো ব্লকৰ পৰা অনা মাটিৰ কলহসমূহ জমা দিয়া হ’ব৷ প্রতিটো ব্লকৰ পৰা এজন যুৱক বা যুৱতী এই মাটিৰ কলহ লৈ ২৭ আগষ্টত দিল্লীলৈ ৰাওনা হ’ব৷ দিল্লীলৈ যাবলগীয়া যুৱক–যুৱতীসকলক্ নির্বাচিত কৰিবলৈ জিলা আয়ুক্তসকলক আজিৰ বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ অহা ২৭ আগষ্টৰ পৰা ৩০ আগষ্টলৈ দিল্লীৰ কর্তব্য পথত দেশৰ বিভিন্ন ঠাইৰ পৰা অনা মাটিৰে অমৃত ভাটিকা নির্মাণত ব্যৱহাৰ কৰা হ’ব৷ দিল্লীত হ’বলগীয়া মেৰী মাটি মেৰা দেশত কেন্দ্রীয় অনুষ্টানলৈ ৰাজ্যখনত বিভিন্ন ব্লকৰ পৰা প্রতিনিধিক পঠিয়াই কার্যসূচীটো সফল কৰি তুলিবলৈ জিলা আয়ুক্তসকলক মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ এই ক্ষেত্রত জিলা আয়ুক্তসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ আৰু গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগকো নির্দেশ দিয়ে৷ আজিৰ এই বৈঠকত মন্ত্রী বিমল বৰা, পীয়ুষ হাজৰিকা, নন্দিতা গার্লোছা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্যসচিব ৰবিশংকৰ প্রসাদ, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাও উপস্থিত থাকে৷

You might also like