নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগী সেনা ছাউনীত লাচিত বৰফুকনৰ প্রতিমূর্তি উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ আজি মহানগৰীৰ নাৰেংগীস্থিত সেনা ছাউনীত লাচিত বৰফুকনৰ এটা প্রতিমূর্তি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উন্মোচন কৰে৷ সেনা ছাউনীটোৰ ভিতৰত মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিৰ লগতে এটা শ্বহীদ স্মাৰকো আজি মুখ্যমন্ত্রীগৰাকীয়ে উদ্বোধন কৰে৷ এই উপলক্ষে মুখ্যমন্ত্রীগৰাকীয়ে কয়, আগন্তুক সময়ত লাচিত বৰফুকনৰ শৌর্য–বীর্যৰ কাহিনী প্রচাৰ আৰু প্রসাৰৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰিবলগীয়া কেতবোৰ পদক্ষেপৰ বিষয়ে সদৰী কৰে৷ ভাষণ প্রসংগত তেওঁ কয় ‘ৰাজ্যখনৰ বাবে আজি এটা অতি গৌৰৱৰ দিন৷ ভাৰতীয় সেনাবাহিনীৰ এক গুৰুত্বপূর্ণ স্থান হৈছে নাৰেংগী সেনা ছাউনী৷ উত্তৰ–পূবৰ দুৱাৰডলি তথা গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এই সেনা ছাউনীটোলৈ ভাৰতীয় সেনাবাহিনীৰ বিষয়া–জোৱানসকলৰ্ উপৰি দেশ–বিদেশৰ অতিথি আহে৷ সেনাৰ সৈতে জড়িত বিদেশী অতিথি, প্রাক্তন সেনা বিষয়া এই ছাউনীলৈ আহে৷ এই সেনা ছাউনীত লাচিত বৰফুকনৰ প্রতিমূর্তি স্থাপনৰ বাবে লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাই ৰাজ্য চৰকাৰক প্রস্তাৱ দিছিল৷ যাৰ বাবে আজি সেনা ছাউনীটোত লাচিত বৰফুকনৰ প্রতিমূর্তি আৰু শ্বহীদ স্মাৰক উদ্বোধন কৰাৰ সুযোগ লাভ কৰিলো৷ লাচিত বৰফুকনক এনেদৰে সন্মান জনোৱাৰ বাবে ভাৰতীয় সেনালৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্যাপনৰ কার্যসূচীৰ ভিতৰত আজি প্রতিমূর্তি উন্মোচন এক মাইলৰ খুঁটি৷’ তেওঁ লগতে কয় যে সেনা ছাউনীত স্থাপন কৰা লাচিত বৰফুকনৰ প্রতিমূর্তি আৰু শ্বহীদ স্মাৰকে আগন্তুক সময়ত যুৱ প্রজন্মক অনুপ্রাণিত কৰিব৷ আগন্তুক সময়ত লাচিত বৰফুকনৰ বীৰগাথা দেশজুৰি প্রচাৰ আৰু প্রসাৰৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰি তেওঁ কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী বছৰজোৰা কার্যসূচীৰে উদ্যাপন কৰা হৈছিল৷ ছত্রপতি শিৱাজীৰ বিষয়ে দেশৰ যিমান মানুহে জানে বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কথা সিমন জনা নাছিল৷ সেয়েহে চৰকাৰৰ ফালৰ পৰা বীৰ লাচিত বৰফুকনৰ বীৰগাঁথা প্রচাৰ আৰু প্রসাৰৰ প্রয়াস কৰা হৈছিল৷ সম্প্রতি দেশৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকলৈ লাচিত বৰফুকনৰ বিষয়ে তথ্য জনাবলৈ অনুৰোধ আহে৷ এতিয়া লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ দেশৰ প্রান্তে প্রান্তে উৎসুকতা দেখিবলৈ পোৱা গৈছে৷ আনহাতে লাচিত বৰফুকনৰ জীৱনভিত্তিক গ্রন্থ বিভিন্ন ভাষালৈ অনুদিত কৰি দেশৰ প্রান্তে প্রান্তে উন্মোচিত কৰাৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় ‘বিশিষ্ট লেখক অৰূপ দত্তই লাচিত বৰফুকনৰ ওপৰত এখন ইংৰাজী গ্রন্থ ৰচনা কৰিছে৷ তেওঁৰ এই গ্রন্থখন সকলো ভাষালৈ অনুবাদ কৰা হ’ব৷ সাহিত্য অকাডেমী বঁটাপ্রাপক সাহিত্যিকৰ দ্বাৰা বিভিন্ন ভাষালৈ এই গ্রন্থখন অনুদিত কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ নৱেম্বৰত গ্রন্থখন সাজু হৈ উঠিব৷ প্রতিখন ৰাজ্যৰ ৰাজধানীতে বিভিন্ন ভাষালৈ অনুদিত হোৱা এই গ্রন্থখন উন্মোচন কৰা হ’ব৷ তদুপৰি সংশ্লিষ্ট ৰাজ্যসমূহৰ প্রতিখন মহাবিদ্যালয়ৰ পুতিভঁৰাললৈ গ্রন্থখন প্রেৰণ কৰা হ’ব৷ যোৰহাটৰ হোলোঙাপাৰত থকা বীৰ লাচিত বৰফুকনৰ সমাধিস্থলত নির্মাণ কৰিবলগীয়া তেওঁৰ বৃহৎ প্রতিমূর্তি ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উন্মোচন কৰিব৷ এই প্রতিমূর্তিটো দেশৰ সকলো বৃহৎ প্রতিমূর্তিৰ ভিতৰত এটা হ’ব৷’ তদুপৰি দেশৰ প্রান্তে প্রান্তে লাচিতৰ কাহিনী প্রচাৰ কৰাৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ৪০০–৫০০ শিল্পীৰে এখন নাট প্রদর্শনৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি দেশৰ সকলো ৰাজ্যৰ ৰাজধানী চহৰত অসমৰ শিল্পীৰে লাচিত বৰফুকনৰ বীৰগাঁথাৰ কাহিনীৰে নাটখন প্রদর্শন কৰাৰ ব্যৱস্থা কৰা হ’ব৷ ছত্রপতি শিৱাজীৰ জীৱনভিত্তিক জনতাৰ ৰজা শীর্ষক নাটখনৰ আর্হিত বীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক নাটকখন প্রস্তুত কৰা হ’ব৷ ইতিমধ্যে সাংস্কৃতিক মন্ত্রীয়ে জনতাৰ ৰজা শীর্ষক নাটখন উপভোগ কৰি ইয়াৰ ধাৰণা গ্রহণ কৰিছে বুলিও তেওঁ সদৰী কৰে৷ ৪০০–৫০০ শিল্পীৰে প্রদর্শন কৰিবলগীয়া এই নাটখন বছৰজুৰি সাজু হৈ থাকিব আৰু যেতিয়াই প্রয়োজন হ’ব তেতিয়াই এই নাট্য দলটোৱে দেশৰ যিকোনো স্থানত নাট প্রদর্শন কৰিব৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানতে অসম চৰকাৰ আৰু ভাৰতীয় সেনাৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয়৷ এই চুক্তিৰ অধীনত প্রাক্তন সেনা, তেওঁলোকৰ পৰিয়াল অথবা যুদ্ধক্ষেত্রত প্রাণ হেৰুওৱা সেনা জোৱানৰ পত্নী আৰু সন্তানক দক্ষতা বিকাশৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ এই বুজাবুজি চুক্তি সন্দর্ভত তেওঁ কয় যে ইয়াৰ জৰিয়তে প্রাক্তন সেনা তথা তেওঁলোকৰ পৰিয়ালসকলে নিয়োগৰ ক্ষেত্রত উপকৃত হ’ব৷ আনহাতে দেশৰ প্রতিৰক্ষা বাহিনীসমূহৰ প্রতি দেশবাসী সম্পূর্ণ কৃতজ্ঞ বুলি উল্লেখ কৰি তেওঁ কয় যে অসমলৈ শান্তি ওভতাই অনাৰ ক্ষেত্রত ভাৰতীয় সেনাৰ ত্যাগ অনস্বীকার্য৷ ভাৰতীয় সেনা আৰু অর্ধসামৰিক বাহিনীসমূহৰ ত্যাগৰ বাবেই অসমলৈ শান্তি ঘূৰি আহিছে৷ সেনাবাহিনীৰ কর্তব্য সমাপন কৰাৰ ক্ষেত্রত যিধৰণৰ সহায়–সহযোগিতা কৰিব লাগে তাৰ বাবে ৰাজ্য চৰকাৰ সদায় প্রস্তুত বুলিও তেওঁ আশ্বাস প্রদান কৰে৷ আজিৰ অনুষ্ঠানত ভাষণ প্রদান কৰি লেফটেনেণ্ট জেনেৰেল ইষ্টার্ণ কমাণ্ডৰ জি’চি ইন চি ৰাণা প্রতাপ কলিতাই কয় যে বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী শুনিয়েই তেওঁ শৈশৱ অতিবাহিত কৰিছিল৷ সেনাবাহিনীত যোগদান কৰাৰ পাছত লাচিত বৰফুকনৰ যুদ্ধ কৌশলৰ বিষয়ে অধিক অৱগত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মহাবীৰ লাচিত বৰফুকন আছিল সর্বশ্রেষ্ঠ ৰণনীতিবিদ আৰু প্রযুক্তিবিদ৷ আজি সেনা ছাউনীটোৰ ভিতৰত প্রতিমূর্তি স্থাপন কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি অভিহিত কৰি কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্যাপনৰ সময়তে এই ধাৰণা তেওঁৰ মনলৈ আহিছিল৷ তেতিয়াই তেওঁ ৰাজ্য চৰকাৰক প্রতিমূর্তি স্থাপনৰ বাবে প্রস্তাৱ আগবঢ়াইছিল৷ ৰাজ্য চৰকাৰে এই প্রস্তাৱ গ্রহণ কৰি বীৰ লাচিত বৰফুকনৰ লগতে শ্বহীদ স্মাৰক নির্মাণ কৰে৷ ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্বৰ লগতে ৰাজ্য চৰকাৰলৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ কয় যে উত্তৰ–পূর্বাঞ্চলত শান্তি স্থাপনৰ বাবে ভাৰতীয় সেনাই কাম কৰি আহিছে৷ সেনাবাহিনী, চিআৰপিএফ তথা আৰক্ষীৰ বহু লোকে অঞ্চলটোৰ শান্তিৰ বাবে আত্মত্যাগ কৰিবলগীয়া হৈছে৷ এতিয়া উত্তৰ–পূর্বাঞ্চলত বিকাশৰ যাত্রা আৰম্ভ হৈছে৷ তেওঁ অনাগত সময়তো শান্তি অব্যাহত থকাৰ লগতে বিকাশৰ এই যাত্রা আগবাঢ়ি যাব বুলি আশা প্রকাশ কৰে৷ অনুষ্ঠানত মন্ত্রী জয়ন্তমল্ল বৰুৱা, বিমল বৰা, অৱসৰপ্রাপ্ত মেজৰ জেনেৰেল আৰ কে ঝা, লেৰটেনেণ্ট জেনেৰেল সঞ্জয় মালিক, অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙৰ লগতে বহুসংখ্যক উচ্চ পদস্থ বিষয়া উপস্থিত থাকে৷

You might also like