নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰত সতী সাধনীৰ ৫০০ বছৰীয়া জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্রিল : মৃত্যুঞ্জয়ী আদৰ্শ আৰু অদম্য বীৰত্বৰে মহীয়ান মহান বীৰাংগনা সতী সাধনীৰ বীৰগাঁথা বুৰঞ্জীৰ দস্তাৱেজত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ আছে । এই গৰাকী মহীয়সীৰ অকুণ্ঠ স্বদেশ প্ৰেম, কৰ্তব্যনিষ্ঠা আৰু আত্মবলিদানৰ নিৰ্দশনে উত্তৰ প্ৰজন্মক সদায়ে অনুপ্ৰাণিত কৰি যাৱ ৷আজি সতী সাধনীৰ স্মৃতিৰ ৫০০ বছৰীয়া জয়ন্তী। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু  চুতীয়া জাতিৰ পাঁচ টাকা জাতীয় সংগঠন ক্ৰমে সদৌ চুতীয়া জাতি সন্মিলিন অসম, চুতীয়া জাতি মহিলা সন্মিলন অসম, সদৌ অসম চুতীয়া ছাত্র সন্থা,সদৌ অসম চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া জাতি যুৱ সন্মিলন, যৌথ উদ্যোগত ধনশিৰি মহকুমা প্ৰশাসন আৰু ৰাইজৰ সহযোগত সতীসাধনীৰ ৫০০ বছৰীয়া জয়ন্তী আৰম্ভ হয়। আজি সৰুপথাৰ মিনি ষ্টেডিয়ামৰ অস্থায়ী হেলিপেডত হেলিকপ্টাৰৰে অৱতৰণ কৰি দীঘলীয়া কনভয়ৰে সৰুপথাৰ ছেৱাগুৰি সতীসাধনী উদ্যানত পুৰ্ব সময় সূচি অনুসৰি দিনৰ এক বজাত উপস্থিত হয় মুখ্যমন্ত্রী। মুখ্যমন্ত্রীক সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এখন ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। ছেৱাগুৰিস্থিত সতীসাধনী উদ্যানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন সাংস্কৃতিক দল বিহু, চুতীয়া জনগোষ্ঠী নৃত্য, টাই নৃত্য, চাওতালি নৃত্য, আদি সাংস্কৃতিক দলে নাচি বাগি আদৰণি জনায়। সতীসাধনী ৰ ৫০০ বছৰীয়া জয়ন্তী  আৰু বৰ্ষজোৰা কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই সৰুপথাৰৰ ছেৱাগুৰিল গাৱৰ সতীসাধনী উদ্যানত স্থাপিত ৩১ ফুট উচ্চতাৰ প্ৰতিমুৰ্তি উন্মোচন কৰে। মুখ্যমন্ত্রীক সংগ দিয়ে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু সাংস্কৃতিক মন্ত্রী বিমল বৰাই। ইয়াৰ পিছত মুখ্যমন্ত্রী ড০ শৰ্মাই  দেউ  কুবেৰ শলিতা লগোৱা সকাম  কাৰ্যসূচীত অংশগ্রহণ কৰে আৰু কিছু মুহুৰ্তৰ পিছত সতী সাধনী উদ্যানৰ পৰা সৰুপথাৰ মুকলি মঞ্চত অনুষ্ঠিত সতী সাধনী মুকলি সভালৈ যাত্রা কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ নগৰত নুমলিগড় শোধনাগাৰৰ আৰ্থিক সাহায্যৰে স্থাপিত মুকলি মঞ্চ মুকলি কৰি সতী সাধনী মুকলি সভাত অংশগ্রহণ কৰে।কাঁৰফাই ধনু, শতফুলৰ পাগুৰী, তাম্ৰ ফলি, গামোচাৰে মুখ্যমন্ত্রীক সম্বৰ্দ্ধনা জনোৱা হয়। তেজা কুঁৱৰী স্মৃতিগ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুকলি সভাত মুখ্যমন্ত্রী ড০ শৰ্মাই ভাষন প্ৰসংগত চুতীয়া জাতিৰ জনজাতীয় সমস্যাও সমাধান কৰা হব। চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সকলো কাৰীকৰী মহাবিদ্যালয় ত আসন সংৰক্ষণ কৰা  হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী গৰাকীয়ে।বিভিন্ন জিলাত চুতীয়া জাতিৰ কাৰ্যালয়ৰ আশা বাস্তৱ হব। মহান জনগোষ্ঠী টোৰ উন্নয়নৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি যাব বুলি কয় মুখ্যমন্ত্রীয়ে। যোৱা দুটা বছৰত সৰুপথাৰ সমষ্টিত বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত বাট পথ আদি কৰি যথেষ্ট উন্নয়ন হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রীয়ে । নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে বুলি কয়। ইয়াৰ পিছত সৰুপথাৰ মহাবিদ্যালয়ৰ স্বৰ্গীয় মুহীকান্ত তামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম গেছ কোম্পানীৰ  নামবৰ গোলাঘাট নুমলিগড় প্ৰাকৃতিক গেছ পাইপ লাইন প্ৰকল্প আৰু গোলাঘাট জিলাৰ বৰপথাৰ হেজাৰী গাৱত স্থাপন কৰা চি এন জি মাদাৰ ষ্টেচনৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শৰ্মাই। সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে মহাবিদ্যালয়ৰ এন চি চি গ্ৰুপ অসম মহিলা আৰক্ষী জোৱানে অভিবাদন জনাই আদৰে মুখ্যমন্ত্রী ড০ শৰ্মাক। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা প্ৰাপ্তি বৰঠাকুৰ প্ৰমুখ্যে অধ্যাপক অধ্যাপিকাই উষ্ণ আদৰণি জনায় মুখ্যমন্ত্রী ড০ শৰ্মাক। অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতীয়া প্ৰমুখ্যে মন্ত্রী  বিমল বৰা,  কেশৱ মহন্ত,  অতুল বৰা, অজন্তা নেওগ, সাংসদ পবিত্র মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাচা আদি উপস্থিত থাকে। অসম গেছ কোম্পানীৰ এই অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰাকৃতিক গেছ পাইপ লাইন প্ৰকল্পৰ ভাৰ্চুৱেল উদ্বোধন কৰে।  ইয়াৰ পিছত ভাষন প্ৰসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্ৰাকৃতিক গেছৰ পৰিবহণ আৰু বিতৰণৰ ক্ষেত্র খনৰ অগ্রণী প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে ৰুপায়ন কৰা নামবৰ গোলাঘাট নুমলিগড় প্ৰাকৃতিক গেছ পাইপ লাইন প্ৰকল্প আৰু গোলাঘাট জিলাৰ বৰপথাৰ হেজাৰী গাৱত স্থাপন কৰা চি এন জি মাদাৰ ষ্টেচনৰ ভাৰত চৰকাৰৰ গেছ ভিত্তিক গেছৰ লক্ষ্যত অসমৰ উদ্যোগিক ক্ষেত্র খনত অসম গেছ কোম্পানী লিমিটেডেৰ এক বৰ্ণিল ইতিহাস আছে। সম্প্ৰতি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আদি জিলাত অৱস্থিত ৪০০ৰো অধিক চাহ বাগিচাত তথা চাহ ফেক্টৰিত গেছৰ যোগান ধৰি অসম গেছ কোম্পানীয়ে চাহ উৎপাদনত বিশেষ ভূমিকা গ্রহণ কৰি ৰাজ্যৰ অৰ্থনৈতিক টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। অসম গেছ কোম্পানীয়ে যোগান ধৰি অহা প্ৰাকৃতিক গেছৰ ব্যবহাৰে পৰিবেশ অনুকূল শক্তি উৎপাদনত উল্লেখযোগ্য ভূমিকা লৈছে। অসম গেছ কোম্পানীয়ে আজিৰ দিনত উজনি অসমৰ প্ৰায় আটাইকেইখন জিলাৰ নগৰ অঞ্চল আৰু গ্ৰাম্যাঞ্চল বুজন সংখ্যক ঘৰুৱা ৰন্ধন গেছৰ উপভোক্তাৰ লগতে বাণিজ্যিক উপভোক্তালৈ প্ৰাকৃতিক গেছ যোগান ধৰিবলৈ সক্ষম হোৱাটো নি: সন্দেহে প্ৰসংশনীয়। বিগত বছৰ সমুহত অসম গেছ কোম্পানীয়ে ইয়াৰ ব্যৱসায়িক ক্ষেত্রখনলৈ বিভিধতা অনাৰ ক্ষেত্রটো বা diversification প্ৰচেষ্টা চলাই আহিছে। ডিব্ৰুগড় চহৰৰ চৌকিডিঙিত ৰাজ্যৰ প্ৰথমটো CNG ষ্টেচন স্থাপন কৰাৰ সমান্তৰাল কৈ সমগ্র উত্তৰ পূৰ্বাঞ্চলতে এশৰো অধিক পেট্রোল আৰু ডিজেলৰ খুচুৰা বিক্রি কেন্দ্র স্থাপন কৰি এই কেন্দ্র বোৰতে চি এন জি ষ্টেচন আৰু ইলেক্টিক ভাইকেল চাৰ্জিং কেন্দ্র সন্নিবিষ্ট কৰাৰ লক্ষ্যৰে কোম্পানিটোৱ যি দৰে আগবাঢ়িছে তাৰফলত আহিবলগীয়া দিন বোৰত অসম গেছ কোম্পানীয়ে ৰাজ্যৰ উদ্যোগিক ক্ষেত্র খনত অধিক শক্তিশালী ৰুপত আগবাঢ়ি যাবলৈ সক্ষম হব। আজি মুকলি কৰা অভিলাষী প্ৰকল্প দুটাই ২০৩০ চনৰ ভিতৰত শক্তি খণ্ডত গেছৰ অংশিধাৰিত্ব ১৫ শতাংশলৈ বৃদ্ধি কৰি গেছ ভিত্তিক অৰ্থনৈতিক গঢ়াৰ বাবে ভাৰত চৰকাৰে লোৱা দৃষ্টি ভংগীত বাস্তবায়িত কৰাত বিশেষ গতি প্ৰদান কৰিব। অসম গেছ কোম্পানীৰ অভিলাষী প্ৰকল্প নামবৰ গোলাঘাট নুমলিগড় পাইপ লাইন প্ৰকল্প ৰাইজৰ সেৱাত উৎসৰ্গিত কৰিবলৈ পাই আনন্দিত বুলি ব্যক্ত কৰে মুখ্যমন্ত্রী ড০ শৰ্মাই। ৬০ কিলোমিটাৰ ব্ৰাঞ্চ লাইনৰ সৈতে ৯০ কি মি দৈৰ্ঘ্যৰ  এই প্ৰকল্পটো ১৯০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৰ জৰিয়তে অসম গেছ কোম্পানীয়ে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ নামবৰ আৰু খোৰাখাট উৎসৰ লগতে কেৰিম বেদান্তৰ হাজাৰী গাওঁ উৎসৰ পৰা প্ৰতিদিনে ২.৩০ লাখ ষ্টেডাৰ্ড কিউবিক মিটাৰ গেছ পৰিবহন কৰিব। ইয়াৰ জৰিয়তে অসম গেছ কোম্পানীয়ে গোলাঘাট সৰুপথাৰ বৰপথাৰ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন ঘৰুৱা বাণিজ্য চাহ আৰু অন্যান্য উদ্যোগিক গ্ৰাহকক গেছৰ প্ৰয়োজনীয়তা পুৰণ কৰি তেওঁ লোকক যথেষ্ট উপকৃত কৰিব। ৰাইজৰ চাহ উদ্যোগলৈয়ো এই প্ৰকল্পই এক নতুন সম্ভাবনা বাৰ্তা কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে। 

প্ৰেৰক মাখমুদ আলী

You might also like