নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবৰ অন্যতম সুবিধাযুক্ত চিৰাং জিলা কাৰাগাৰ মুকলি মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২১ জুন : চিৰাং জিলাৰ সদৰ কাজলগাঁৱত নতুনকৈ নিৰ্মাণ কৰা জিলা কাৰাগাৰৰ আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৭২.৮০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই কাৰাগাৰখনত ৬৩৬ জন কয়দীক ৰখাৰ বাবে ডিজাইন কৰা হৈছে।

এই কাৰাগাৰত ৫৫৭ জন নিয়মীয়া কয়দীৰ ব্যৱস্থা আৰু ৭৯ জন ব্যক্তিৰ বাবে কোৱাৰেণ্টাইন শাখা আছে। কয়দীসকলৰ সুবিধাৰ বাবে প্ৰদান কৰা আন্তঃগাঁথনি, নিৰাপত্তা ব্যৱস্থা আৰু সুবিধাসমূহৰ মূল্যায়ন কৰি মুখ্যমন্ত্ৰী ড ৹ শৰ্মাই কয় যে মানৱাধিকাৰ আয়োগে যি ধৰণে আদৰ্শ জেল হোৱাতো বিচাৰে, সেই ধৰণে চিৰাং জেল নিৰ্মাণ কৰা হৈছে।

মই ভাবো যে ইয়াৰ ভিতৰত কয়দী সকলে সংশোধনৰ পথলৈ আহিবলৈ সহায় পাব। নৱ নিৰ্মিত কাৰাগাৰ চৌহদৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে পৃথক চিকিৎসালয় ৱাৰ্ড, নিৰ্দিষ্ট অনাময় স্থান, এটা পুথিভঁৰাল আৰু শৈক্ষিক সুবিধা,যোগাভ্যাস কেন্দ্ৰ, সাংস্কৃতিক কেন্দ্ৰ আদি। আদৰ্শ কাৰাগাৰ বুলি কলে যাক বুজাই, গোটেই খিনি চিৰাঙত থাকিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কাৰাগাৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে।

আজিৰ দিনত অত্যাধিক ধুনীয়া কাৰাগাৰ এই খনেই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজি কাৰাগাৰৰ আনুষ্ঠানিক উদ্বোধনৰ সময়ত মন্ত্ৰী ৰূপেশ গোৱালা,বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যপ্ৰমোদবড়ো, সাংসদদ্বয় ৰণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰী, বিধায়কদ্বয় ক্ৰমে নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু অজয় কুমাৰ ৰায়,এমচিএলএ মাধৱ ছেত্ৰী, কাৰাগাৰ বিভাগৰ উৰ্ধতম বিষয়া, চিৰাং জিলা আয়ুক্ত যতীন বৰা, আৰক্ষী অধীক্ষক অক্ষত গাৰ্গকে ধৰি অন্যান্য বহু কেইজন উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

কাৰাগাৰ আনুষ্ঠানিক উদ্বোধনৰ পিছত কাজলগাঁও পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এখন মুকলি সভাত পাঁচ সহস্ৰাধিক জনতাক সম্বোধন কৰি মুখ্য মন্ত্ৰী ড৹ শৰ্মাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে আগবঢ়োৱা চৰকাৰী আঁচনিসমূহৰ সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ লগতে মহিলা আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে গ্ৰহণ কৰা ন-পুৰণি আঁচনিসমূহৰ বিষয়ে বিতং তথ্য সদৰি কৰাৰ লগতে সেই সমূহ অব্যাহত ৰাখিবলৈ আৰু নতুনকৈ অন্তৰ্ভুক্ত হ’বলৈ গাঁওসভা সমূহত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই নিজৰ ভাষণত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পদক্ষেপক ভূয়সী প্ৰসংশা কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাবেই বিটিআৰত শান্তি প্ৰতিষ্ঠা সম্ভৱ হৈছে বুলি মন্তব্য কৰে। প্ৰমোদ বড়োই বিশেষ ভাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ শলাগ লয়। সভাৰ আৰম্ভণিতে কাৰাগাৰ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই আদৰণি ভাষণ প্ৰদান কৰে।

মুকলি সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মতবিনিময়ৰ মুহূৰ্তত সংবাদ কৰ্মীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বহু কেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। জয়ন্ত মল্ল বৰুৱা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ পৰিয়ালৰ লোকে চাবচিডি লাভ কৰাৰ বিতৰ্ক সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে কোনোবাই যদি কাম কৰে,গৰু পুহিছে,চাবচিডি পাবই। মন্ত্ৰী-বিধায়কে কাম কৰিহে পইচা লৈছে। নিবনুৱাৰ বা কাৰো ভাত কাঢ়ি লোৱা নাই নহয়।

চৰকাৰে চাবচিডি দিবৰ বাবেই স্কীম বনাইছে। ১০ জন, ১০০০জন নিবনুৱা যুৱকে কৰিলে তেওঁলোককো আমি চাবচিডি দিম। এতিয়া যদি আমাৰ মন্ত্ৰী,বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাবসোজে, আপত্তি কি আছে ইয়াত? চলিবতো লাগিব ঘৰখন! আজি মন্ত্ৰী আছে, কালি নাই।ঘৰখন কেনেকৈ চলিব? গতিকে গঁড় হত্যা কৰি খোৱাতকৈ, গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল হয় নে বেয়া আপোনালোকে নিজেই কওঁকচোন বুলি স্বভাৱ সুলভ ভংগীত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ওলোটাই সংবাদ কৰ্মী সকলক প্ৰশ্ন কৰে।

বৰপেটাত জামাত ই ইছলামী হিন্দ নামৰ সংগঠনটোৱে অলপতে সংবাদ কৰ্মীৰ বাবে আয়োজিত এক অনুষ্ঠানত সংবাদ মাধ্যমৰ মাজত বিভাজন ঘটোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ মন্তব্য জানিব বিচৰাত ড৹ শৰ্মাই কয় যে, চাওঁক এইবিলাক আৰম্ভণি। আমাৰ অসমত এনেকুৱা বহু ঘটনা দেখিবলৈ পাব। বিজেপি আছে বুলি অলপ চম্ভালি আছে।যিদিনাখনে অসমত বিজেপি নাথাকে,এটা কথাত কয় নহয়,ধাহি-মুহী লৈ যাব।তেনেকৈ ধাহি-মুহী লৈ যাব।সাংবাদিকক ভাগ ভাগ কৰি নিয়া কথাটো সৰু কথা বুলি কৈ মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবৰ কাৰ্যালয় পৰ্যন্ত লৈ লব বিজেপি নাথাকিলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

আনহাতে বিটিচিৰ নিৰ্বাচনত মিত্ৰতা কৰা নকৰা আৰু নিৰ্বাচনত একক ভাবে প্ৰতিদ্বন্দিতা কৰা সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে বিটিআৰত বিজেপি সৰু দল। দলত ফাট মেলিব পৰাকৈ দলটো শক্তিশালী হৈ উঠা নাই। আমি লাহে লাহে আগুৱাই যাব বিচাৰো। বিটিচিৰ নিৰ্বাচনত আগতেও বিজেপি দলে কাৰো সৈতে মিত্ৰতা কৰা নাই। বিটিচিত কাৰোৱেই নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাৰ প্ৰয়োজন নাই। নিৰ্বাচনৰ পাছতেই সকলোকে সকলোৰে প্ৰয়োজন হয়। দিল্লীত বিজেপি আছে। দিছপুৰতো বিজেপি আছে।

একেলগে থাকিলেহে বিটিআৰৰ উন্নতি হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰে।তেওঁ লগতে কয় যে,আমাৰ কথা হ’ল বিটিআৰত শান্তি থাকক।বিটিআৰ খন আগবঢ়াক। আৰু তাৰ কাৰণে যদি বিজেপিয়ে ইলেকচন নেখেলিলে ভাল, আমি নেখেলো বুলিও আছো। আমাক লাগে বিটিআৰত শান্তি। হিন্দু,মুছলমান, খ্ৰীষ্টান, বড়ো,অনাবড়ো সকলোৱে যাতে ভালদৰে থাকিব পাৰে। কাৰণ বিটিআৰ আমাৰ বাবে ৰাজনীতি নহয়। বিটিআৰত শান্তি,সম্প্ৰীতি আৰু প্ৰগতি থকাতোহে আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই মন্তব্য কৰে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like