নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰত বিধায়কৰ বহুমহলীয়া আৱাসিক ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰ পুৰণি বিধায়ক হোষ্টেল চৌহদত বিধায়কসকলৰ বাবে নির্মাণ কৰা এটা বহুমহলীয়া আৱাসিক ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ভূমি মহলাত যান-বাহন পার্কিঙৰ সু–ব্যৱস্থা থকা এই ভৱনটোৰ প্রতিটো মহলাত দুটাকৈ আৱাসিক ইউনিটসহ মুঠ ১০টা ইউনিট আছে৷ এনে প্রতিটো ইউনিট ২৯১৭ বর্গফুটৰ৷ বিধায়কসকলৰ বাবে নির্মাণ কৰা এই আৱাসিক ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সময়ত মুখ্যমন্ত্রীৰ সৈতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপৰি কেইবাগৰাকীও মন্ত্রী তথা বিধায়ক উপস্থিত থাকে৷

You might also like