নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত ৰাষ্ট্রীয় বেডমিণ্টন উৎকর্ষ কেন্দ্র উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১১ আগষ্টঃ ক্রীড়াৰ উৎকর্ষৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাৰ উৎকৃষ্ট নিদর্শন হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমিনগাঁৱত ৰাষ্ট্রীয় বেডমিণ্টন উৎকর্ষ কেন্দ্র শুভ উদ্বোধন কৰাৰ লগতে ৩২০ কোটি টকা ব্যয় সাপেক্ষে আমিনগাঁও ক্রীড়া প্রকল্পত মুকলি ক্রীডাংগন ভার্চুৱেলী আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ৰাষ্ট্রীয় বেডমিণ্টন উৎকর্ষ কেন্দ্রত  ১৬খন কর্ট, ৩৫৫৩খন আসনযুক্ত, আৱাসিক আৰু অন্যান্য সুবিধাৰে ৪০ হাজাৰ বর্গ ফুট পৰিসৰযুক্ত ভাৰতৰ প্রথমটো এই বেডমিণ্ঢন কেন্দ্রই বেডমিণ্টন খেল আৰু প্রতিযোগিতাৰ দিশত খেলুৱৈসকলক অধিক গতিশীলতা প্রদান কৰিব৷ আমিনগাঁও ক্রীড়া প্রকল্পত মুকলি ক্রীডা়ংগন ৩০৬৩৪ বর্গ মিটাৰ এলেকা সামৰি ২০ হাজাৰ আসনযুক্ত মুকলি ক্রীডাংগনে ৰাজ্যৰ ক্রীড়া ক্ষেত্রখনক অধিক শক্তিশালী কৰি তুলিব৷ প্রশিক্ষককে ধৰি খেলুৱৈসকলৰ আৱাসগৃহ ব্যৱস্থাৰ জৰিয়তে অত্যাধুনিকভাৱে নির্মিত হব এই প্রকল্প৷ মুখ্যমন্ত্রীয়ে কয় যে ক্রীড়াৰ বিকাশৰ দিশত ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে৷ আমিনগাঁৱত স্থাপন হবলগীয়া গেমছ ভিলেজত ৫০০গৰাকী খেলুৱৈ থকাৰ সুবিধা থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই গেমছ ভিলেজে ৰাজ্যৰ উঠি অহা প্রজন্মৰ খেলুৱৈসকলক আধুনিক সুবিধা প্রদান কৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে ২০২৫ ৰ পৰা ২০২৭ চনৰ ভিতৰত ৰাষ্ট্রীয় গেমছ অনুষ্ঠিত কৰাৰ বাবে প্রয়াস চলাইছে৷ বর্তমানৰ ৰাজ্য চৰকাৰে ক্রীড়াৰ বিকাশৰ ক্ষেত্রত নিৰন্তৰভাৱে কাম কৰি আহিছে৷ তেওঁ কয় যে নেহৰু ষ্টেডিয়াম ৫০০ কোটি টকা ব্যয়ৰে ৫০ হাজাৰ দর্শক বহিব পৰাকৈ আটকধুনীয়াকৈ নির্মাণ কৰা হব৷  গুৱাহাটীৰ সমীপৱর্তী চন্দ্রপুৰত আন এখন ষ্টেডিয়াম নির্মাণ কৰা হব বুলিও তেওঁ কয়৷ ক্রীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩ হাজাৰ কোটি টকা ব্যয়ৰে বিভিন্ন প্রকল্প ৰূপায়ণ কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলা হব৷ আমিনগাঁৱত নির্মাণৰত অত্যাধুনিক আন্তর্জাতিক মানসম্পন্ন চুইমিং পুল অহা দুবছৰত ভিতৰত সম্পূর্ণ হৈ উঠিব বুলিও তেওঁ কয়৷ অনুষ্ঠানত মন্ত্রী চন্দ্র মোহন পাটোৱাৰী, অতুল বৰা, পীয়ুষ হাজৰিকা, ইউ জি ব্রহ্ম, জয়ন্ত মল্ল বৰুৱা,নন্দিতা গার্লোচা, বিধায়ক ক্রমে ভৱেশ কলিতা, তৰংগ গগৈ, হেমাংগ ঠাকুৰীয়া,  দিগন্ত কলিতা,  সুমন হৰিপ্রিয়া, কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, জিলা আয়ুক্ত কীর্তি জল্লী, ভাৰতীয় বেডমিণ্টন সন্থাৰ সম্পাদক সঞ্জয় মিশ্র,  প্রাক্তন অলিম্পিয়ান চেম্পিয়ন তফিক হৃদায়ত, আৰ ই চি লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিবেক কুমাৰ দেবাং, চানৰাইজ কোম্পানীৰ সভাপতি দিলীপ কুমাৰ চেথ, ভাৰতীয় বেডমিন্ঢনৰ মুখ্য প্রশিক্ষক  পুলেলা গোপীচান্দ, বিশিষ্ট খেলুৱৈ কিদাম্বী শ্রীকান্ত, ধ্রুৱ কপিলা, বিষ্ণু প্রসাদ প্রাঞ্জলা, এছ এছ প্রণয়, স্বট্টিকসাইৰাজ ৰনকিৰেড্ডী, কৃষ্ণ প্রসাদ গাৰাগাৰ লগতে অসম চৰকাৰৰ ক্রীডা বিভাগৰ শীর্ষ বিষয়া সকল প্রমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷
You might also like