নিময়ীয়া বাৰ্তা, ১১ অক্টোবৰঃ চিৰাং জিলাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ নিকটৱৰ্তী অতি গুৰুত্বপূৰ্ণ চহৰ বাসুগাঁও। চহৰখনক দ্বি-বিভক্ত কৰি পশ্চিমৰ পৰা পূবলৈ গৈছে ৰেল লাইন। এই ৰেল লাইনৰ বাবে জনসাধাৰণে চৰম দুৰ্ভোগ ভুগি আহিছে। ৰেলৱে গেট বন্ধ থকা বাবে কেতিয়াবা এঘণ্টালৈকে সময় অতিবাহিত কৰিবলগীয়া হৈছে বিভিন্ন যান-বাহন আৰু যাত্ৰীয়ে। আনকি বহু দূৰ্ঘটনা হোৱাৰো নজিৰ আছে ৰেলৱে গেটত। যাৰ বাবে বাসুগাঁৱৰ দীৰ্ঘদিনীয়া সমস্যাৰ আজি পূৰণ হ’ল ৰেল লাইনৰ ওপৰেৰে নৱনিৰ্মিত উৰণ সেতু উদ্ধোধনৰ জৰিয়তে। উৰণ সেতুটি আজি দিনৰ প্ৰায় আঢ়ৈ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অগণন জনসাধাৰণৰ উপস্থিতিত প্ৰৱল উচ্ছাস-উদ্দীপনাৰ মাজেদি ফিটা কাটি শুভ উদ্বোধন কৰে। ইয়াৰ পূৰ্বে শংখ-ঘণ্টা আৰু উৰুলীৰ ধ্বনিত নাম ফলকটি আঁৰকাপোৰ আঁতৰাই দিয়ে। উদ্বোধনী কাৰ্যসূচীত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, মন্ত্ৰী অশোক সিংঘালসহ অগণন নেতা-কৰ্মীৰ উপৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। উল্লেখয্যোগ্য যে উৰণ সেতুখন উদ্বোধনৰ পূৰ্বে বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন জনৰ নামত নামকৰণ হ’ব লাগে বুলি দাবী উত্থাপন কৰি আহিছে যদিও অৱশেষত কাশীকোত্ৰা-বাসুগাঁও-তালগুৰি পথ আৰু উত্তৰ-পূৱ ৰেলৱে ট্ৰেকৰ ওপৰেৰে ৰেলৱে উৰণ সেতু হিচাপে নামকৰণ কৰা হয়। হাইটেক কনষ্ট্ৰাকচন কোম্পানীয়ে ৬৩,৮৩,০৭,৯৬৪ টকা ব্যায়সাপেক্ষে নিৰ্মিত সেতুটিৰ আধাৰশিলা স্থাপন কৰা হয় ২০১৯ চনৰ মাৰ্চ মাহত। চাৰি বছৰৰ অন্তত আজি উৰণ সেতুটি শুভ উদ্ধোধন হোৱাত গভীৰ সন্তুষ্টি আৰু আনন্দ-উল্লাস প্ৰকাশ কৰে অঞ্চলবাসীয়ে। বহু ঘাট-প্ৰতিঘাট, তিতা-টেঙা তথা আমনিদায়ক পৰিবেশৰ সৃষ্টি কৰি অহা ৰেলৱে গেটখন হয়তো এদিন পাহৰণিৰ গৰ্ভত মিলি যাব ।
প্ৰেৰক ভৃগু মুনি ৰায়