জিএমচিএইচত অত্যাধুনিক এমআৰআই সেৱা মুকলি মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন মাত্রা প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রৰ অত্যাধুনিক এমআৰআই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ৰাজ্য চৰকাৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক যন্ত্রটো কেন্দ্রটোত স্থাপন কৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২২ চনৰ ৯ মে’ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বহুদিনীয়া প্রয়োজনীয়তা পূৰণ কৰি ছুপাৰ স্পেচিয়েলিটী সেৱাৰ এই হূদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রটো উদ্বোধন কৰিছিল৷কেন্দ্রটোৰ একেটা চৌহদতে ৰেডি’ল’জী, পেথ’ল’জী, বায়’কেমেষ্ট্রী, মাইক্র’ বায়’ল’জী আদিৰ দৰে সংশ্লিষ্ট সুবিধাৰ সৈতে কার্ডি’লজী, কার্ডি’থৰেছিক ছার্জাৰী, নিউৰ’লজী আৰু নিউৰ’ ছার্জাৰীৰ বাবে উন্নত ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্য সেৱা প্রদান কৰা হয়৷ মাত্র আঢ়ৈ বছৰৰ ভিতৰতে নিউৰ’ছায়েঞ্চ, কার্ডি’ল’জী আৰু কার্ডি’থ’ৰেচিক চিকিৎসা সেৱাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ অত্যাধুনিক কেন্দ্রলৈ ৰূপান্তৰিত হোৱা কেন্দ্রটোত উত্তৰ–পূর্বাঞ্চলৰ লগতে বাংলাদেশ, ভূটানৰ দৰে চুবুৰীয়া দেশৰ যথেষ্টসংখ্যক ৰোগীয়ে সেৱা লাভ কৰি উপকৃত হৈছে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই আজিৰে পৰা ৰোগীৰ সেৱাৰ বাবে মুকলি হোৱা এমআৰআই যন্ত্রটো যথেষ্ট উন্নতমানৰ বুলি উল্লেখ কৰি কয় যে এতিয়াৰে পৰা কেন্দ্রটোত বিশেষকৈ নিউৰ’ল’জিকেল এমআৰআই যথেষ্ট সূক্ষ্মভাৱে কৰাটো সম্ভৱ হৈ উঠিব৷ এই যন্ত্রটোৱে ৰোগীসকলক যথেষ্ট উপকৃত কৰিবলৈ সক্ষম হ’ব৷ হূদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রটোৱে ক্রমান্বয়ে ৰোগীসকলক যথেষ্ট উন্নত সুবিধা প্রদান কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আগন্তুক ২০২৫ চনৰ আৰম্ভণিতে মাতৃ আৰু শিশু হাস্পতালখনো উদ্বোধন কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ পৰৱর্তী পর্যায়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পুনৰ নির্মাণৰ কামো হাতত লোৱা হ’ব৷ আহিবলগীয়া এশ বছৰৰ দৃষ্টিভংগী আগত ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নির্মাণ কৰিবলৈ পদক্ষেপ গ্রহণ কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণৰ কামো দ্রুতগতিত আগবাঢ়ি থকাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আগন্তুক বর্ষৰ প্রথমার্ধতে এই চিকিৎসা মহাবিদ্যালয়খনৰ সেৱা শুভাৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ এই চিকিৎসা মহাবিদ্যালয়খনৰ সেৱা আৰম্ভ হোৱাৰ পাছত ৰোগীসকলে পূর্বৰ তুলনাত অধিক সা–সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত হূদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রত জটিল নিউৰ’ছার্জাৰীৰ লগতে হূদৰোগ সম্পর্কীয় বিভিন্ন উন্নত চিকিৎসা সেৱা প্রদানত গুৰুত্ব আৰোপ কৰে৷ আজিৰ এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ড০ সিদ্ধার্থ সিং, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বর্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ অচ্যুত চন্দ্র বৈশ্য, হূদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রৰ সঞ্চালক অধ্যাপক ডাঃ বি কে বৈশ্যও উপস্থিত থাকে৷