নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ হাতীমূৰাৰ মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ৭ আগষ্ট : কলিয়াবৰৰ হাতীমূৰাত ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ উদ্দেশ্যে আজি বিয়লি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হাতীমুৰাত উপস্থিত হয়হি। মথাউৰিটো পৰিদৰ্শন কৰাৰ অন্তত কলিয়াবৰত যাতে ভৱিষ্যতে পুনৰ বানপানীৰ সৃষ্টি নহয় তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰ কালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- এইবাৰৰ বানপানীত দুলীয়াজানৰ টেঙাখাত, মাজুলী, বোকাখাত, হাতীমুৰা এই চাৰিটা মথাউৰি ভাগে। সেই সময়ত মই এই আটাইকেইটা মথাউৰি পৰ্যবেক্ষণ কৰি জলসম্পদ বিভাগক মথাউৰিকেইটা যিমান সোনকালে পাৰি মেৰামতি কৰিবলৈ পৰামৰ্শ দিওঁ। জলসম্পদ বিভাগে অভিলেখ সময়ৰ ভিতৰত এই মথাউৰিকেইটা মেৰামতি কৰিবলৈ সক্ষম হয়। আগতে ইমান কম সময়ৰ ভিতৰত এনেকুৱা কাম হোৱা নাছিল। ইয়াৰ বাবে মই জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ। কম সময়ৰ ভিতৰতে মথাউৰি ভঙা স্থানত অস্থায়ী বান্ধ নিৰ্মাণ সম্পূৰ্ণ মথাউৰিৰ ভঙা স্থানত স্থায়ী বান্ধ নিৰ্মাণ সন্দৰ্ভত বিশেষজ্ঞৰ মতামত লোৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, কলং পুনৰ উজ্জ্বীৱিতকৰণ প্ৰকল্পৰ কামত ৰাইজৰ লগতে বিশেষজ্ঞৰ মতামত লব লাগিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে। কলং বোৱঁতীকৰণ প্ৰকল্পৰ বাবে অতিৰিক্ত দুই-তিনি বছৰ সময় লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। এই গোটেই বিষয়টো ৰাইজৰ লগত পুংখানুপুংখভাবে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হব। এখন নদীক জীৱন দান দিয়াটো ডাঙৰ কাম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে যোৱা ২ জুলাইত কলংমুখত নৱ-নিৰ্মিত শ্লুইচ গেটৰ লগত সংলগ্ন মথাউৰি চিঙি সৃষ্টি হৈছিল প্ৰলয়ংকৰী বানৰ। বানত ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতীমুৰা মথাউৰিটোৰ এই পৰিদৰ্শন কালছোৱাত মন্ত্ৰী কেশৱ মহন্ত আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সংগ দিয়ে।
প্ৰেৰক কনক হাজৰিকা
You might also like