নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি শীঘ্ৰে এখন অতি উন্নতমানৰ ঠাইলৈ ৰূপান্তৰ হব : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ ৰাজ্যখনৰ ভিতৰতে শুৱালকুছি হব বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ গুৱাহাটী মহানগৰৰ এক এৰাব নোৱাৰা অঞ্চললৈ ৰূপান্তৰ হোৱাৰ দিশলৈ আগবাঢ়িছে শুৱালকুছি৷ বাণিজ্যিক আৰু আধ্যাত্মিক দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শুৱালকুছিলৈ আহিছে এক উন্নয়নৰ ধুমুহা৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ ৷ আজি শুৱালকুছিৰ শ্ৰীশ্ৰীশঙ্কৰদেৱ মন্দিৰত এক কোটি পঁচিশ লাখ টকা ব্যয় সাপেক্ষে কামৰূপ জিলা পৰিষদে নিৰ্মাণ কৰি উলিওৱা তিনিমহলীয়া বজাৰ গৃহ আৰু বিধায়ক পুজিৰ  উনিপঞ্চাশ লাখ ছাপন্ন হাজাৰ টকা ব্যয়ৰে পুনৰ নিৰ্মাণ কৰা নাট্য মন্দিৰ এটা উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কয় যে এই দুয়োটা অনুষ্ঠানে শুৱালকুছিবাসীৰ দীৰ্ঘদিনীয়া আশা এটা পুৰণ কৰিলে৷ কিয়নো শুৱালকুছিৰ বজাৰ অঞ্চলত সভাঘৰ বা নাট্যমন্দিৰৰ অভাবে স্থানীয় ৰাইজক ব্যাপক সমস্যাৰ সৃষ্টি কৰি আহিছিল ৷ আজি ৰাইজৰ এই অভাৱ দূৰ হল ৷ ইয়াত চাৰিশ চকীৰ ব্যৱস্থা আছে ৷ নাট্য মন্দিৰটো সকলো ফালৰ পৰা উচ্চ মানদণ্ডৰ কৰা হৈছে ৷ নাট্য মন্দিৰটো নিৰ্মাণৰ সময়ত গুৱাহাটী ৰবীন্দ্ৰ ভৱনৰ কিছু সহায় লোৱা বুলি তেওঁ উল্লেখ কৰে ৷ নাট্য মন্দিৰটোৱে গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ চৰ্চাত বিশেষ ভাবে অৰিহনা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ আনহাতে বজাৰ গৃহটিৰ উদ্বোধনে শুৱালকুছিত এখন বিজ্ঞান সন্মত বজাৰ সৃষ্টি কৰিব বুলি অৱগত কৰি ইয়াৰে তলৰ মহলাত শাক পাচলি, মাছ আদি বিক্ৰীৰ ব্যৱস্থা থাকিব, প্ৰথম মহলাত থাকিব দোকান আৰু দ্বিতীয় মহলাত থাকিব এশ গৰাকী লোক বহিব পৰা এটা সভাগৃহ, কাৰ্যালয় গৃহ আদি ৷ তেওঁ ভাষণত মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ কি দৰে আৰু কাৰ কাৰ প্ৰচেষ্টাত সৃষ্টি হল তাৰ এক ইতিহাস দাঙি ধৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰতাত ধৰ্মানুষ্ঠানখনে যে এক গুৰুত্বপূৰ্ণ ভূমিকা সদায় পালন কৰি আহিছে তাক উল্লেখ কৰে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্ম উৎসৱৰ বাটকটীয়া শুৱালকুছিৰ ৰাইজে প্ৰথমে সত্ৰ নামঘৰত গুৰুজনাৰ জন্ম উৎসৱ উদযাপন কৰা কথা উল্লেখ কৰি উপেন্দ্ৰ লেখাৰু আৰু বাগ্মীবৰ নীলধণি ফুকনৰ এক বিশেষ ভাষণে শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ প্ৰতিষ্ঠাত বিশেষ ভূমিকা পালনৰ কথায়ো তেওঁ দোহাৰে ৷ তেওঁলোক দুয়ো গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ উল্লেখ কৰিছিল শুৱালকুছিৰ মুগা পাট কাপোৰ যি দৰে বিশ্ব বিখ্যাত ঠিক সেইদৰে শুৱালকুছিৰ ৰাইজে দুয়োজনা গুৰুকে ধৰ্মৰ দিশৰে বিশ্ব বিখ্যাত কৰি তুলিব৷ সেয়েহে শুৱালকুছিত প্ৰতিবছৰে অতি উলাহ মালহৰে মহাপুৰুষজনাৰ জন্ম জয়ন্তী উদযাপিত হৈ আহিছে আৰু চিৰকাললৈকে থাকিব৷ তেওঁ পুনৰ কয় যে শুৱালকুছি শীঘ্ৰে এখন অতি উন্নতমানৰ ঠাইলৈ ৰূপান্তৰ হব৷ ২০২৩ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰৰ শুৱালকুছি – পলাশবাৰীৰ প্ৰস্তাবিত দলঙৰ আধাৰ শিলা স্থাপন কৰিব ৷ চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ ওপৰৰে দলংখন নিৰ্মাণ হৈ উঠিলে শুৱালকুছিয়ে এক বিশেষ মাত্ৰা পাব ৷ অৰ্থনৈতিক দিশতো বিশেষ সুবিধা লাভ কৰিব ৷ শুৱালকুছি অচিৰেই নিৰ্মাণ কাৰ্য চলিব এশ বিচনাযুক্ত এখন উন্নতমানৰ অত্যাধুনিক চিকিৎসালয় ৷ ইয়াৰ উপৰি শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰত হব এখন অতি উন্নতমানৰ উদ্যান ৷ শিশু সকলৰ লগতে যুৱক যুৱতি, আই মাতৃ আৰু বয়োজ্যেষ্ঠসকলে উক্ত উদ্যানত অৱসৰ বিনোদন কৰিব পাৰিব ৷ মুকলি কৰা হব শীঘ্ৰে শুৱালকুছিৰ ক্ৰীড়া প্ৰকল্প আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়খন৷ শিঙিমাৰিৰ পৰা আজ্ঞাঠুৰিলৈ হব চাৰিলেনযুক্ত পথ৷ ২০২৩ চনত মুকলি হব এইমচ ৷ তেওঁ পুনৰ কয় যে শুৱালকুছিৰ পৰা গোটেই অঞ্চল সাঙুৰি এটা লিংক ৰোড হব ৷ শুৱালকুছি আৰু বংশৰ অঞ্চলৰ ৰাইজক ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ মাটিবাৰী বিক্ৰী নকৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত আহ্বান জনায় ৷ কিয়নো দলং সম্পূৰ্ণ হলে ইয়াৰ মাটিৰ মূল্য অতি উচ্চ হৈ পৰিব৷ বৰ্তমানৰ শুৱালকুছিখন আধুনিক শুৱালকুছিলৈ সলনি হব বুলিও তেওঁ দোহাৰে৷ মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ সভাপতি সদানন্দ দাসৰ সভাপতিত্ব অনুস্হিত উদ্বোধন সভাত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জ্বল্লী, কামৰূপ জিলা পৰিষদৰ সভাপতি ৰীণা তালুকদাৰ, মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰী, সহায়ক দিগন্ত শৰ্মা প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰীগৰাকীক গায়ন বায়ন সহিতে নাম কীৰ্ত্তনৰে মন্দিৰলৈকে আদৰি আনে ৷ মুখ্যমন্ত্ৰীগৰাকীক শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ তৰফৰ পৰা পাটৰ গামোচা, পাটৰ চেলেং, পিতলৰ শৰাই আদিৰে আদৰণি জনোৱা হয় ৷ সভাৰ আৰম্ভণীতে মঞ্চত খোল বাদ্য পৰিবেশন কৰাত এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শুৱালকুছিৰ মুক্তিযুঁজাৰু প্ৰয়াত ভাৰত বৈশ্য, বিশিষ্ট সমাজকৰ্মী,অৱসৰী শিক্ষক প্ৰয়াত শৈলেন শৰ্মা, বিজেপি কৰ্মী প্ৰয়াত খগেন দাস, আৰু প্ৰয়াত শ্ৰীমন্ত ঠাকুৰীয়াৰ  গৃহত প্ৰৱেশ কৰি পৰিয়ালকেইটাৰ খা খৱৰ লোৱাৰ লগতে মৃত ব্যক্তিকেইগৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি মৃত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালকেইটাক সমবেদনা জ্ঞাপন কৰে ৷ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত কলা শাখাত পঞ্চাশ স্থানপ্ৰাপ্ত কৃতি ছাত্ৰী মধুস্মিতা বেজবৰুৱাৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰীগৰাকীক শুভেচ্ছা জনায় ৷ তেওঁ পৰৱৰ্তী দিনত ছাত্ৰীগৰাকীক শিক্ষা জীৱন ভালদৰে আগবঢ়াই নিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

প্ৰেৰক দিলীপ মেধি

You might also like