নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটাত মাল্টি মডেল কাৰ্গো টাৰ্মিনেলৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

দুখনকৈ ব্যক্তিগত ৰেলৰ স্বত্বাধিকাৰী হব অসমীয়া ব্যৱসায়ী কনক ডেকা
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকট কলাজলস্থিত ব্যক্তিগত খণ্ডৰ ঔদ্যোগিক প্ৰতিষ্ঠান বি. আৰ. ট্ৰেন্সকন লিমিটেড চৌহদত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া প্ৰধানমন্ত্ৰী গতিশক্তি মাল্টিমডেল কাৰগো লজিষ্টিক পাৰ্কৰ ভূমিপূজন কৰে। বাইহাটা চাৰিআলিৰ যুৱ ব্যৱসায়ী কনক ডেকা মালিকানাধীন বি. আৰ. ট্ৰেন্সকন লিমিটেড চৌহদত ভূমিপূজন কৰা প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টি মডেল কাৰ্গো লজিষ্টিক পাৰ্কখনত  নিৰ্মাণকৰা হব মালবাহী ৰেল টাৰ্মিনেলৰ। বি.আৰ.ট্ৰেন্সকন লিমিটেডৰ  সৌজন্যত নিৰ্মাণ হ’ব এই টাৰ্মিনেলটো উত্তৰ পূবৰ সৰ্ববৃহৎ মাল্টি মডেল কাৰ্গো টাৰ্মিনেল হব বুলি সদৰি কৰে ৰেল  বিভাগে। ৰেল টাৰ্মিনেলৰ  আধাৰশিলা আৰু ভূমিপূজন কৰি  মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী গতি শক্তি মাল্টি মডেল কাৰ্গো লজিষ্টিক আঁচনিৰ অধীনত এই ব্যক্তিগত খণ্ডৰ ৰেল টাৰ্মিনেলটো নিৰ্মাণ কৰা হব আৰু ইয়াত একে সময়তে ৩খনকৈ ৰেল ৰখাৰ লগতে ৰেলত অনা-নিয়া বৃহৎ পৰিমাণৰ সামগ্ৰীও ৰখাৰ গুডামগৃহ থাকিব। এই পদক্ষেপৰ বাবে ড° শৰ্মাই উত্তৰ-পূব সীমান্ত ৰেলৱেক ধন্যবাদ জ্ঞাপন কৰি সোনকালে ইয়াৰ নিৰ্মান সম্পন্ন হোৱাৰো আশা ব্যক্ত কৰি বি.আৰ.ট্ৰেন্সকন লিমিটেডলৈ শুভেচ্ছা জনায়। আনহাতে পৰিচালন সঞ্চালক কনক ডেকাই এই পাৰ্কখন সম্পূৰ্ণ হ’লে বহুজনৰ বাবে সংস্থাপনৰ পথ ওলাব বুলি জনায়। উল্লেখ্য যে ছেপ্টেম্বৰ মাহৰ ভিতৰত মুকলি হব লগা প্ৰকল্পটোৰ বাবে থলুৱা উদ্যোগপতি গৰাকীয়ে দুখনকৈ ৰেল ক্ৰয় কৰাৰ যাৱতীয় কামকাজ সমাপন কৰিছে।
প্ৰেৰক দীপক দাস
You might also like