নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

বাৰ্তা ডিজিটেল ডেস্ক, ১ জানুৱাৰীঃ নৱবৰ্ষত এটা ভাল খবৰ। মহানগৰবাসীয়ে লাভ কৰিব আন এখন উৰণ সেতু। দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ.চি. আইলৈ হব এই উৰণ সেতুখন। সেতুখন ফৰলেনযুক্ত হব। উৰণ সেতুখনৰ দৈঘ্য হব ৫০৫৩.২০ মিটাৰ অৰ্থাৎ প্ৰায় ৫.৫ কিলোমিটাৰ। প্ৰায় ৯৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব এই উৰণ সেতুখন। সেই উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কটন কলেজ হোষ্টেল ৰোডত শিলান্যাস কৰে। উল্লেখ্য যে উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছে গৌতম কনষ্ট্ৰাকচন আৰু অনুপম নিৰ্মাণ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। শিলান্যাস অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, দিছপুৰৰ বিধায়ক অতুল বৰা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

You might also like