নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-গড়ভঙা পথত উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

👉গুৱাহাটীৰ সুচল যাতায়ত সুনিশ্চিতকৰণৰ আন এক পদক্ষেপ

👉গুৱাহাটী পৌৰ নিগমৰ কেইবাটাও প্রকল্পৰ শুভ উদ্বোধন

👉২৮ ফেব্রুৱাৰীত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ এটা অংশ মুকলি

👉ছমাহৰ ভিতৰত আৰম্ভ নাৰেংগী-কুৰুৱা সংযোগী দলঙৰ কাম

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ ধাৰাবাহিক উন্নয়নৰ গতি অব্যাহত ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী-গড়ভঙা পথত চাইকেল ফেক্টৰী সংযোগ স্থলত ২.৮৪ কিলোমিটাৰ দৈর্ঘ্য আৰু ৩ লেন (১২ মিটাৰ) প্রস্থৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে৷ এই উৰণ সেতুখনৰ সংযোগ স্থলসমূহ হল চাইকেল ফেক্টৰী সংযোগ স্থল আৰু বিষ্ণুপুৰ সংযোগ স্থল, বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম আৰু লালগণেশ বজাৰ৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সম্প্রতি গুৱাহাটী মহানগৰীৰ সকলো পথে একো একোটা ব্যস্ত পথলৈ ৰূপান্তৰিত হৈছে৷ আর্য্য কলেজৰ সন্মুখত উৰণ সেতু নির্মাণ কৰাৰ পিছত ইতিমধ্যে পুৰণি টিবি হাস্পতালত মেডিকেল কলেজৰ নির্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই মেডিকেল কলেজৰ কাম ৭০ শতাংশ সমাপ্ত হৈছে৷ এই চিকিৎসা মহাবিদ্যালয়খন ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰ অথবা অহা বছৰৰ আৰম্ভণিতে কাম সম্পূর্ণ হৈ উঠিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত প্রতিবছৰে তিনি-চাৰিখনকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলৰ উপৰি আই পি এল আদি বিভিন্ন খেল, বিভিন্ন সাংসৃক্তিক অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে৷ তেওঁ লগতে কয় যে গুৱাহাটীৰ ৰূপনগৰ, ৰিহাবাৰী আদি অঞ্চলৰ পৰা ৰাষ্ট্রীয় ঘাইপথলৈ যাব বিচৰা ব্যক্তিসকলে এই ব্যস্ত পথটো যানবাহনৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰে৷ গুৱাহাটীৰ ব্যস্ত পথবোৰৰ ভিতৰত জি এছ ৰোড, গোপীনাথ বৰদলৈ পথ আৰু গুৱাহাটী-গড়ভঙা পথ অন্যতম বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে এই পথটিত যানজঁট হ্রাস কৰাৰ বাবে লোকনির্মাণ বিভাগক কোৱা হৈছিল আৰু বিভাগে উৰণ সেতু নির্মাণ কৰাৰ বাবে এটি প্রকল্প নির্মাণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই উৰণ সেতুখনত চাইকেল ফেক্টৰী আৰু বিষ্ণুপুৰৰ ফালেও বাহু থাকিব৷ তদুপৰি বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম, লালগণেশ বজাৰত কোনো ধৰণৰ বাধা নোহোৱাকৈ যানবাহনসমূহ চলাচল কৰিব পাৰিব৷ পথৰ দুয়োফালে পকী নলা নির্মাণ কৰা হব৷ এই সেতুখন নির্মাণৰ বাবে ৪২৩ কোটি টকাৰ ব্যয় হব বুলি অনুমান কৰা হৈছিল যদিও নিবিদাৰ পিছত এই প্রকল্প ব্যয় ৩৭৬ কোটি টকালৈ হ্রাস পায় বুলিও ড০ শর্মাই কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰি কয় যে তিনি বছৰতকৈয়ো কম সময়ৰ ভিতৰত এই উৰণ সেতুখনৰ নির্মাণ কার্য সম্পূর্ণ কৰা হব৷ গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে নিৰন্তৰ প্রচেষ্টা চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পুৰুষ, মহিলা, দিব্যাংগ লোকসকলৰ সুবিধা হোৱাকৈ গুৱাহাটীৰ প্রতিটো ৱার্ডতে ১৯ লাখ ৮৩ হাজাৰ টকাকৈ ব্যয় কৰি শৌচাগাৰ নির্মাণ কৰাৰ পৰিকল্পনা লোৱা হৈছিল আৰু ৪ কোটি ৭৬ লাখ টকা ব্যয়েৰে নির্মাণ কৰা ইয়াৰে ২৪টা শৌচাগাৰ মুকলি কৰা হৈছে৷ সমান্তৰালভাৱে গুৱাহাটীৰ ১৯টা স্থানত শ্মশান আৰু কৱৰস্থান নির্মাণৰ বাবে পদক্ষেপ লোৱা হৈছে বুলিও ড০ শর্মাই কয়৷ ইয়াৰ প্রথম পর্যায়ত নির্মাণ কার্য সম্পূর্ণ হোৱা ১৭খন শ্মশান আৰু ২খন কৱৰস্থান আজি ৰাইজৰ সেৱাত মুকলি কৰা হৈছে বুলি ড০ শর্মাই কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিখন শ্মশান আৰু কৱৰস্থানত ১৯ লাখ ৮০ হাজাৰ টকাকৈ দিয়া হৈছিল আৰু এই প্রকল্পৰ বাবে মুঠ ৩.৭৬ কোটি টকা ব্যয় কৰা হৈছে৷ সমান্তৰালভাৱে গুৱাহাটীত ৬১টা স্থানত সামূহিক ভৱন নির্মাণৰ পদক্ষেপ লোৱা হৈছে আৰু আজি তাৰে ৩১টা ভৱন উদ্বোধন কৰা হৈছে৷ ইয়াৰ বাবে ৬ কোটি ১৪ লাখ টকা ব্যয় কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রকল্পসমূহ যিবোৰ স্থানত নির্মাণ কৰা হৈছে তাক সঠিকভাৱে পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰিব পৰাকৈ সঠিক দৃষ্টি আৰু ব্যৱস্থা নবলৈও আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীক কেন্দ্র কৰি লোৱা বিভিন্ন প্রকল্প যোৱা তিনি বছৰত উদ্বোধনৰ পর্যায়লৈ লৈ যোৱাটো সম্ভৱ হৈ উঠিছে৷ ছুপাৰ মার্কেটৰ উৰণ সেতু, জু-ৰোডৰ উৰণ সেতু, মালিগাঁও উৰণ সেতুৰ নির্মাণ হোৱাৰ পিছত মহানগৰীৰ যানজঁট যথেষ্ট পৰিমাণে হ্রাস পাইছে বুলি দোহাৰি ড০ শর্মাই কয় যে এই তিনিখন উৰণ সেতুৰ পৰা ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ফেব্রুৱাৰীৰ ২৮ তাৰিখে গুৱাহাটী- উত্তৰ গুৱাহাটী দলঙৰ এটা অংশ অর্থাৎ ভূতনাথৰ পৰা প্রত্যক্ষভাৱে লাচিত প্রর্তিমূতিলৈকে সেই অংশ গুৱাহাটীবাসীৰ বাবে মুকলি কৰি দিয়াৰ বাবে প্রচেষ্টা লোৱা হৈছে৷ এই কাম সম্পূর্ণ হৈ যোৱাৰ লগে লগে ভৰলুমুখত যানজঁট নোহোৱা হৈ পৰিব৷ এই বছৰৰে নৱেম্বৰ-ডিচেম্বৰ মাহত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ বাকীছোৱা কামো সম্পূর্ণ হৈ উঠিব আৰু তেতিয়া প্রধানমন্ত্রী মোদীক আমন্ত্রণ কৰি উদ্বোধন কৰা হব বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৪ ফেব্রুৱাৰীত প্রধানমন্ত্রী মোদী গুৱাহাটীলৈ আহিব আৰু কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ গুৱাহাটীৰ উন্নয়নৰ এটি নতুন সোণালী ইতিহাসৰ অংকিত হবলগীয়া এই সভাখনত উপস্থিত থাকিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই জনসাধাৰণক আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ পিছত মালিগাঁৱৰ অটল উদ্যান, হেঙেৰাবাৰীত অমৃত উদ্যান উদ্বোধন কৰাৰ লগতে নেহৰু উদ্যানখন নকৈ নির্মাণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেইদিনমান পূর্বে গৃহমন্ত্রী অমিত শ্বাহে পুৰণি ডি চি বাংলোত যি ৰিভাৰফ্রণ্ট নির্মাণ কৰা হৈছিল তাক শুভ উদ্বোধন কৰিছিল৷ তেওঁ লগতে কয় যে ইয়াৰ ফলত গুৱাহাটীবাসীয়ে ব্রহ্মপুত্রৰ নৈসর্গিক দৃশ্য উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ এতিয়া সেই উদ্যানখন চি জে এম কর্টলৈকে আনি ৰোপৱেৰ লগত সংলগ্ন কৰা হব বুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়৷ ইয়াৰ লগতে চানমাৰিৰ জলসিঞ্চন আৰু জলসম্পদ বিভাগৰ মাটিত এখন নতুন উদ্যান নির্মাণ কৰা হব যাতে গুৱাহাটীৰ নতুন প্রজন্মই মুকলি ঠাইৰ অভাৱ অনুভৱ কৰিব নালাগে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্মার্ট চিটিৰ জৰিয়তে ট্ৰেফিক চিগনেল আৰম্ভ কৰা হৈছে আৰু গুৱাহাটীত বৈদ্যুতিক বাহনৰ সেৱাও মুকলি কৰা হৈছে৷ তেওঁ লগতে কয় যে অতিৰিক্ত ১৩০খন বৈদ্যুতিক বাহনৰ বাবে অর্ডাৰ দিয়া হৈছে৷ ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে ২০২৫ অথবা ২০২৬ চনৰ ভিতৰত গুৱাহাটীত পেট্ৰোল আৰু ডিজেল চালিত এ এছ টি চি বাহনসমূহ নাইকিয়া কৰাতো সুনিশ্চিত কৰিব বিচৰা হৈছে৷ মাত্র বৈদ্যুতিক বাহন আৰু চি এন জি গেছেৰে পৰিচালিত বাছ সেৱা ব্যৱস্থা লাভ কৰিব পৰা যায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্র, অশ্বক্রান্ত দেৱালয় আৰু উমানন্দতো লাইট এণ্ড চাউণ্ড শ্ব লগতে সুন্দৰভাৱে ইয়াক সজাই পৰাই লোৱাৰ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে প্রকল্প জ্যোতিৰ জৰিয়তে প্রায় ২০ হাজাৰ হিতাধিকাৰীক ষ্ট্ৰীটলাইটৰ সুবিধা দিয়া হৈছে আৰু এই বছৰৰ ভিতৰতে গুৱাহাটীত চি চি টিভিৰ আঁচনি ৰূপায়নৰ কামো সম্পূর্ণ কৰা হব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ পানী যোগানৰ সমস্যা সমাধানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ আটাইতকৈ গুৰুত্বপূর্ণ৷ ইতিমধ্যে গুৱাহাটীৰ বৃহত্তৰ অঞ্চলত পানী যোগানৰ ব্যৱস্থা কৰাটো সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰি ড০ শর্মাই কয় যে জালুকবাৰী, মালিগাঁও, ভৰলুমুখ, চাইকেল ফেক্টৰী, লালগণেশৰ পানীৰ প্রকল্প বিভিন্ন কাৰণত সম্পূর্ণ কৰিব পৰা হোৱা নাছিল৷ এইবাৰ এই প্রকল্প সম্পূর্ণ কৰাৰ বাবে নতুনকৈ ৩০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে আৰু এল এণ্ড টি কোম্পানিয়ে এই কাম হাতত লৈছে৷ অহা দুবছৰৰ ভিতৰত এই কাম সম্পূর্ণ কৰিব পৰা যাব৷ উত্তৰ গুৱাহাটী পানী যোগান প্রকল্প কেইদিনমানৰ ভিতৰতে সম্পূর্ণ হৈ উঠিব বুলি তেওঁ কয়৷ বর্তমান গুৱাহাটী জল বর্ডে ১৪টা ডিষ্ট্রিক মিটাৰৰ জৰিয়তে ১৩ হাজাৰ পৰিয়ালক পানী যোগান দি আহিছে আৰু পৰৱর্তী সময়ত ১ লাখ পৰিয়ালক পানী যোগান দিব পৰা যাব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বাধীনতাৰ পিছত ইমান বৃহৎ পৰিমানৰ পুঁজি গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে ব্যয় কৰা হোৱা নাছিল৷ ৰাষ্ট্রীয় ঘাইপথ ছয়লেনযুক্ত কৰা হৈছে আৰু মার্চৰ ভিতৰত গোটেইকেইখন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যাব৷ ইয়াৰ সমান্তৰালভাৱে নাৰেংগী আৰু কুৰুৱাৰ মাজৰ নতুন দলঙৰ কাম অহা ছমাহৰ ভিতৰত আৰম্ভ কৰাৰ লগতে পলাশবাৰী আৰু শুৱালকুছি দলঙৰ নির্মাণৰ কাম অহা দুমাহৰ ভিতৰত আৰম্ভ কৰা হব৷ গুৱাহাটী মহানগৰীৰ ৰিং ৰোড নির্মাণৰ বাবেও ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি-বেজেৰা-কুৰুবা-জাগীৰোড আৰু জাগীৰোডৰ পৰা পুনৰ ৰাষ্ট্রীয় ঘাইপথত ইয়াক সংযোগ কৰা হব৷ ইয়াৰ ফলত গুৱাহাটী মহানগৰীৰ জনসংখ্যাৰ হেচাঁ হ্রাস কৰিব পৰা যাব বুলিও ড০ শর্মাই কয়৷ অনুষ্ঠানত বিধায়ক ক্রমে সিদ্ধার্থ ভট্টাচার্য্য, ৰমেন্দ্র নাৰায়ণ কলিতা, অতুল বৰা, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অন্যান্য পাৰিষদসকল, লোক নির্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শর্মা, গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভায়ন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, লোক নির্মাণ বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, পৌৰ নিগমৰ উপ মেয়ৰ স্মিতা ৰয় প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like