নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৈৰৱকুণ্ডত সেউজ বিপ্লৱৰ সূচনা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বার্তা, ১৫ ছেপ্টেম্বৰঃ একে স্থানতে ২৪ ঘণ্টাৰ ভিতৰত ৯ হাজাৰ অংশগ্রহণকাৰী এটা দলৰ দ্বাৰা ১০০ হেক্টৰ ভূমিত ১০ লাখ গছপুলি ৰোপণৰ বাবে  ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড–চিকাৰীডা আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ ‘অমৃত বৃক্ষ আন্দোলন’ৰ জৰিয়তে বৃক্ষ অর্থনীতি গঢ়ি তোলা আৰু গছপুলি ৰোপণেৰে নৱপ্রজন্মই যাতে এক প্রগতিশীল ভৱিষ্যৎ গঢ়ি তুলিব পাৰে, সেই উদ্দেশ্যেৰে আয়োজিত এই কার্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰে বিশ্ব অভিলেখ গঢ়াৰ আন এক সবল খোজ আগবঢ়ায়৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই আজিৰ দিনটো ৰাজ্যখনৰ বাবে এটা অত্যন্ত স্মৰণীয় বুলি অভিহিত কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ৰ জৰিয়তে সমগ্র অসমতে এক কোটি গছপুলি একেদিনাই ৰোপণৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ এই আন্দোলন যোৱা ৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে আৰু অহা ১৭ছেপ্টেম্বৰলৈকে বিভিন্ন পর্যায়ত বিশ্ব অভিলেখ সৃষ্টি কৰাৰ দিশত অগ্রসৰ হৈছে৷ যোৱা ৮ ছেপ্টেম্বৰত প্রায় ২২ কিঃমিঃ দৈর্ঘ্যৰ ৩.৫ লাখ গছপুলিৰ বৃহৎ কুণ্ডলী সৃষ্টি কৰা হৈছিল৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত সৃষ্টি কৰা এই কুণ্ডলী বিশ্ব অভিলেখ লাভৰ বাবে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ড কর্তৃপক্ষৰ বিবেচনাধীন হৈ আছে৷ ইয়াৰ পিছত ১০ ছেপ্টেম্বৰত একেদিনাই ৩.৫ লাখ গছপুলি অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা বিতৰণ কৰা হৈছে৷ ইয়াৰ পূর্বে একেদিনাই একে স্থানৰ পৰা ২০১৮ চনত ৭৬ হাজাৰ গছপুলি বিতৰণেৰে উত্তৰ প্রদেশে বিশ্ব অভিলেখ স্থাপন কৰিছিল৷ যোৱা ১০ ছেপ্টেম্বৰৰ কার্যসূচীৰ দ্বাৰা এতিয়া অসমে উত্তৰ প্রদেশৰ এই অভিলেখ ভংগ কৰাৰ স্বীকৃতি লাভৰ অপেক্ষাত আছে৷ তেওঁ লগতে কয় যে যোৱা ১১ ছেপ্টেম্বৰত অনলাইন মাধ্যমত পাঠদানৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্রয়াস কৰা হৈছিল৷ ইউটিউবত সর্বাধিকসংখ্যক দর্শকে এই পাঠদান প্রত্যক্ষ কৰিছিল৷ একেলগে ৭০ হাজাৰ লোকে ল’গ ইন কৰাৰ লগতে এতিয়ালৈকে ৭.২৫ লাখ লোকে এই ভিডি’ প্রত্যক্ষ কৰিছে আৰু এই সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাই আছে৷ উল্লেখ্য যে অমৃত বৃক্ষ আন্দোলনেৰে গছপুলি ৰোপণৰ উপৰি অভিলেখ গঢ়াৰ এই প্রক্রিয়া অব্যাহত ৰাখি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত ২৪ ঘণ্টাৰ ভিতৰত ১০০ হেক্টৰ ভূমিত ১০ লাখ গছপুলি ৰোপণ কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই গছপুলি ৰোপণ প্রক্রিয়া আৰম্ভ হৈছে কলি নিশাৰে পৰা৷ মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰা মতে, ইয়াৰ পূর্বে চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আছিল ২৪ ঘণ্টাৰ ভিতৰত একেটা স্থানতে সর্বাধিক গছপুলি ৰোপণৰ বিশ্ব অভিলেখৰ অধিকাৰী৷ আজিৰ অনুষ্ঠানত গছপুলি ৰোপণ কার্যত জডিত জনসাধাৰণক উৎসাহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই অসমে যাতে নতুন অভিলেখ গঢ়িব পাৰে তাৰ বাবে পূর্ণোদ্যমে গছপুলি ৰোপণ প্রক্রিয়া অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ এই গছপুলি ৰোপণ প্রক্রিয়াত বন বিভাগ, সেনা বাহিনী, অর্ধসামৰিক বাহিনীৰ লোকেও সহায়–সহযোগিতা আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত আৰু এটা অভিলেখ স্থাপনৰ বাবে অসমে অহা আজি নাহৰকটীয়াত আন এক প্রয়াস চলাব৷ এই প্রয়াসৰ অধীনত এক ঘণ্টাৰ ভিতৰত ৩.৫ লাখতকৈও অধিক গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে৷ এই পদক্ষেপত যদি অসমে সফলতা লাভ কৰে, সেয়াও এক বিশ্ব অভিলেখত পৰিণত হ’ব৷ ষষ্ঠ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে অহা ১৬ ছেপ্টেম্বৰত তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত ৪ লাখৰো অধিক গছপুলিৰে অসমৰ মানচিত্র অংকন কৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে৷ পৰৱর্তী ১৭ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে একেদিনাই তিনিটা বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে প্রথম পদক্ষেপ হিচাপে সেইদিনা শিৱসাগৰ জিলাৰ গেলেকীত একেলগে ৫০ হাজাৰ লোকে গছপুলি ৰোপণ কৰিব৷ ইয়াৰ উপৰি ‘অমৃত বৃক্ষ আন্দোলন’ৰ অংশ হিচাপে সকলোৱে লগ হৈ ১ কোটি গছপুলি ৰোপণ কৰিব আৰু ইয়াৰ ফটো অনলাইনত জনসাধাৰণে আপলোড কৰিব৷ গছপুলি ৰোপণৰ ফটো এলবাম অনলাইনত উপলব্ধ হ’ব৷ ইয়ে আন এক বিশ্ব অভিলেখ স্থাপন কৰিব৷ অহা ১৭ ছেপ্টেম্বৰত ৪০ লাখতকৈও অধিক লোকে একেলগে লগ হৈ ৱেবছাইট, প’র্টেলত ভৱিষ্যৎ প্রজন্মৰ বাবে গছপুলি ৰোপণ কৰা আৰু গছপুলিক ৰক্ষণাবেক্ষণ দিয়াৰ শপতবাক্য পাঠ কৰা হ’ব৷ এনে ধৰণৰ বৃহৎ পদক্ষেপ ভাৰতবর্ষৰ কোনো ৰাজ্যতে হোৱা নাই বুলি তেওঁ দাবী কৰে৷ অমৃত বৃক্ষ আন্দোলনৰ দৰে মহান আন্দোলনত সকলোৱে নিজকে জডিত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত পূর্বে দাবীক লৈ আন্দোলন হৈছিল৷ এতিয়া শিক্ষা, বৃক্ষৰোপণ, ক্রীড়া, সাংস্কৃতিক আদি বিষয়ক লৈ আন্দোলন আৰম্ভ হৈছে৷ বিহুৰ পিছত বাগৰুম্বাক লৈ আন এক বিশ্ব অভিলেখ স্থাপনৰ পদক্ষেপ লোৱা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ ভৈৰৱকুণ্ড–চিকাৰীডা অঞ্চলত আয়োজন কৰা এই সভাত বিটিচিপ্রধান প্রমোদ বড়োৱে আদৰণী ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত ৰূপায়িত ‘অমৃত বৃক্ষ আন্দোলন’ক উষ্ম আদৰণি জনাই বিটিচি প্রশাসনৰ উদ্যোগত চলিত বর্ষৰ পৰাই ‘গ্রীন বড়োলেণ্ড মিছন’ কার্যসূচীৰ আয়োজন কৰাৰ কথা ঘোষণা কৰে৷ এইক্ষেত্রত তেওঁ ৰাজ্য চৰকাৰৰ সহযোগিতা আৰু মুখ্যমন্ত্রী ড০ শর্মাৰ মার্গদর্শনৰ কামনা কৰে৷ ২৪ ঘণ্টাত একেলগে একেটা অঞ্চলতে সর্বাধিকসংখ্যক গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা বিটিআৰ প্রশাসনৰ সহযোগত ৰূপায়ণ কৰা এই বৃক্ষৰোপণ কার্যসূচী গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছৰ এটা সঁজাতী দলে কালিৰে পৰা পর্যবেক্ষণ কৰাৰ লগতে ৰোপণ কৰা গছপুলিৰ সঠিক সংখ্যা উলিয়াবৰ বাবে ১৩২জন পৰীক্ষক আৰু তত্ত্বাৱধায়ক নিয়োজিত কৰিছে৷ এই মুহূর্তলৈকে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই যদিও ভৈৰৱকুণ্ড–চিকাৰীডা আজি ৰোপণ কৰা গছপুলিয়ে এদিনতে সর্বাধিক গছপুলি ৰোপণৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিব বুলি সকলোৱে দৃঢ় বিশ্বাসী হৈ আছে৷ অনুষ্ঠানত মন্ত্রী ইউ জি ব্রহ্ম, সাংসদ দিলীপ শইকীয়া, পৱিত্র মার্ঘেৰিটা, বিটিচিপ্রধান প্রমোদ বডো, উপ–মুখ্য কার্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বড়ো, বিটিচিৰ কার্যবাহী সদস্যসকল, বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবী শংকৰ প্রসাদ, প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বিটিচিৰ প্রধান সচিব আকাশদীপ প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like