নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰে দুখীয়া–নিষ্পেষিতৰ ওপৰত চলা অত্যাচাৰ সহ্য নকৰে

অভয়াকুটিৰ দুর্ভগীয়া পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৪ জুনঃ কোকৰাঝাৰ জিলাৰ অভয়াকুটিত ৰাভা সম্প্রদায়ৰ দুই সম্পর্কীয় ভগ্ণী ৰবিতা ৰাভা আৰু সোমাইনা ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ ৰহস্যজনকভাৱে এডাল গছতে দুই সম্পর্কীয় ভগ্ণীয়ে চিপ লৈ আত্মহত্যা কৰাৰ কৰুণ ঘটনাৰ পাছত দেওবাৰে মৃতকৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মৃতকৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই বি টি আৰৰ আই জি পি ড০ এল আৰ বিষ্ণই, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ বিষয়াসকলক লৈ দুর্ভগীয়া পৰিয়াল দুটাৰ সদস্যৰ স’তে আলাপ–আলোচনা কৰি তাৎক্ষণিক তদন্তৰ নির্দেশ দিয়ে৷ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঘটনাটো যদিহে আত্মহত্যা, তেনেহ’লে কিহৰ বাবে আত্মহত্যা কৰিলে, তাৰ প্রকৃত কাৰণ উলিয়াবলৈ আৰক্ষীক নির্দেশ দিয়া হৈছে৷

আনহাতে যদিহে হত্যাকাণ্ড, তেনেহ’লে হত্যাকাৰীয়ে কঠোৰ শাস্তি পাব লাগিব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি ঠাইত একাংশ জনসাধাৰণ নিৰাপত্তাহীনতাত বাস কৰি আহিছে আৰু এইখন চৰকাৰে নামনি অসমৰ কোনো লোকৰ ওপৰতে বিশেষকৈ দুখীয়া–নিছলা–নিষ্পে ওপৰত কোনোধৰণৰ অত্যাচাৰ সহ্য নকৰে বুলি মন্তব্য কৰি তাৰ বার্তা প্রেৰণ কৰিবলৈকে আজি অভয়াকুটিত উপস্থিত হোৱা বুলি সদৰী কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷

দুগৰাকী জনজাতি যুৱতীৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই আৰু সেয়েহে চৰজমিন তদন্তৰ বাবে উপস্থিত হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ইতিমধ্যে চাৰি–পাঁচজন সন্দেহজনক ব্যাক্তিক আৰক্ষীয়ে আটক কৰিছে আৰু ইয়াৰে দুজনে নিজৰ ম’বাইলৰ পৰা সকলো তথ্য মচি পেলাইছে, অথচ যি দুজনে ম’বাইলেৰে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বার্তালাভ কৰাৰ তথ্য আৰক্ষীৰ হাতত মজুত আছে৷ গোটেই বিষয়বস্তুবোৰ তাৎক্ষণিকভাৱে তদন্ত কৰিবলৈ আৰক্ষীক নির্দেশ দিয়া হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷

আনহাতে, মৃতকৰ পৰিয়ালবর্গই তেওঁলোকৰ সন্তান দুগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনা মুঠেই বিশ্বাসযোগ্য নহয় আৰু ইয়াৰ আঁৰত ৰহস্য লুকাই আছে অথবা এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে৷ আজি মুখ্যমন্ত্রীৰ দুর্ভগীয়া পৰিয়ালবর্গক সাক্ষাৎকালত বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডো, বিধায়ক লৰেঞ্চ ইছলাৰী, প্রাক্তন বিধায়ক অশোক সিংঘী, কে এ চিৰ কার্যবাহী সদস্য জীৱেশ ৰায় আদিকে ধৰি বহু নেতা–কর্মী আৰু দলীয় কর্মীসকল উপস্থিত আছিল৷
কোকৰাঝাৰত দুই ভগ্ণীৰ আত্মহননঃ পাঁচজনক গ্রেপ্তাৰ
কোকৰাঝাৰৰ অভয়াকুটিত ৰহস্যজনকভাৱে গছত চিপ লোৱা অৱস্থাৰ পৰা দুই ভগ্ণীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচজন যুৱকক আটক কৰিছে৷ তেওঁলোক হ’ল– জিলাখনৰ শালবাৰীৰ জাহানুৰ ইছলাম (২৩), মোজাম্মেল শ্বেখ (২০), হৰিৰদোলৰ আতাফ আলী (২৬), সুতীপাৰাৰ শংকৰদেৱ বর্মন (২৭) আৰু ধুবুৰী জিলাৰ চাপৰ নিউ হাতিপোতাৰ হানিফ শ্বেখ (২০) বুলি জিলা আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰে সদৰী কৰিছে৷ আজি কোকৰাঝাৰ সদৰ থানাত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰে সদৰী কৰা মতে গোচৰটোৰ তদন্ত দ্রুত গতিত আগবাঢ়ি আছে আৰু সকলো সম্ভাৱনীয়তাক গোচৰৰ আওতালৈ অনা হৈছে৷ ইতিমধ্যে কেইবাগৰাকী লোকক সোধা–পোছা কৰা হৈছে৷ মৰণোত্তোৰ পৰীক্ষাৰ প্রতিবেদন অদ্যাপি অহা নাই আৰু গোটেই ঘটনাটো বিজ্ঞানসন্মতভাৱে তদন্ত কৰা হ’ব৷ইপিনে বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে আৰক্ষীয়ে উক্ত ঘটনাটোৰ তদন্ত কৰি আছে আৰু উক্ত ঘটনাটো আত্মহত্যা নে হত্যা সেয়া তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰিছে৷ ভৱিষ্যতে যাতে গ্রামাঞ্চলৰ লোকসকলে নিৰাপত্তাহীনতাত ভুগিব লগা নহয় আৰু এনে দুর্ভাগ্যজনক ঘটনা সংঘটিত নহয়, তাৰ বাবে কার্যব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰিছে বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে৷
কোকৰাঝাৰত কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত উদ্বেগ প্রকাশ ৰাইজৰ দলৰ
ক’ৰোনা মহামাৰীৰ সংহাৰী ৰূপৰ পৰিপ্রেক্ষিতত সান্ধ্য আইন চলি থকাৰ মাজতে কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত দুই ৰাভা জনগোষ্ঠীয় কিশোৰীৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাত তীব্র উদ্বেগ প্রকাশ কৰিছে ৰাইজৰ দলে৷ এক দলীয় বিবৃতিত ৰাইজৰ দলৰ কেন্দ্রীয় কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই উল্লেখ কৰে যে চৰকাৰখন বাস্তৱত নাৰী সুৰক্ষাৰ ক্ষেত্রত চূড়ান্তভাৱে ব্যর্থ হৈছে৷ তেওঁ অসম চৰকাৰ আৰু আৰক্ষী সঞ্চালকপ্রধানৰ ওচৰত দাবী জনাইছে যে কি পৰিস্থিতিত দৰিদ্র পৰিয়ালৰ এই দুই কিশোৰীয়ে মৃত্যুক সাবটি ল’ব লগা হ’ল, তাৰ উচিত তদন্ত হ’ব লাগে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে৷

You might also like