নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনৰক্ষীৰ ৰেচন ভাট্টা মাহেকত ২ হাজাৰ টকালৈ বৃদ্ধি

ৰাজ্য চৰকাৰৰ আনুষ্ঠানিক নির্দেশনা

নিয়মীয়া বাৰ্তা ১৪ জুনঃ বনৰক্ষীৰ ৰেচন ভাট্টা বৃদ্ধি সন্দর্ভত আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ বন বিভাগে প্রকাশ কৰা নতুন নির্দেশনা অনুসৰি পূর্বৰ ১,২০০ টকাৰ পৰিৱর্তে এতিয়াৰে পৰা মাহিলি ৰেচন ভাট্টাৰ নিৰিখ হ’ব ২,০০০ টকা৷ চলিত জুন মাহৰ পৰা কার্যকৰী হ’বলগীয়া এই নির্দেশনা অসম বন সুৰক্ষা বাহিনীত কর্মৰত পৰিদর্শক পর্যায়ৰ বিষয়া আৰু তাৰ তলৰ পর্যায়ৰ কর্মচাৰীসকলৰ ক্ষেত্রত কার্যকৰী হ’ব৷ উল্লেখ্য যে বান প্রস্তুতি পর্যালোচনাৰ উদ্দেশ্যে শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত বনৰক্ষীৰ ৰেচন ভাট্টা বৃদ্ধিৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সেইমর্মে বিত্ত বিভাগৰ প্রয়োজনীয় অনুমোদনক্রমে বন বিভাগে উক্ত আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে৷

You might also like