নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত জলশক্তি মন্ত্ৰীক সাক্ষাৎ, শিলসাঁকো বিল পুনৰুজ্জীৱিতকৰণৰ পদক্ষেপ মুখ্যমন্ত্রীৰ

বিশেষ বার্তা, ২৬ মার্চঃ নতুন দিল্লী ভ্রমণৰত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাটিলক সাক্ষাৎ কৰি শিলসাঁকো বিল পুনৰুজ্জীৱিতকৰণক্ লৈ এখন বৈঠকত মিলিত হয়৷ নতুন দিল্লীস্থিত পাটিলৰ চৰকাৰী বাসভৱনত হোৱা প্রায় আধা ঘণ্টাৰ বৈঠকত মুখ্যমন্ত্রীজনে শিলসাঁকো জলাশয় সম্পর্কীয় প্রকল্পৰ লগতে অসমৰ জল জীৱন মিছনক লৈও আলোচনা কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রীজনে কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রী ভূপেন্দৰ যাদৱক তেওঁৰ গুৰগাঁওস্থিত বাসভৱনত পুৱাৰ ভাগত সাক্ষাৎ কৰি তেওঁৰ সদ্যপ্রয়াত পিতৃ কদম সিঙলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মন্ত্রী যাদৱৰ ঘৰত মুখ্যমন্ত্রীক সংগদান কৰে মন্ত্রী অশোক সিংহলে৷ উল্লেখ্য যে যাদৱৰ পিতৃয়ে যোৱা ১৫ মার্চত শেষ নিশ্বাস ত্যাগ কৰে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰিবলৈ কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে দিল্লীস্থিত আছাম হাউছ ভ্রমণ কৰে৷ পিছে সাক্ষাৎকালত হোৱা আলোচনা সন্দর্ভত মুখ্যমন্ত্রী কিম্বা কেন্দ্রীয় গৃহ সচিব কোনো পক্ষই জনাব বিচৰা নাছিল৷ ইপিনে, মুখ্যমন্ত্রীজনে দিল্লীৰ আছাম হাউছত ৰাজ্যৰ বিত্ত বিভাগৰ যুটীয়া সচিবক লগত লৈ কেন্দ্রীয় বিত্তমন্ত্রালয়ৰ বিষয়াসকলৰ সৈতে জিএছটি সংক্রান্তত এক আলোচনাত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশগ্রহণ কৰে৷

You might also like