নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ বিজেপিত যোগ দিয়া প্রাক্তন কংগ্ৰেছী মন্ত্রী বিস্মিতা গগৈ, প্রাক্তন যুৱ কংগ্রেছী নেত্রী অংকিতা দত্তৰ লগতে আছুৰ প্রাক্তন সভাপতি দীপাংক নাথসহ বিজেপিত শেহতীয়াকৈ যোগদান কৰা কেইবাজনো নেতাই আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি উল্লেখ কৰিছে যে ৰাষ্ট্রসেৱাৰ সংকল্পৰে বিজেপিৰ পৰিয়ালত যোগদান কৰা বিভিন্ন ৰাজনৈতিক সংগঠনৰ নৱাগত কার্যকর্তাক উষ্ম আদৰণি জনাইছোঁ৷ লোকসেৱা ভৱনত তেওঁলোকৰ সৈতে বৈঠকত মিলিত হৈ বিজেপিৰ নীতি আৰু আদর্শৰ বিষয়ত কিছু দিশ আলোকপাত কৰোঁ৷ এখন বিকশিত ভাৰত গঢ়াৰ আশাশুধিয়া যাত্রাত একোগৰাকী সক্রিয় সহযাত্রী হিচাপে অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রেৰণাৰে তেওঁলোক উদ্বুদ্ধ হৈছে৷