প্ৰয়াত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ গৃহলৈ গৈ মুখ্যমন্ত্ৰীৰ সমবেদনা জ্ঞাপন
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেৰগাঁৱস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত আয়োজিত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীয়ে ২০২১ বৰ্ষৰ ২৯ নৱেম্বৰত যোৰহাট চহৰত দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত এক অবাঞ্ছিত ঘটনাত মৃত্যুবৰণ কৰা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ দেৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খকন্দগুৰি গাঁৱস্থিত গৃহলৈ গৈ প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্য সকলক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে৷
মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ আৰ্থিক অনুদানৰ এখন চেকো প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যোৰহাট আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকা অপৰাধী সকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে৷ এই বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে সমাপন কৰাৰ বাবে চৰকাৰে ন্যায়ালয়ক অনুৰোধ জনাব৷ দুৰ্ভগীয়া পৰিয়ালটোৰ সকাহৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
Met parents of ex-AASU leader of Jorhat, Animesh Bhuyan, whose unfortunate death had pained all of us.
Offered my deep condolences & handed them a cheque of ₹5 lakh as a token.
Police have framed charges against the accused & steps will be taken for fast-track trial of the case. pic.twitter.com/jxDFTSmolp— Himanta Biswa Sarma (@himantabiswa) January 29, 2022