বিকাশ যাত্ৰাৰে কামৰূপলৈ ৬৩৫ কোটিৰ প্ৰকল্প উপহাৰ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ৰাজ্যত এতিয়া বিকাশৰ গংগা বৈ গৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কামৰূপ জিলাৰ বিহদিয়াত। কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়াৰ ৰাসখলাত আজি বিকাশ যাত্ৰা উপলক্ষে আয়োজন কৰা বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে নগাঁও জিলাত আৰম্ভণি কৰা বিকাশ যাত্ৰাৰ আজি কামৰূপ জিলাত সামৰণি পৰিব। কামৰূপ জিলালৈ ৬৩৫ কোটিৰ টকাৰে ছয়গাঁৱৰ পৰা উকিয়াম হৈ মেঘালয়লৈ আন্তঃৰাজ্যিক সংযোগৰে পথ উন্নতিকৰণকে ধৰি জিলাখনৰ আৰু ৮২ প্ৰকল্পৰ আধাৰশিলা স্থাপন-শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ ভাষণত কয় যে চলিত বছৰৰ জুলাইত মাহত বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গকে ধৰি আৰক্ষী, শিক্ষককে আদি বিভাগত প্ৰায় ৩৫ হাজাৰতকৈ অধিক নিবনুৱাক চৰকাৰী নিযুক্তি প্ৰদান হ’ব। ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয় আঁচনি প্ৰদান কৰা হ’ব। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীক চৰকাৰীভাৱে ইঞ্চুৰেঞ্চ কৰি দিয়া হ’ব। তদুপৰি তেওঁ জনসাধাৰণক উদ্দেশ্যি বহু উন্নয়নমূলক আঁচনিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা, সাংসদ ভুৱনেশ্বৰ কলিতা, দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়া, জিলা উপায়ুক্ত কীৰ্তি জল্লীকে ধৰি জিলা আৰক্ষী-প্ৰশাসনৰ উচ্চপদস্থ বিষয়াকে ধৰি কেইবাসহস্ৰ লোক উপস্থিত থাকে।
প্ৰেৰক হীৰকজ্যোতি ডেকা