নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত শান্তিৰ দিশত আৰু এখোজঃ মুখ্যমন্ত্রীৰ আলোচনাৰ আহ্বানলৈ সঁহাৰি আলফাৰ

নিয়মীয়া বাৰ্তা ১৯ মেঃ ‘পৰেশ বৰুৱা ডাঙৰীয়াক আমি অনুৰোধ কৰিম, আপুনি আলোচনালৈ আহক৷ এয়া অসমৰ ৰাইজে বিচাৰিছে৷ টিভিত এতিয়া যি পৰিৱেশ দেখুৱাই আছে, অসমৰ ৰাইজে এইধৰণৰ পৰিৱেশ বিচৰা নাই৷ আমি এনেকুৱা পৰিৱেশ চাব খোজা  নাই৷’– মঙলবাৰে পুৱাৰ ভাগত আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি এইদৰে কৈছিল ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিয়লিৰ ভাগলৈ উত্তৰ আহিল বিদ্রোহী নেতাগৰাকীৰ পৰা৷

এক টেলিফোনিক বার্তালাপত ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনক পৰেশ বৰুৱাই ক’লে, ‘ড০ হিমন্ত বিশ্ব শর্মাই ধনাত্মক কথা কৈছে৷ আমি আশ্বস্ত হৈছোঁ৷ অসম–ভাৰত সংঘাত এটা সমাধান কৰিব নোৱাৰা বিষয় নহয়৷ তেওঁ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ মাত্র কেইটামান দিন হৈছে৷ তাৰ ভিতৰতে মুখ্যমন্ত্রী হিচাপে দায়িত্বশীল কথা কৈছে, ভাল দিশ দাঙি ধৰিছে৷ আমি আশাবাদী৷’ আজিৰ দিনটোৰ ভিতৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানলৈ আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই জনোৱা সঁহাৰিয়ে ৰাজ্যবাসীক দিছে দীর্ঘদিনীয়া এক সমস্যা সমাধানৰ ইতিবাচক ইংগিত৷

উল্লেখ্য যে আলফা (স্বাঃ)–এ অপহৰণ কৰি নিয়া অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ তিতাবৰৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ অপহূত ৰিতুল শইকীয়াক সুস্থ শৰীৰেৰে ঘৰলৈ ওভতাই অনা হ’ব বুলি তেওঁৰ পিতৃ–মাতৃ আৰু পত্নীক আশ্বস্ত কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ তাৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফা (স্বাঃ)–এ শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে সামাজিকভাৱে কেতবোৰ দাবী উত্থাপন কৰিছে৷ সেইবোৰ কথাত কাৰোৰে আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু ৰাইজক নোকোৱা আৰু কিছুমান কথা থাকে৷ যিবোৰ কথাৰ পর্যালোচনাৰ প্রয়োজন আছে৷ এই মুহূর্তত সকলো কথা সংবাদ মাধ্যমৰ আগত কোৱাটো উচিত নহয়৷

চৰকাৰে এক সমাধানসূত্র উলিয়াবলৈ সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ একে সময়তে আলফা (স্বাঃ)–এ একপক্ষীয়ভাৱে ঘোষণা কৰা তিনিমহীয়া যুদ্ধবিৰতি সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে এইদৰে প্রতিক্রিয়া প্রকাশ কৰে– ‘তিনি মাহৰ যুদ্ধবিৰতিৰ ঘোষণাত মহামাৰীৰ কথা কোৱা হৈছে৷ নতুন চৰকাৰখনক শান্তিৰ বাতাৱৰণ দিয়াৰ কথা কোৱা হৈছে৷ মই কেৱল বিনম্রতাৰে এটাই আহ্বান জনাম– অসমত তেজৰ ফাকু বহুত খেলিলোঁ৷ ক’ব গ’লে ১৯৮৫ৰ পৰা চলি অহা যুদ্ধখনে কাৰোৱে কিবা এটা সমাধান আনি দিব পৰা নাই৷ বহু মাতৃৰ বুকু শুদা হ’ল, বহু পাহোৱাল ডেকা জংঘললৈ গৈ মৃত্যুৰ সৈতে যুঁজ দি আছে৷ জানি বা নাজানি তেওঁলোকৰ হাতেৰে যোৱা দুটা বা তিনিটা দশক অগণন মানুহে প্রাণ হেৰুৱালে৷ বহু পত্নীৰ শিৰৰ সেন্দূৰ মচা গ’ল৷ বহু পিতৃ–মাতৃ সন্তানহাৰা হ’ল৷ এতিয়া আমি বিচাৰিছোঁ আলফাৰ পৰা আলোচনাৰ প্রস্তাৱ আহক৷ যুদ্ধবিৰতিক ইতিবাচক দিশ হিচাপে বিবেচনা কৰিম৷ কিন্তু যুদ্ধবিৰতিৰ পৰৱর্তী পর্যায়ত কি কথাত আলোচনা কৰিব লাগে, কোনখিনি কথা চৰকাৰে মানি ল’ব পাৰিব বা কোনখিনি মানিব নোৱাৰিব, সেইবোৰ কথা জানি লৈ, দুয়োপক্ষৰ সীমাবদ্ধতাক সন্মান জনাই যদি আমি আলোচনাৰ দুৱাৰ মুকলি কৰোঁ, মই ভাবোঁ জাতিটোৱে এটা নতুন দিগন্ত দেখিবলৈ পাব৷’

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই মন্তব্যক গুৰুত্বসহকাৰে ল’লে বিদ্রোহী সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই৷ ৰিতুল শইকীয়াৰ পৰিয়ালক আশাৰ খবৰ দি তেওঁ কয় যে ৰিতুলৰ পৰিয়ালটোৱে যি ধৰণে আহ্বান জনাইছে, কোঁচত শিশু সন্তানক লৈ পৰিবাৰে যিদৰে আহ্বান জনাইছে, মুখ্যমন্ত্রীয়ে যি আহ্বান জনাইছে, ইয়াৰ পিছত বিষয়টো সমাধান কৰিবলৈ আলফা (স্বাঃ)–এ নিশ্চয় প্রচেষ্টা চলাব৷ ৰিতুল বর্তমান আলফা (স্বাঃ)ৰ জিম্মাত আছে, সুস্থ শৰীৰে আছে৷ কোনো অসুখ–বিসুখ হোৱা নাই৷ খোৱা–বোৱাত কোনোধৰণৰ অসুবিধা পোৱা নাই৷ মহামাৰীয়ে যদি কোনো অসুবিধাত নেপেলায়, তেনেহ’লে অতি সোনকালে তেওঁ ঘৰলৈ ঘূৰি যাব পাৰিব বুলি আশা কৰিব পাৰি৷

ইপিনে, ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান প্রসংগত পৰেশ বৰুৱাই কয়, ‘মুখ্যমন্ত্রীগৰাকীয়ে কেইবাটাও ধনাত্মক দিশ দাঙি ধৰিছে৷ তাৰ বাবে তেওঁক ধন্যবাদ৷ দীর্ঘদিনীয়া অসম–ভাৰত সংঘাতৰ ওপৰত থূলমূল যিকেইটা ব্যাখ্যা দিছে, সেয়া ধনাত্মক৷ তিনিটা তৈল কোম্পানীয়ে অসমৰ জনসাধাৰণৰ বাবে কি কি কৰিব লাগে, তাৰ বাবে আমাৰ কেইটামান চর্ত দিয়া হৈছিল৷ সেই বিষয়তো মুখ্যমন্ত্রীগৰাকীয়ে ধনাত্মক কথা কৈছে৷ আমি আশ্বস্ত হৈছোঁ৷’

আলফা (স্বাঃ)ৰ নেতাগৰাকীয়ে লগতে এইবুলিও কয়, ‘প্রথম মুখ্যমন্ত্রী হৈ তেওঁ যিটো উদ্যোগ লৈছে, তাৰ নিতান্তই প্রয়োজন আছিল৷ অসম–ভাৰতক লৈ আলফা (স্বাঃ)ৰ যি সংঘাত চলি আহিছিল, তাৰ সমাধানসূত্র লাগে বুলি সাহসেৰে কোৱাটোক আমি ধন্যবাদ জনাইছোঁ৷ আমিতো কোৱা নাই যে কেৱল অস্ত্রৰেই এই সংঘাতৰ সমাধান হ’ব লাগিব বুলি৷ আন বিকল্প নথকা বাবেই আমি হাতত অস্ত্র তুলি লৈছোঁ৷ আগতে গণতান্ত্রিকভাৱে আন্দোলন কৰিছোঁ, কিন্তু কোনেও গুৰুত্ব দিয়া নাই৷ কেৱল ডিভাইড এণ্ড ৰুল পলিচী প্রয়োগ কৰি আহিছে৷ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাৰ আগতেই, ২০১৮ চনতে আমি কৈছিলোঁ যে আমাক এজন সাহসী চি এম লাগে৷ যিয়ে দিল্লীক পতিয়ন নিয়াব যে অসম–ভাৰত সংঘাত এটা জ্বলন্ত সমস্যা৷ এই কথা ডাঠি ক’ব পৰা এজনেই ব্যক্তি আছে, যিয়ে ৰাহুল গান্ধীৰ মুখে মুখে কথা ক’ব পাৰিছে৷ ইয়াৰ আগত কোনোৱে শাসকীয় দলৰ মুৰব্বীৰ লগত সমানে সমানে কথা ক’ব পৰা ব্যক্তি নাছিল৷ তেওঁৰ কিবা নহয় কিবা এটা কৰাৰ ইচ্ছা আছে, সাহস আছে৷ এইবাৰ গোটেই বিষয়টো কেনেদৰে আগবঢ়াই নিব পাৰে, সেয়া তেওঁৰ কথা৷ আমাৰ বিশ্বাস আছে৷’

ইপিনে, আলফা (স্বাঃ)ৰ বিৰুদ্ধে চৰকাৰেও যুদ্ধবিৰতিৰ নীতি ল’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কৈছিল, ‘চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকে যুদ্ধবিৰতি দিয়া নাই৷ গতিকে চৰকাৰে চৰকাৰৰ কাম কৰিব লাগিব৷ কোনোবাই যদি অস্ত্র–শস্ত্র লৈ ঘূৰি থাকে, যুদ্ধবিৰতি বুলি তেওঁক নধৰিম, তেনে কথা হ’ব নোৱাৰে৷ আলোচনাৰ মাজলৈ আহি যদি যুদ্ধবিৰতি হয়, যদি পৰেশ বৰুৱাই ভাবে যে যুদ্ধবিৰতি আগুৱাই নিম, তাৰ বাবে প্রেক্ষাপট তৈয়াৰ কৰিম, তেনেহ’লে পৰৱর্তী পদক্ষেপ বেলেগ হ’ব৷ এতিয়া স্থায়ী আলোচনাৰ কথা অহা নাই যদিও আমি নিগেটিভ কথা ক’ব বিচৰা নাই৷ আলোচনাৰ দুৱাৰ সদায় মুকলি থাকিব৷ কিন্তু এটা বিবৃতি দিলেই কথা শেষ নহয়৷ আমি মাত্র তাত আশাৰ কিৰণ আছে নেকি, সেয়া বিবেচনা কৰিব পাৰোঁ৷ এটা বিবৃতিৰ ওপৰত বহু কিবাকিবি কৰাৰ কথা নাহে৷ আমি সকলো কথাই এতিয়ালৈকে ইতিবাচকভাৱে লৈছোঁ৷’

ড০ শর্মাৰ এই বক্তব্যকো ইতিবাচকৰূপে গ্রহণ কৰি পৰেশ বৰুৱাই কয়, ‘ড০ হিমন্ত বিশ্ব শর্মাই যে অকলে সকলো কৰিব পাৰিব, তেনে কথা নহয়৷ অন্ততঃ নতুন দিনৰ আশাৰে ৰেঙনি অহাৰ বাট তেওঁ তৈয়াৰ কৰিছে৷ তেওঁ যদি দিল্লীক সৈমান কৰিব পাৰে, অসমৰ সংগ্রামী জনতাৰ লগতে আমিও সেয়া মানি ল’ব লাগিব৷ ভৱিষ্যতে তেওঁ নিজেই এয়া প্রমাণ কৰি দেখুৱাব লাগিব৷ অৱশ্যে মুখ্যমন্ত্রীয়ে নিজৰ জন্মভূমিৰ কথা চিন্তা কৰিছে, তেওঁৰ কথাত সেই দৃঢ়তা প্রকাশ পাইছে৷ যদি ভাৰত চৰকাৰে তেওঁৰ কথাত আন্তৰিকতা দেখুৱায়, সমাধানৰ সম্ভাৱনা থকা পথ এটা আৱিষ্কাৰ হয়, সকলো কৃতিত্বৰ গৰাকী হ’ব ড০ হিমন্ত বিশ্ব শর্মা৷’ মুঠৰ ওপৰত আজি পুৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলফা (স্বাঃ)ৰ প্রতি জনোৱা মুকলি আহ্বান আৰু বিয়লি বিদ্রোহী সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই জনোৱা ইতিবাচক সঁহাৰিয়ে বিগত কেইবাদশকজোৰা ৰাজ্যৰ অস্থিৰ পৰিস্থিতিৰ যৱনিকাৰ ইংগিত বহন কৰিছে৷ এয়া অসমত স্থায়ী শান্তি স্থাপনৰ দিশত এটা গুৰুত্বপূর্ণ খোজ হিচাপে বিবেচিত হৈছে৷

You might also like