নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : আজি এক ব্যস্ততাপূৰ্ণ কাৰ্যসূচীত যোৰহাট জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তিতাবৰ মহিমবাৰীস্থিত কমলাবাৰী সত্ৰত উপস্থিত হয়। অঞ্চলটোৰ ৰাইজৰ বিপুল আদৰণি আৰু সত্ৰৰ ভকতসকলে পৰম্পৰাগতভাবে গায়ন-বায়নৰে আদৰি আনি সত্ৰৰ মল নামঘৰত প্ৰৱেশ কৰায়। নামঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এটি গছপুলি ৰোপণ কৰে নামঘৰ প্ৰাংগণত। ১৯৭৫ চনত সেই সময়ৰ শৰৎ সিংহ চৰকাৰে ভূমি অভাৱৰ লগতে বহু সমস্যাৰ বাবে মাজুলী কমলাবাৰী সত্ৰৰ পৰা বহুসংখ্যক ভকতক লৈ তিতাবৰ মহিমবাৰীত সত্ৰখন প্ৰতিষ্ঠা কৰিছিল আৰু সেই সূত্ৰেই সত্ৰখন নাম কমলাবাৰী ৰখা হৈছিল। আজি মুখ্যমন্ত্ৰীয়ে সত্ৰখনত প্ৰৱেশ কৰাৰ লগতে সত্ৰৰ শৰণীয়া তিনি হাজাৰ পৰিয়ালৰ মাজত এক উৎসাহ পৰিলক্ষিত হয়। সত্ৰৰ মূল নামঘৰত মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰি সত্ৰৰ নামঘৰত থকা পৌৰাণিক সমগ্রী, বহু মূল্যবান পুথি আদিৰ বিষয়ে সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামী আৰু বুঢ়া ভকত সোনাৰাম শৰ্মাৰ লগত বহু সময় আলোচনাত মিলিত হয়, সত্ৰৰ ভকত সকলে শঙ্খ দবা ধ্বনিৰে মুখ্যমন্ত্ৰী গৰাকীৰ কল্যান কামনা কৰে। আলোচনা কালত মুখ্যমন্ত্ৰী গৰাকীয়ে সত্ৰ খনৰ সৰ্বাংগীন উন্নয়ন বাবে পৰ্যায় ক্ৰমে কাম কৰিম বুলি উল্লেখ কৰাৰ লগতে, নামঘৰ, ভকত সকলৰ বহা সমূহৰ উন্নতমানৰ কৰাৰ চিন্তা প্ৰকট কৰে। সত্ৰত থকা হনুমান মন্দিৰত প্ৰসাদ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি উল্লেখ কৰিছে যে, অহা ২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ঘৰ সংসাৰ ত্যাগ কৰি গুৰুজনাৰ নীতি আদর্শক জীয়াই ৰখাৰ সংগ্ৰাম কৰা ভকতসকলৰ বাবে এক আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে। উক্ত স্থানৰ পৰাই তিনিগৰাকী বয়োজ্যেষ্ঠ ভকতক শিল্পী পেঞ্চন প্ৰদান কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত পুলক মহন্তক নিৰ্দেশ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সত্ৰৰ মাজুলীত থকা মাটি সম্পত্তিত শাখা সত্ৰ এখন নিৰ্মান কৰিব পৰা যাব নেকি তাৰ ওপৰত মনোনিবেশ কৰাৰ কথা ব্যক্ত কৰে। তিতাবৰৰ সমস্যাসমূহৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি বুলি সোধা এক প্ৰশ্ন উত্তৰত কয় যে বৰহোলাৰ পৰা যোৰহাটলৈ ন-আলি পথটো অসম মালাৰ অধীনত নিৰ্মান কৰাৰ যাৱতীয় কাম কৰা হৈছে বুলি উল্লেখ কৰে আৰু তিতাবৰৰ আন আন সমস্যা সমূহৰ বিষয়ে জানিবলৈ সোনকালে আকৌ এবাৰ আহিম বুলি জনায়।
প্ৰেৰক ইউছুফ আলী