নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কথা মতেই কাম ছখনলৈ হ্রাস মুখ্যমন্ত্রীৰ কনভয়ৰ বাহন

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ৰাজ্যৰ পৰা ভি আই পি, ভি ভি আই পি সংস্কৃতি নোহোৱা কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ মুখ্যমন্ত্রীৰ কনভয়ৰ বাহন হ্রাস কৰাৰ বাবে কেবিনেটে লোৱা সিদ্ধান্ত কার্যকৰী হ’ল৷ কথা মতেই কাম৷ আজি মুখ্যমন্ত্রীৰ কনভয়ত দেখা গ’ল পূর্বৰ ১২খনৰ ঠাইত ৬খন বাহন৷ উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত গ্রহণ কৰা হৈছিল এক বিশেষ সিদ্ধান্ত৷ এই সিদ্ধান্ত অনুসৰি ৰাজপথত মুখ্যমন্ত্রীৰ কনভয়ৰ বাবে মাত্র দুই মিনিট সময়হে ৰাজপথত বন্ধ কৰি ৰাখিব পাৰিব অন্য যান–বাহন৷

গুৱাহাটী মহানগৰীৰ যিকোনো অনুষ্ঠানলৈ যোৱাৰ সময়ত মুখ্যমন্ত্রীৰ কনভয়ত থাকিব মাত্র ৬খন বাহন৷ সেই অনুসৰি শুকুৰবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত অনুষ্ঠানত উপস্থিত হোৱা মুখ্যমন্ত্রীৰ কনভয়ত আছিল মাত্র ৬খন বাহন৷ ইফালে বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেটৰ আন এক সিদ্ধান্তও  কার্যকৰী কৰিলে মুখ্যমন্ত্রীয়ে৷ কেবিনেটে সিদ্ধান্ত লৈছিল যে কোনো চৰকাৰী অনুষ্ঠানত নাথাকিব সম্বর্ধনা পর্ব৷ সেই অনুসৰিয়েই  কলাক্ষেত্রত অনুষ্ঠিত মত বিনিময় অনুষ্ঠান সম্বর্ধনা পর্ব নোহোৱাকৈয়ে আৰম্ভ হয়৷ মুখ্যমন্ত্রীৰ লগতে আন শীর্ষ চৰকাৰী বিষয়াক  মঞ্চত গামোচাৰে জনোৱা নহ’ল সম্বর্ধনা৷ কেবিনেটৰ সিদ্ধান্তক তাৎক্ষণিকভাৱে কার্যকৰী কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে লোৱা এই পদক্ষেপক ৰাজ্যবাসীয়ে আদৰণি জনাইছে৷

You might also like